স্বদেশলৈ ওভতাৰ পথ পোৱা নাই অসমৰ শিক্ষার্থীয়ে
- নিশা হ’লে কঁপাই তোলে বোমা–বাৰুদৰ শব্দই, ঘনে ঘনে বাজে ছাইৰেন
- মাইনাছ ৬–৭ ডিগ্রী চেলছিয়াছত হিটাৰ অবিহনে বাংকাৰত উজাগৰী নিশা
- ক্রমাৎ তীব্র হৈছে খাদ্য সংকট
- আতংকময় পৰিৱেশত যুদ্ধবিধ্বস্ত দেশত দিন কটাইছে নীলম কলিতা–ছাহিল আনোৱাৰ–আব্দুল ৰছিদ–ইনজামুল হক চৌধুৰী–ইয়াছিয়া আল মোবাৰক–জাকাৰিয়া হুছেইনে
নিয়মীয়া বাৰ্তা, ১ মাৰ্চঃ উচ্চ শিক্ষা গ্রহণৰ উদ্দেশ্যে গৈ ইউক্রেইনত আবদ্ধ হৈ পৰা ৰাজ্যৰ শিক্ষার্থীসকলে পাৰ কৰিবলগীয়া হৈছে দুর্যোগপূর্ণ সময়৷ ৰাছিয়াই দেশখনৰ ওপৰত আক্রমণ চলোৱাৰ পাছৰে পৰা সৃষ্টি হোৱা ভয়াৱহ পৰিস্থিতিৰ মাজত থাকি একপ্রকাৰ দিক্বিদিক হেৰুৱাই পেলাইছে ৰাজ্যৰ মেধাৱী শিক্ষার্থীসকলে৷ ৰাছিয়ান বাহিনীৰ বোমা–বাৰুদৰ মাজতে কোনোমতে প্রাণৰক্ষা কৰি থকা শিক্ষার্থীসকলে ভাৰতে উদ্ধাৰ কৰালৈকে বাট চোৱাৰ বাহিৰে যেন তেওঁলোকৰ বাবে নাই কোনো পথ৷ যুদ্ধবিধ্বস্ত ইউক্রেইনৰ ছুমী চহৰত আতংকময় পৰিৱেশৰ মাজত আবদ্ধ হৈ আছে অসমৰ ৬গৰাকী শিক্ষার্থী৷ দেৰগাঁৱৰ নীলম কলিতা নামৰ শিক্ষার্থীজনে ‘নিয়মীয়া বার্তা’ৰে হোৱা টেলিফোনিক বার্তালাপত যুদ্ধবিধ্বস্ত অঞ্চলটোৰ শিহৰণকাৰী বর্ণনা আগবঢ়াইছে৷ বিশেষকৈ অতি ঠাণ্ডাৰ মাজত বাংকাৰত কেনেদৰে নিশা কটাবলগীয়া হৈছে, তাৰ বর্ণনা আগবঢ়াই কলিতাই প্রকাশ কৰা অনুসৰি নিশা হ’লেই ছুমীৰ পৰিৱেশ অৱনতি ঘটিবলৈ আৰম্ভ কৰে৷ নিশা গভীৰ হোৱাৰ লগে লগে বৃদ্ধি পায় ৰাছিয়ান বাহিনীৰ বোমাবর্ষণ৷ ঘনে ঘনে বাজি উঠে ছাইৰেন আৰু ছাইৰেনৰ শব্দ হোৱাৰ লগে লগে তেওঁলোকে আশ্রয় ল’বলগীয়া হয় এপার্টমেণ্টৰ তলত নির্মাণ কৰা বাংকাৰত৷ দেৰগাঁৱৰ নীলম কলিতাৰ সৈতে আছে অসমৰ আন পাঁচগৰাকী শিক্ষার্থী৷ তেওঁলোক হৈছে নগৰবেৰাৰ ছাহিল আনোৱাৰ, জোনাইৰ আব্দুল ৰছিদ, মৰিগাঁৱৰ ইনজামুল হক চৌধুৰী, হোজাইৰ ইয়াছিয়া আল মুবাৰক আৰু নগৰবেৰাৰ জাকাৰিয়া হুছেইন৷
আটাইকেইজন শিক্ষার্থী সম্প্রতি একেলগে এটা এপার্টমেণ্টতে আছে বুলি উল্লেখ কৰি নীলম কলিতাই কয়–‘আমাক বিশ্ববিদ্যালয়ৰ হোষ্টেলত আশ্রয় ল’বলৈ সংশ্লিষ্ট কর্তৃপক্ষই আহ্বান জনাইছিল৷ কিন্তু ছুমীৰ পৰিৱেশ দিনকদিনে বেয়াৰ ফাললৈহে ঢ়াল খাইছে৷ ঘৰৰ পৰা বাহিৰ ওলোৱাটো এতিয়া আৰু নিৰাপদ হৈ থকা নাই৷ আমাৰ হোষ্টেল এপার্টমেণ্টৰ পৰা ৫ কিলোমিটাৰ দূৰত অৱস্থিত৷ সেয়েহে হোষ্টেললৈ যোৱাৰ পৰিৱর্তে আমি এপার্টমেণ্টটোতেই আছোঁ৷ ছাইৰেন বাজিলেই আমি ততাতৈয়াকৈ কোঠাৰ পৰা ওলাই গৈ বাংকাৰত আশ্রয় লওঁ৷ ৰাছিয়ান বাহিনীৰ গাড়ী পাৰ হৈ গ’লে কম সময়ৰ বাবে আৰু মিহিকৈ ছাইৰেন বাজে৷ আনহাতে, বিমানেৰে আক্রমণ চলিলে ছাইৰেন দীঘলীয়াকৈ আৰু খুব জোৰে বজোৱা হয়৷ লগে লগে এপার্টমেণ্টটোত থকা সকলো লোক গৈ উপস্থিত হয় বাংকাৰত৷ এই অঞ্চলটোৰ অধিকাংশ লোকেই ইতিমধ্যে যুদ্ধৰ পূর্বে সুৰক্ষিত স্থানত আশ্রয় লৈছে৷ অতি কমসংখ্যক লোকহে এতিয়াও আবদ্ধ হৈ আছে৷ বাংকাৰত নিশা কটোৱাটো আমাৰ বাবে অত্যন্ত কষ্টকৰ৷ কিয়নো ইউক্রেইনত এতিয়া যথেষ্ট ঠাণ্ডা৷ দিনৰ ভাগত ইয়াৰ উষ্ণতা মাইনাছ ১ ডিগ্রী চেলছিয়াচ৷ নিশা এই তাপমাত্রা মাইনাছ ৬ অথবা মাইনাছ ৭ ডিগ্রীলৈ হ্রাস পায়৷ বাংকাৰসমূহত কোনোধৰণৰ হিটাৰৰ ব্যৱস্থা নাই৷ সেয়েহে নিশা অতি ঠাণ্ডাৰ মাজেৰে কটাবলগীয়া হয়৷’
ইপিনে, ছুমীত লাহে লাহে খাদ্যৰ অভাৱো ঘটিছে বুলি উল্লেখ কৰি তেওঁ কয় যে বর্তমান ছুপাৰ মার্কেট আৰু ফার্মাচীসমূহহে খোলা আছে৷ ছুপাৰ মার্কেটতো থকা খাদ্য–সামগ্রীৰ পৰিমাণ একেবাৰেই কম৷ বিয়লি চাৰি বজাৰ পৰা পুৱা ৮ বজালৈ সান্ধ্য আইন বলৱৎ হৈ থাকে৷ সেয়েহে দিনৰ ভাগতে গৈ এই ছুপাৰ মার্কেটসমূহৰ পৰা তেওঁলোকে যি পায়, তাকেই ক্রয় কৰি আনে৷ সম্প্রতি ফলমূল, বিস্কুট আদিহে এই ছুপাৰ মার্কেটসমূহত উপলব্ধ৷ এপার্টমেণ্টত খোৱাপানীৰো সমস্যা হৈছে৷ চৰকাৰীভাৱে যোগান ধৰা পানী বন্ধ কৰি দিয়াৰ বাবে ‘ৰানিং ৱাটাৰ’ খোৱাৰ বাবেও ব্যৱহাৰ কৰিবলগীয়া হৈছে৷ সম্প্রতি ছুমীৰ লগতে খাৰাকিফ অঞ্চলত পৰিস্থিতি অৱনতি ঘটাৰ কথা উল্লেখ কৰি শিক্ষার্থীগৰাকীয়ে এই বুলিও কয়– ‘ইউক্রেইনৰ পশ্চিম প্রান্তৰ ফালে পৰিৱেশ এতিয়াও কিছু পৰিমাণে সুস্থিৰ৷ কিন্তু পূব প্রান্তৰ ছুমী আৰু খাৰাকিফত যুদ্ধৰ সর্বাধিক প্রভাৱ পৰিছে৷ ইয়াৰ ৰাস্তা–ঘাট সম্পূর্ণৰূপে বিধ্বস্ত হৈ পৰাৰ ফলত যোগাযোগ ব্যৱস্থা একেবাৰেই বিচ্ছিন্ন হৈ পৰিছে৷ আমি থকা অঞ্চলটোৰ পৰা পোলেণ্ড সীমান্তলৈ ১৩শ কিলোমিটাৰতকৈও অধিক৷ যাৰ বাবে হাংগেৰী, ৰোমানিয়া, শ্ল’ভাকিয়া, পোলেণ্ড আদি চুবুৰীয়া ৰাষ্ট্রলৈ আমি থকা ঠাইৰ পৰা যোৱাটো যথেষ্ট অসুবিধা৷ ভাৰতীয় দূতাবাসে আমাক বিশেষ ব্যৱস্থা কৰি উদ্ধাৰ নকৰিলে আমি নিজাববীয়াকৈ চুবুৰীয়া ৰাষ্ট্রকেইখনৰ সীমান্তলৈ যোৱাটো যথেষ্ট কষ্টদায়ক৷ আমি থকা অঞ্চলটোৰ পৰা একেবাৰে সমীপতে আছে ৰাছিয়াৰ সীমান্ত৷ মাত্র এঘণ্টাৰ দূৰত্বত এই ৰাছিয়ান সীমান্ত অৱস্থিত৷ ৰাছিয়াৰ সীমান্ত ভাৰতীয় লোকসকলৰ বাবে খোলাৰ ব্যৱস্থা কৰিলে আমি সুকলমে ঘৰলৈ যাব পাৰিলোঁহেঁতেন৷’
অৱশ্যে দূতাবাসৰ ফালৰ পৰা তেওঁলোকক যোগাযোগ কৰি থকা হৈছে বুলি উল্লেখ কৰি নীলম কলিতাই কয় যে কিবাকৈ জীয়াই থকাটোৱেই এতিয়া তেওঁলোকৰ বাবে একমাত্র লক্ষ্য হৈ পৰিছে৷ তেওঁলোক সম্পূর্ণৰূপে উপায়হীন হোৱা সত্ত্বেও সোনকালেই উদ্ধাৰ কৰা হ’ব বুলি আশাবাদী হৈ আছে৷ ৰাজ্যৰ লগতে কেন্দ্রীয় চৰকাৰক এই অঞ্চলটোত আবদ্ধ হৈ থকা শিক্ষার্থীসকলক উদ্ধাৰ কৰিবলৈ আহ্বান জনাইছে ছুমীত আবদ্ধ হৈ থকা এই শিক্ষার্থীকেইজনে৷ বিশেষকৈ এই আতংকময় পৰিৱেশৰ মাজত বন্দী হৈ থকা শিক্ষার্থীসকল হতাশ হৈ পৰিছে বুলি উল্লেখ কৰি তেওঁ কয়–‘বিশেষকৈ ছোৱালীসকল একপ্রকাৰ ভাগি পৰিছে৷ মই যোৱা ২৫ ফেব্রুৱাৰীত ঘৰলৈ ওভতি যোৱাৰ বাবে টিকট কাটিছিলোঁ৷ কিন্তু বিমানবন্দৰসমূহ বন্ধ হৈ পৰাত মই বন্দী হৈ পৰিলোঁ৷’ উল্লেখ্য যে আজি আন চাৰিজন শিক্ষার্থী আহি গুৱাহাটীত উপস্থিত হৈছে৷ কালি তেওঁলোকে বিশেষ বিমানযোগে আহি দিল্লীত নিশা কটাই আজি গুৱাহাটীলৈ উভতি আহিছে৷ গুৱাহাটীত উপস্থিত হোৱাৰ পাছতে তেওঁলোকে যথেষ্ট সকাহ অনুভৱ কৰিছে বুলি মন্তব্য কৰে৷ আনহাতে, আন চাৰিগৰাকী শিক্ষার্থী আজি বিশেষ বিমানযোগে ভাৰতলৈ ৰাওনা হ’ব৷ আন ভাৰতীয় লোকসকলৰ সৈতে বুডাপেষ্টৰ পৰা ভাৰতলৈ ঘূৰি আহিব ইউক্রেইনত অধ্যয়নৰত অসমৰ শিক্ষার্থী ক্রমে ফার্মি নাছৰিন চুলতানা, কৰীণা বৰা, অলিভিয়া ৰাজমেধি আৰু বাস্তৱিকা দাস৷ নিশাৰ ভাগত তেওঁলোকে ভাৰত অভিমুখে ৰাওনা হ’ব৷ আনহাতে, ইউক্রেইনৰ ভিন্ন প্রান্তত আবদ্ধ হৈ পৰা অসমৰ বহু শিক্ষার্থী খাদ্য সংকটত ভুগিছে বুলিও জানিব পৰা গৈছে৷ পৰিয়ালৰ সৈতে হোৱা টেলিফোনিক বার্তালাপৰ সময়তে শিক্ষার্থীসকলে এই কথা সদৰী কৰিছে৷