ডিজিটেল ডেস্ক, ৫ জুন : ৰন্ধন গেছ, পেট্র’ল–ডিজেলৰ পিছত এইবাৰ বাঢ়িল বিদ্যুতৰ মাচুল৷ ৰাজ্যত দামবৃদ্ধিয়ে সর্বসাধাৰণক জুৰুলা কৰি ৰখাৰ সময়তে চলিত মাহৰ পৰা প্রতি ইউনিটত ১৬ পইচাকৈ সর্বাধিক ২৮ পইচালৈ বিদ্যুৎ মাচুল বৃদ্ধিৰ সিদ্ধান্ত লৈছে অসম শক্তি বিতৰণ কোম্পানী এপিডিচিএলে৷
উল্লেখ্য যে শেহতীয়াকৈ বিদ্যুৎ নিয়ামক আয়োগৰ ওচৰত এপিডিচিএলে অতিৰিক্ত বোজা হ্রাস কৰিবলৈ মাচুল বৃদ্ধিৰ প্রস্তাৱ আগবঢ়াইছিল৷ এই প্রস্তাৱৰ সঁহাৰি জনাই বিদ্যুৎ মাচুল বৃদ্ধিৰ বাবে এপিডিচিএলক দিয়া অনুমোদনৰ পাছতে চলিত মাহৰ পৰাই বিদ্যুৎ মাচুল বৃদ্ধি হ’ব৷ মন কৰিবলগীয়া যে বিদ্যুৎ মাচুল বৃদ্ধি নহ’ব বুলি পূর্বে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ঘোষণা কৰাৰ লগতে এপিডিচিএলক অতিৰিক্ত বোজাৰ পৰা সকাহ দিয়াৰ বাবে ৰাজ্য চৰকাৰে অর্থসাহায্য আগবঢ়াইছিল৷ কিন্তু ৰাজ্য চৰকাৰৰ এনে সাহায্যৰ পাছতো বিদ্যুতৰ উৎপাদন আৰু পৰিবহণৰ অতিৰিক্ত খৰচৰ জোৰা মাৰিবলৈ ফুৱেল এণ্ড পাৱাৰ পার্ছেজ প্রাইচ এডজাষ্টমেণ্ট, চমুকৈ এফপিপিপি–এ আৰোপ কৰি বিদ্যুৎ মাচুল বৃদ্ধিৰ সিদ্ধান্ত লৈছে এপিডিচিএলে৷
বিদ্যুৎ মাচুল বৃদ্ধিৰ বাবে অনুমোদন লাভৰ পাছতো এপিডিচিএলে অহা ১০ মাহৰ প্রতিটো মাহত পৃথকে পৃথকে প্রতি ইউনিটত মাচুল বৃদ্ধিৰ সিদ্ধান্ত লৈছে৷ এই অনুসৰি চলিত মাহৰ বাবে প্রতি ইউনিটত ২১ পইচাকৈ বৃদ্ধি হ’ব৷ আনহাতে, জুলাই মাহৰ বাবে বৃদ্ধি হ’ব প্রতি ইউনিটত ১৮ পইচা, আগষ্ট মাহত প্রতি ইউনিটত ১৬ পইচাকৈ, ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহত ১৭ পইচাকৈ, নৱেম্বৰ মাহত ১৯ পইচাকৈ, ডিচেম্বৰ মাহত ২৪ পইচাকৈ, অহা বর্ষৰ জানুৱাৰী মাহত ২৬ পইচাকৈ, ফেব্রুৱাৰী মাহত ২৫ পইচাকৈ আৰু মার্চ মাহত সর্বাধিক ২৮ পইচাকৈ প্রতি ইউনিটত বৃদ্ধি হ’ব মাচুল৷
উল্লেখ্য যে বিগত বর্ষৰ ২১৫.৩০ কোটি টকাৰ ক্ষতি পূৰাবলৈ এই মাচুল বৃদ্ধি কৰা বুলি সদৰী কৰা এপিডিচিএলে প্রতি ইউনিটত মাচুল বৃদ্ধিৰ এই সিদ্ধান্ত অতি সংগোপনে কিয় ল’ব লগা হ’ল তাক লৈ উঠিছে প্রশ্ণ৷ পূর্বে বিদ্যুতৰ মাচুল বৃদ্ধিৰ ক্ষেত্রত ৰাজহুৱা শুনানি বাধ্যতামূলক আছিল৷ কিন্তু এতিয়া এফপিপিপি–এৰ জৰিয়তে শুনানি অবিহনেও মাচুল বৃদ্ধিৰ ক্ষমতা প্রদান কৰা হৈছে এপিডিচিএলক৷ বিদ্যুতৰ মাচুল বৃদ্ধি নহয় বুলি ইতিপূর্বে ৰাজ্য চৰকাৰে ৰাজ্যবাসীক দি অহা আশ্বাসৰ বিপৰীতে এপিডিচিএলে অহা ১০ মাহৰ বাবে প্রতি ইউনিটত পৃথক পৃথকভাৱে মাচুল বৃদ্ধি কৰি অতিৰিক্ত ২১৬ কোটি টকা পূৰণ কৰোৱাৰ বাবে লোৱা এই পদক্ষেপ ৰাজহুৱা শুনানিৰ জৰিয়তে কিয় নহ’ল তাক লৈ উত্থাপিত হৈছে প্রশ্ণ৷
উল্লেখ্য যে চলিত বর্ষৰ ২৭ মে’ত বিদ্যুৎ নিয়ামক আয়োগে এপিডিচিএলক এফপিপিপি–এৰ ধন আদায়ৰ বাবে ১০ মাহ সময় নির্ধাৰণ কৰিছিল৷ সেই অনুসৰিয়েই চলিত মাহৰ পৰাই এপিডিচিএলে অহা ১০ মাহ অর্থাৎ ২০২৭ চনৰ মার্চ মাহলৈ পৃথকে পৃথকে প্রতি ইউনিটত মাচুল বৃদ্ধিৰ সিদ্ধান্ত লয়৷
স্মর্তব্য যে এনইইপিচিঅ’, এনপিচিআইএল, চিপিইউআইএলকে ধৰি প্রধান শক্তি উৎপাদক আৰু ট্রেন্সমিছন ইউটিলিটীসমূহে সংগ্রহ কৰা ২৩৩.০৬ কোটি টকাৰ পৰিপূৰক বিল আদায় দিবলৈ বাকী আছে এপিডিচিএলে৷ এই অনাদায় ধন আদায় কৰাৰ বাবে এপিডিচিএলে দুমাহৰ সময়সীমা বান্ধি আয়োগক মাচুল বৃদ্ধিৰ অনুমোদন জনাইছিল৷ কিন্তু এনে মাচুল বৃদ্ধি হ’লে প্রতি ইউনিটত ১.৪৯ টকালৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা থাকে৷ এনে বৃদ্ধিয়ে সাধাৰণ ৰাইজৰ মাজত সৃষ্টি কৰিব পৰা প্রতিক্রিয়াৰ প্রতি লক্ষ্য ৰাখি নিয়ামক আয়োগে ১০ মাহৰ সময়সীমা বান্ধি অতিৰিক্ত বোজাৰ জোৰা মাৰিবলৈ এপিডিচিএলক অনুমোদন জনায়৷
মন কৰিবলগীয়া যে চাহিদা অনুপাতে ৰাজ্যত আজিও পর্যাপ্ত নহয় বিদ্যুতৰ যোগান৷ বহু জিলাত লোডশ্বেডিঙৰ বাবে এতিয়াও উপভোক্তাই সন্মুখীন হৈ আছে নানা আহুকালৰ৷ গ্রামাঞ্চলত বিদ্যুতৰ লোডশ্বেডিং শেহতীয়াকৈ অভাৱনীয়ভাৱে বৃদ্ধি পাইছে৷ এনে অৱস্থাত এপিডিচিএলে বিদ্যুৎ মাচুল বৃদ্ধিৰে সাধাৰণ জনতাৰ ওপৰত মাধমাৰ শোধোৱাই নহয়, প্রচণ্ড গৰমত লোডশ্বেডিঙেৰে সৃষ্টি কৰিছে দুর্বিষহ অৱস্থা৷