হোলীৰ আনন্দৰ মাজতে কলগাছিয়াৰ ধৰ্মপুৰত অঘটন; বোৱাৰীক হত্যা কৰি আত্মহত্যা ৰূপ দিয়াৰ চেষ্টা
নিয়মীয়া বাৰ্তা, ১৯ মাৰ্চ: বৰপেটা জিলাৰ সৰভোগ আৰক্ষী থানাৰ অন্তৰ্গত খৰিচলাৰ আবাদী গাঁৱৰ আব্দুছ ছোবাহানৰ কন্যা নীলিমা খাতুন ৭ মাহ পূৰ্বে ধৰ্মপুৰ গাঁওৰ জয়নাল আবদিনৰ লগত বিয়া সম্পূৰ্ণ কৰে। আজি ৰাতি স্বামী-শ্ৰী একেটা কোঠাত আছিলে যদিও বোৱাৰী জনীয়ে চিপ লৈ আত্ম হত্যা কৰে। নীলিমা খাতুনৰ পৰিয়ালৰ অভিযোগ মতে স্বামী পৰিয়ালৰ লোকে হত্যা কৰি আত্মহত্যাৰ ৰূপ দিছে। জয়নাল আবদিনৰ মাতৃ হত্যাৰ অভিযোগ নাকচ কৰে । এই ঘটনাক কেন্দ্ৰ কৰি দুয়ো পক্ষৰ মাজত হেঁচা হেঁচিৰ পৰিবেশৰ সৃষ্টি হোৱা দেখা যায়। ইতিমধ্যে আৰক্ষীয়ে ঘটনা স্থলীত উপস্থিত হৈ স্বামী জয়নাল আবদিন আৰু মৃত নীলিমা খাতুনক সৰভোগ আৰক্ষী থানালৈ লৈ যায়। হত্যা নে আত্মহত্যা আৰক্ষীৰ তদন্তৰ পিছতহে ঘটনাৰ আচল ৰহস্য পোহৰলৈ আহিব।