নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনাত “সহযোগ অসম”ৰ কেঞ্চাৰ বিষয়ক সজাগতা সভা সম্পন্ন

নিয়মীয়া বাৰ্তা, ১৪ মাৰ্চঃ গুৱাহাটীত মুখ্য কাৰ্যালয় থকা এটা বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠন ‘সহযোগ অসম’ৰ উদ‍্যোগত ঢকুৱাখনা মহকুমাত ‘কেঞ্চাৰ, ঈশ্বৰ আৰু জীৱন ‘ শীৰ্ষক এলানি সজাগতা সভা ১৩ আৰু ১৪ মাৰ্চত অনুষ্ঠিত হয়। “নিচাযুক্ত দ্ৰব্য সেৱন কেৱল এজন ব্যক্তিৰ ক্ষতিৰ বিষয় নহয়, এই ভয়াৱহ সমস্যা হৈছে আধুনিক সমাজৰ পৰা ৰোধ কৰিব নোৱাৰা এক ব্যাধি। এই সমস্যাটো বৃহৎ সামাজিক জীৱনৰ ক্ষতিৰ এক গুৰুত্বপূৰ্ণ বিষয়, কাৰণ এই ভয়াৱহ ব্যাধিৰ পৰাই সৃষ্টি হয় জঘন্য অপৰাধ, সংঘটিত হয় বহু হিংসাজৰ্জৰিত ঘটনা, অকালতে ধ্বংস হয় উঠি অহা প্ৰজন্মৰ বহু জীৱন”– এই মন্তব্য ঢকুৱাখনাৰ ঘিলামৰাৰ নৰ্থ বেংক মহাবিদ্যালয়ৰ সহযোগী অধ্যাপিকা ডঃ গীতাঞ্জলি বৰুৱা দত্তৰ।১৩ মাৰ্চত ঢকুৱাখনা মহকুমাৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ সমীপৰ মাধৱদেৱ উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত সজাগতা সভাখনত ড০ বৰুৱাই এইদৰে কয়।অনুৰূপ ধৰণে আজি ঢকুৱাখনা নগৰৰ মাণিকপুৰ গাঁৱৰ সাহাদেৱ মাণিকপুৰ প্ৰাথমিক বিদ্যালয়ত ‘সহযোগ অসম”ৰ সমন্বয়ক তথা লেখিকা পূৰৱী বৰুৱাৰ সঞ্চালনাত অনুষ্ঠিত হোৱা সজাগতা সভাখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকি ধেমাজি উচ্চতৰ মাধ‍্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিষয় শিক্ষয়িত্ৰী ,ৰাষ্ট্ৰীয় কৃতি শিক্ষক বঁটাৰ প্ৰাপক পুষ্পা গগৈ, অৱসৰপ্ৰাপ্ত চি ডি পি অ’ প্ৰেমলতা দাস আৰু চি আৰ চি চি হেমন্ত কুমাৰ বৰুৱাই ধপাত,ভাং,ড্ৰাগছ আৰু মাদক দ্ৰব্যই কিদৰে মানুহৰ দেহ আৰু জীৱন ধ্বংস কৰাৰ লগতে একোখন ঘৰ ,পৰিয়াল আৰু বিশাল সম্ভাৱনাপূৰ্ণ ভৱিষ্যত ধ্বংস কৰে তাৰো উদাহৰণ সহ ব্যাখ্যা কৰি ধপাত আৰু মাদক দ্ৰব্য ব্যৱহাৰৰ পৰা ৰাইজক আঁতৰত থাকিবলৈ আহ্বান জনায়।প্ৰথমে নিজকে ,তাৰপিছত ঘৰখন আৰু পৰ্যায় ক্ৰমে সমাজৰ পৰা মাদক দ্ৰব্য ,ধুমপান দূৰ কৰাৰ বাবে সংকল্প বদ্ধ হ’বলৈ আহ্বান জনায় । শতাধিক স্থানীয় ৰাইজ তথা ছাত্ৰ-ছাত্ৰী উপস্থিত থকা সজাগতা সভাত মাধৱদেৱ উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষকদ্বয় বুবুল চমুৱা আৰু নিতুল দিহিঙীয়াআৰু সাহাদেৱ মাণিকপুৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী খৰ্গেশ্বৰী পেগু উপস্থিত থাকি নিচাজাতীয় দ্ৰব্য সমূহৰ অপকাৰিতাৰ বিষয়ে ৰাইজক সজাগ কৰি সমাজৰ প্ৰতি গৰাকী লোক সচেতন হোৱাৰ উপৰিও বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি মাদকদ্ৰব্যৰ বিৰুদ্ধে এক যুঁজ দিব লাগিব বুলি উল্লেখ কৰে ।সজাগতা সভাখনত সহযোগ অসমৰ বিষয়ববীয়াসকল ক্ৰমে ধনজিত ৰায়,ইনু শৰ্মা,টংকেশ্বৰ কলিতা,বিক্ৰমজিত গগৈ,বিশ্বজিত বৰুৱা,সুদীপ্ত মৰাণ আদি উপস্থিত থাকে।এখন সুস্থ নিকা সমাজ গঢ়াৰ প্ৰচেষ্টাৰে ইতিমধ্যে সংগঠনটোৱে লখিমপুৰ জিলাৰ কেইবাটাও স্থানত পথসভাও অনুষ্ঠিত কৰিছে ।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like