নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহিলাসকল পৰস্পৰৰ প্ৰতি সমমৰ্মী ভাবেৰে আগবাঢ়ক

নিয়মীয়া বাৰ্তা, ৮ মাৰ্চ: মহিলাসকলক পৰস্পৰৰ প্ৰতি সমমৰ্মিতা প্ৰদৰ্শন কৰি এজনে আনজনৰ সহযোগীৰ ভাবেৰে সকলো প্ৰত্যাহ্বানৰ মুখামুখি হৈ আগবাঢ়ি যাবলৈ আহ্বান জনাইছে বৰপেটা জিলাৰ তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই। আজি পাকাবেতবাৰীত মহিলা আত্মসহায়ক গোটৰ দ্বাৰা আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষ্যে আয়োজিত এটি অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি তেওঁ কয় যে, বহু ক্ষেত্ৰত নাৰীয়েই নাৰীৰ বৈৰী হৈ পৰাৰ ধাৰণাটো সলনি কৰাৰ সময় আহি পৰিছে। সেয়ে হিংসা, দ্বেষ বা ঈষাৰে নহয়, স্নেহ আৰু সমমৰ্মিতাৰে প্ৰতিগৰাকী নাৰী পৰস্পৰৰ পৰিপূৰক হলেহে নাৰী দিৱসৰ উদ্দেশ্য সাৰ্থক হ’ব বুলি তেওঁ মন্তব্য কৰে। সমাজৰ পৰা বাল্য বিবাহ আৰু যৌতুক জনিত সমস্যা আতৰ কৰিবলৈ মহিলা সকলক সংঘবদ্ধ হ’বলৈ তেওঁ আহ্বান জনায়। তেওঁ মহিলাৰ শ্ৰমৰ সঠিক মূল্যায়ন নোহোৱা বুলি খেদ প্ৰকাশ কৰি কয় যে, এখন সমাজ বা এটি পৰিয়াল পাৰস্পৰিক প্ৰেম আৰু বিশ্বাসৰ ভেটিতহে সুন্দৰ আৰু সবল হ’ব পাৰে, সংঘাটেৰে নহয়। পাকাবেতবাৰীৰ উৰ্মিমালা আদৰ্শ মণ্ডল সংগঠনৰ অন্তৰ্গত আত্মসহায়ক গোটৰ মহিলা সকলে স্থাপন কৰা এটি পুথিভৰালো তেওঁ আজি আনুষ্ঠানিকভাৱে উদ্ধোধন কৰে। এই উপলক্ষে কাৰ্যালয় চৌহদতে আয়োজিত সজাগতামূলক সভাখনত দিয়া ভাষণত অসম গ্ৰামীণ জীৱিকা অভিযানৰ জিলা প্ৰৱন্ধক সুমিত প্ৰসাদ দাসে আত্মসহায়ক গোটৰ মহিলা সকলক তেওঁলোকৰ অৰ্থনৈতিক উন্নয়নৰ বাবে কাম কৰাৰ লগতে সমাজৰ পৰা অসুয়া-অপ্ৰীতি দূৰ কৰাৰ বাবেও প্ৰয়াস চলাবলৈ আহ্বান জনায়। সভাত উৰ্মিমালা মণ্ডল সংগঠনৰ সভানেত্ৰী হামিদা বেগম আৰু জীৱিকা-সখী জাহুৰা খাটুন আৰু বালাৰভিটাৰ জোতা-চেন্দেলৰ উদ্যোগ স্থাপন কৰি স্বাৱলম্বী হোৱা চাহাৰুণ বেগমে তেওঁলোকৰ অভিজ্ঞতা আৰু অনুভৱৰ বিষয়ে চমু বক্তব্য দাঙি ধৰে। সভাত কেবাগৰাকীও মহিলাই কবিতা পাঠ আৰু গীত পৰিবেশন কৰে। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি সুষম আহাৰৰ এটি প্ৰদৰ্শনীৰো আয়োজন কৰা হয়।

প্ৰেৰক আফতাব হুছেইন

You might also like