ডিজিটেল ডেস্ক, ৪ জুন : প্রচণ্ড গ্রীষ্মপ্রৱাহৰ কবলত পৰিছে সমগ্র উত্তৰ ভাৰত৷ উত্তৰ প্রদেশতো গ্রীষ্মই দহিছে সাধাৰণ জনতাক৷ মাত্র ৫ দিনতেই ৮,০৫৬গৰাকী লোকৰ মৃত্যু ঘটিছে গ্রীষ্মপ্রৱাহত৷ শুনিলেই বুকু কঁপি উঠে৷ এনে পৰিস্থিতিত বিশেষজ্ঞসকলে উত্তৰ প্রদেশৰ এই অৱস্থাক লৈ উদ্বেগ প্রকাশ কৰিছে৷ এনে ক্ষেত্রত তেওঁলোকৰ সন্মুখত ভাহি উঠিছে ২০২৪ চনৰ গ্রীষ্মপ্রৱাহৰ পৰিসংখ্যা৷ সেই বছৰ তাপমাত্রাই সকলো ৰেকর্ড ভংগ কৰিছিল৷
অৱশ্যে কেৱল উত্তৰ প্রদেশতে নহয়, সমগ্র বিশ্বতে একে গ্রীষ্মপ্রৱাহ বুলি ক’ব পাৰি৷ একেদৰেই আশংকা ঘনীভূত হৈ পৰিছে বিহাৰ, মধ্যপ্রদেশ আৰু ৰাজস্থানতো৷ বিহাৰত ৩,৬১৫গৰাকী লোকৰ মৃত্যু হৈছে বুলি জনায় বিশেষজ্ঞসকলে৷ একেদৰে বাকী দুখন ৰাজ্যতো মৃত্যুমুখত পৰে যথাক্রমে ২,৯৬৪ আৰু ২৬৬৪গৰাকী লোক৷ এনেবোৰ ক্ষেত্রত ৰাজ্যসমূহৰ গ্রীষ্মপ্রৱাহত হোৱা মৃত্যু, জনসংখ্যাৰ ঘনত্ব ইত্যাদিৰ প্রতি নজৰ ৰখা হৈছে৷
বিশেষজ্ঞসকলে লগতে দাবী কৰে যে সমগ্র দেশত দীঘলীয়াকৈ গ্রীষ্মপ্রৱাহ চলি থাকিলে ৩০ হাজাৰ লোক মৃত্যুমুখত পৰিব পাৰে৷ ইয়াৰ ভিতৰত কেৱল উত্তৰ প্রদেশতে মৃত্যুমুখত পৰিব পাৰে ৮,০০০ লোক৷ বিশেষজ্ঞসকলে উল্লেখ কৰা মতে, এই পৰিসংখ্যাসমূহ কেৱল প্রাথমিক অনুমানহে মাত্র৷ ইয়াৰ কাৰণ হ’ল এই সমীক্ষাটো চহৰসমূহৰ তথ্যৰ ওপৰত ভিত্তি কৰি কৰা হৈছে৷ কিন্তু উত্তৰ প্রদেশত বিশাল জনসংখ্যাৰ লোকে গাঁও অঞ্চলত বাস কৰে৷ গাঁও এলেকাৰ মানুহে প্রখৰ ৰ’দত ঘণ্টাৰ পিছত ঘণ্টা ধৰি কাম কৰে৷ এনে তাপৰ পৰা নিজকে ৰক্ষা কৰাৰ উপায় তেওঁলোকৰ ওচৰত কম থাকে৷ সেইবাবে গাঁৱৰ পৰিস্থিতি আৰু অধিক ভয়াৱহ হ’ব পাৰে৷