নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আন্তৰ্জাতিক নাৰী দিৱসৰ দিনটোতে কাজলগাঁৱত মহিলা কৰ্মচাৰীৰ প্ৰতিবাদী সমদল

 নিয়মীয়া বাৰ্তা, ৮ মাৰ্চ: চিৰাং জিলাৰ সদৰ মহকুমাৰ লগতে জিলাৰ বিভিন্ন স্থানত আজি জিলা প্ৰশাসন,বেচৰকাৰী স্বেচ্ছাসেৱী অনুষ্ঠান,ৰাজনৈতিক দলৰ মহিলা গোটৰ উপৰি বিভিন্ন দল-সংগঠনৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা হয়। আজিৰ এই আন্তৰ্জাতিক নাৰী দিৱসৰ দিনাই একাংশ মহিলা কৰ্মচাৰীয়ে তেওঁলোকৰ প্ৰাপ্য মজুৰি আৰু দৰমহা সুনিশ্চিত কৰাৰ দাবীত জিলা সদৰত এক প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰে। জিলা অঙ্গনাবাদী কৰ্মী-সহায়িকা সন্থা আৰু মধ্যাহ্ন ভোজন কৰ্মচাৰী সন্থাৰ উদ্যোগত তথা চিটুৰ সহযোগত কাজলগাঁৱৰ ৰাজপথত উলিওৱা সমদলত সহস্ৰাধিক মহিলাই অংশগ্ৰহণ কৰাৰ লগতে বিভিন্ন দাবী পূৰণৰ অৰ্থে বিভিন্ন শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে। প্ৰতিবাদী সমদলৰ অন্তত আঁচনিভূক্ত মহিলা কৰ্মচাৰী সকলক মাননিৰ পৰিৱৰ্তে মজুৰি আদায় দিয়া, কৰ্মস্থলীত  মহিলা শ্ৰমিকৰ  সুৰক্ষা সুনিশ্চিত কৰা, ৮ মাৰ্চত মহিলা শ্ৰমিকৰ বাবে বিশেষ ছুটিৰ ব্যৱস্থা কৰা আদি বিভিন্ন দাবী পূৰণৰ অৰ্থে জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰা হয় বুলি প্ৰতিবাদী সমদলৰ নেতৃত্ব বহন কৰা জিলা সমিতিৰ বিষয়ববীয়া সকলে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে।।

প্ৰেৰক বিপুল কুমাৰ দাস

You might also like