মাজুলীত ‘নগাভূমিৰ পৰা স্বভূমিলৈ’ গ্ৰন্থ উন্মোচন
নিয়মীয়া বাৰ্তা, ১৩ মাৰ্চঃ মাজুলীৰ শৈক্ষিক, সামাজিক, সাংস্কৃতিক আৰু সাহিত্য ক্ষেত্ৰৰ অগ্ৰণী যুৱক কুশদীপ হাটীমতাৰ গ্ৰন্থ ‘নগাভূমিৰ পৰা স্বভূমিলৈ’ আজি এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত শুভ উন্মোচন কৰা হয়। পুৰণা চামগুৰি সত্ৰৰ স্বগৃহত আয়োজন কৰা গ্ৰন্থ উন্মোচনী অনুষ্ঠান বন্তি প্ৰজ্বলেনেৰে শুভাৰম্ভ কৰে শ্ৰীশ্ৰী প্ৰাচীন চামগুৰি সত্ৰৰ নামলগোৱা,অৱসৰপ্ৰাপ্ত শিক্ষক নগেন্দ্ৰ নাথ হাজৰিকাই। অনুষ্ঠানত অংশগ্ৰহণ কৰা মাজুলীৰ সকলো সাংবাদিক ,বিশিষ্ট ব্যক্তি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিষয়ববীয়া, বয়োজ্যেষ্ঠ ব্যক্তি আদিক গ্ৰন্থৰ লেখক আৰু তেখেত সকলৰ পৰিয়ালৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। মাজুলী জিলা আপকুৰ সভাপতি, সম্পাদক ক্ৰমে জ্যোতিষ কুমাৰ তামুলী আৰু ভাস্কৰ বৰা, মাজুলী জিলা সাংবাদিক সন্থাৰ সম্পাদক দীপু বৰা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ আমন্ত্ৰিত উপদেষ্টা যুগল হাজৰিকা, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহ অলিন হাজৰিকা, জিলাৰ সভাপতি,সম্পাদক ক্ৰমে মুনীন্দ্ৰ ভূঞা আৰু পবিত্ৰ বৰা,সাংবাদিক যদুমণি বৰা, ৰিদীপ বৰা, পুণ্য শইকীয়া, ৰাজীৱ বৰা,সঞ্জিত অসম বৰা আদিৰ লগতে বিশিষ্ট আৰু বয়োজ্যেষ্ঠ আৰু মাজুলীৰ সমাজ জীৱনৰ লগত জড়িত ব্যক্তি দুৰ্গেশ্বৰ বৰুৱা, যজ্ঞোৰাম হাটীমতা, মোহন বৰুৱা, লুহিত বৰা,ভৰত শইকীয়া, লুহিত শইকীয়া, ডিম্বেশ্বৰ ভূঞা, নৃপেন কলিতা, মধুস্মিতা বৰা, চিত্ৰশিল্পী নিৰঞ্জন বৰা, ‘পাহি-পৰী প্ৰকাশন’ গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত হাজৰিকা আৰু কৃষ্ণা মেধি, সমাজকৰ্মী জয়ন্ত বৰা আদিক সম্বৰ্ধনা জনোৱা হয়। ইয়াতে মাজুলীৰ বিশিষ্ট প্ৰকাশন গোষ্ঠী পাহি-পৰী প্ৰকাশে কৃতী শিক্ষক গুণ হাটীমতাক দিল্লী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী সাংবাদিকতা ডিপ্লমা’ গ্ৰহণ কৰা মাজুলীৰ প্ৰথমজন ব্যক্তি হিচাপে স্বীকৃতি প্ৰদান কৰি এখন চেলেং চাদৰ আৰু প্ৰশস্তি পত্ৰৰে সম্বৰ্ধনা প্ৰদান কৰে | কবি জয়ন্ত হাজৰিকাই আঁতধৰা অনুষ্ঠানটিত গ্ৰন্থখন উন্মোচন কৰে শ্ৰীশ্ৰী নতুন কমলাবাৰী সত্ৰৰ বুঢ়াভকত তথা মাজুলী জিলা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি, মাজুলী জিলা ভাওনা সন্মিলনৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰভাত বৰা বুঢ়াভকতে | উন্মোচনী ভাষণত গ্ৰন্থখনৰ বিষয়বস্তু তথা মুখ্য চৰিত্ৰৰ আৰু গ্ৰন্থৰ লেখকক ভুয়সী প্ৰশংসা কৰে। গ্ৰন্থখনত মাজুলীৰ এজন বিদ্যানুৰাগী ব্যক্তিৰ যিজনে ১৯৭৪ চনতে বহিঃৰাজ্য নাগালেণ্ডত শিক্ষকতাৰ পাতনি মেলিছিল। ১৯৭৭ চনতে দিল্লী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী সাংবাদিকতাৰ ডিপ্লমা গ্ৰহণ কৰা মাজুলীৰ প্ৰথম আৰু আজিপৰ্যন্ত একমাত্ৰ ব্যক্তি গুণ হাটীমতা। ‘ৱান ষ্টেট এণ্ড এ কন্সপিৰেচি’, ‘মীনালীম’ আৰু ‘জোনাই’ এই তিনিখন গ্ৰন্থৰ স্বষ্ট্ৰা, ছয়টাকৈ ভাষা ক্ৰমে অসমীয়া, ইংৰাজী, হিন্দী, বাংলা, নাগামিজ আৰু আৰৱী এইকেইটা ভাষাত দখল থকা সু-শিক্ষক গুণ হাটীমতাৰ শৈক্ষিক জীৱনভিত্তিক গ্ৰন্থ লিখি উলিয়াইছে তেখেতৰ পুত্ৰ, যুৱ লেখক কুশদীপ হাটীমতাই। ‘পাহি-পৰী প্ৰকাশনে’ প্ৰকাশ কৰি উলিওৱা গ্ৰন্থখনৰ পাতে-পাতে নগাভূমিৰ আৰ্থ-সামাজিক ক্ষেত্ৰৰ পৰা ধৰি মাজুলীত অসম আন্দোলনৰ প্ৰভাৱ, মাজুলীৰ সেই সময়ৰ ৰাজনৈতিক পৰিৱেশৰ পৰা ধৰি বহুতো বিষয় সামৰি লৈছে। গ্ৰন্থ উন্মোচনী সভাখনিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় উপদেষ্টা যুগল হাজৰিকাদেৱে শিক্ষক গুণ হাটীমতাৰ আদৰ্শৰ প্ৰাসংগিকতা সন্দৰ্ভত বিশদ বৰ্ণনা আগবঢ়ায় |
গাম্ভীৰ্যপূৰ্ণ এই অনুষ্ঠানটি বিয়লি ভাগত সামৰণি পেলোৱা হয় |
প্ৰেৰক ৰূপজ্যোতি বৰা