বিশ্বকাপৰ আটাইতকৈ মূল্যৱান দল এমবাপেৰ ফ্রান্স
ডিজিটেল ডেস্ক, ৪ জুন : ব্যক্তিগত মূল্যৰ ক্ষেত্রত আর্জেণ্টিনাৰ ছুপাৰ ষ্টাৰ লিঅ’নেল মেছি আৰু পর্তুগালৰ কিংবদন্তি খেলুৱৈ ক্রিষ্টিয়ানো ৰ’নাল্ডো আগবাঢ়ি আছে যদিও সকলো ফুটবলাৰৰ মুঠ মূল্যৰ ক্ষেত্রত ৪৭খন দেশক অতিক্রম কৰিছে ফ্রান্সে৷ এই তালিকাৰ দ্বিতীয় আৰু তৃতীয় স্থানত আছে ইংলেণ্ড আৰু স্পেইন৷
সংবাদ মাধ্যমত প্রকাশিত এক বাতৰি অনুসৰি, এমবাপেৰ ফ্রান্স দলটোৰ মুঠ মূল্য ১৩২ মিলিয়ন পাউণ্ড৷ যিটো ভাৰতীয় মুদ্রাত প্রায় ১৬,৯৫৫ কোটি৷ ফ্রান্সৰ আটাইতকৈ মূল্যৱান ফুটবলাৰ এমবাপেৰ মূল্য ১৭৩ মিলিয়ন পাউণ্ড অর্থাৎ ২২২০ কোটি৷ এই তালিকাৰ দ্বিতীয় স্থানত থকা হেৰী কেনৰ বিশ্বকাপ দলটোৰ মূল্য হ’ল ১১৩ মিলিয়ন পাউণ্ড অর্থাৎ প্রায় ১৪,৫১২ কোটি টকা৷ ইংলেণ্ডৰ আটাইতকৈ মূল্যৱান ফুটবলাৰ জুড বেলিংহামৰ মূল্য প্রায় ১২.২ মিলিয়ন পাউণ্ড অর্থাৎ ১,৫৫৪ কোটি৷
বিশ্বকাপৰ আটাইতকৈ মূল্যৱান দলৰ তালিকাত শীর্ষ ৫ত স্থান লাভ কৰিছে স্পেইন, পর্তুগাল আৰু জার্মানীয়ে৷ এই দলকেইটাৰ মুঠ মূল্য ক্রমে প্রায় ১৪ হাজাৰ কোটি টকা, ১১,৩০০ কোটি টকা আৰু ১১,৭৮০ কোটি টকা৷ ষষ্ঠ স্থানত আছে ব্রাজিল৷ পাঁচবাৰৰ বিশ্ব চেম্পিয়ন দলটোৰ এইবাৰৰ মূল্য প্রায় ১০,১২৪ কোটি টকা৷
আনহাতে, ডিফেণ্ডিং চেম্পিয়ন আর্জেণ্টিনা অষ্টম স্থানত আছে৷ মেছিৰ দলটোৰ মূল্য প্রায় ৯,৯০০ কোটি টকা৷ সপ্তম স্থানত থকা নেদাৰলেণ্ডছ দলটোৰ মূল্য প্রায় ৯,৩০০ কোটি টকা৷ নৱম স্থানত থকা নৰৱে দলটোৰ মূল্য প্রায় ৬,৬৭২ কোটি টকা আৰু দশম স্থানত থকা বেলজিয়াম দলটোৰ মুঠ মূল্য প্রায় ৬,২৭০ কোটি টকা৷