ডিজিটেল ডেস্ক, ৫ জুন : মন্ত্রীসভাৰ সম্প্রসাৰণক লৈ চলি থকা উৎকণ্ঠাৰ অৱসান ঘটাই মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে ঘোষণা কৰিলে শপতগ্রহণ কৰিব লগা সম্ভাব্য মন্ত্রীসকলৰ নাম৷ পূর্বে কৰা ঘোষণা অনুসৰিয়ে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ মন্ত্রীসভাত স্থান পালে কেইবাখনো নতুন মুখে৷ শুকুৰবাৰে এক্স হেণ্ডেলযোগে মুখ্যমন্ত্রীয়ে প্রকাশ কৰা তালিকা অনুসৰি আজি শপতগ্রহণ কৰিব অশ্বিনী কুমাৰ সৰকাৰ, অশোক সিংহল, বিমল বড়া, বিশ্বজিৎ দৈমাৰী, জয়ন্ত মল্ল বৰুৱা, কৌশিক ৰায়, কেশৱ মহন্ত, কৃষ্ণেন্দু পাল, নীলিমা দেৱী, পীয়ূষ হাজৰিকা, ডাঃ ৰণোজ পেগু আৰু সুশান্ত বৰগোহাঁয়ে৷
আজি দুপৰীয়া ১২.৪৫ বজাত খানাপাৰাস্থিত জ্যোতি–বিষ্ণু আন্তর্জাতিক কলাকেন্দ্রত ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই নতুন মন্ত্রীসকলক শপতবাক্য পাঠ কৰাব৷ উল্লেখ্য যে এইবাৰ মন্ত্রীসভাত নতুন মুখ ৰূপে স্থান লাভ কৰিলে গোলকগঞ্জ সমষ্টিৰ বিধায়ক অশ্বিনী কুমাৰ সৰকাৰ, মঙলদৈৰ বিধায়িকা নীলিমা দেৱী, ডিমৌ সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁই আৰু তামুলপুৰৰ বিধায়ক বিশ্বজিৎ দৈমাৰীয়ে৷ ইয়াৰ পূর্বে যোৱা ১২ মে’ত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ সৈতে মন্ত্রী ৰূপে শপতগ্রহণ কৰিছিল ৰামেশ্বৰ তেলী, চৰণ বড়ো, অজন্তা নেওগ আৰু অতুল বৰাই৷ প্রথম সম্প্রসাৰণৰ ৰামেশ্বৰ তেলীয়ে নতুন মুখ ৰূপে মন্ত্রীসভাত অন্তর্ভুক্ত হৈছিল৷
ইফালে মুখ্যমন্ত্রী ড০ শর্মাৰ প্রথমটো কার্যকালত মন্ত্রী হিচাপে থকা অশোক সিংহল, বিমল বড়া, জয়ন্ত মল্ল বৰুৱা, কৌশিক ৰায়, কেশৱ মহন্ত, পীয়ূষ হাজৰিকা, কৃষ্ণেন্দু পাল আৰু ৰণোজ পেগুৱে স্থান লাভ কৰাৰ বিপৰীতে এইবাৰ মন্ত্রিত্ব লাভ নকৰিলে পূর্বৰ মন্ত্রী চন্দ্রমোহন পাটোৱাৰী, ৰূপেশ গোৱালা আৰু প্রশান্ত ফুকনে৷
আনহাতে, মুখ্যমন্ত্রী ড০ শর্মাৰ প্রথমটো কার্যকালত মন্ত্রী হিচাপে থকা ৰঞ্জিত কুমাৰ দাসক ইতিমধ্যে বিধানসভাৰ অধ্যক্ষৰ দায়িত্ব প্রদান কৰা হৈছে৷ আনহাতে টিকটবঞ্চিত হৈ বিজেপি ত্যাগ কৰি কংগ্রেছত যোগদান কৰিছিল পূর্বৰ মন্ত্রী নন্দিতা গার্লোছাই৷ তদুপৰি পূর্বৰ মন্ত্রী যোগেন মহন ৰাজ্যসভালৈ নির্বাচিত হোৱাৰ লগতে ইউপিপিএলৰ উর্খাও গৌড়া ব্রহ্মই এইবাৰ নির্বাচনত পৰাজিত হোৱাৰ লগতে বিজেপিৰ সৈতে মিত্রতাও ভংগ হৈছে৷
লক্ষণীয় যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ সৈতে চাৰিগৰাকী মন্ত্রীয়ে শপতগ্রহণ কৰাৰ পাছত আজি ১২গৰাকী বিধায়কে শপতগ্রহণ কৰিব৷ ইয়াৰ দ্বাৰা মন্ত্রীসভাত মুখ্যমন্ত্রীকে ধৰি মন্ত্রিত্বৰ ১৭টা পদ পূৰণ হ’ব৷ আজিৰ সম্প্রসাৰণৰ পিছত মুখ্যমন্ত্রী ড০ শর্মাৰ মন্ত্রীসভাত মন্ত্রীৰ আন দুটা পদ খালী হৈ থাকিব৷