নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খেলো ইণ্ডিয়াৰ অন্তিম দিনা অসমে জিনিলে কেইবাটাও পদক

নিয়মীয়া বাৰ্তা, ২২ জানুৱাৰীঃ খেলো ইণ্ডিয়াৰ অন্তিম দিনাও অসমৰ অগ্ৰগতি অব্যাহত। বক্সিঙকে ধৰি সাঁতোৰৰ বিভিন্ন শাখাত অসমে আঁজুৰিলে কেইবাটাও পদক। বক্সিঙত ২১ বছৰ অনুৰ্ধ্বৰ ৬৪ কেজি শাখাত সোণৰ পদক জিনিলে অংকুশিতা বড়োৱে। আনহাতে বক্সিঙৰ আন এক শাখাত ৰূপৰ পদক জিনিলে অসম কন্যা প্ৰিয়ংকা বৰাই। ১০০ মিটাৰ সাঁতোৰৰ (বাটাৰফ্লাই) শাখাত অনুভুতি বৰুৱাই লাভ কৰিলে ৰূপৰ পদক। ২১ বছৰ অনুৰ্ধ্বৰ সাঁতোৰৰ (বেষ্ট ষ্ট’ক) শাখাত ৰেইনিতা গগৈয়ে লাভ কৰিলে ব্ৰঞ্জৰ পদক। 

ৰেইনিতা গগৈ

 

প্ৰিয়ংকা বৰা

You might also like