ৰঙিয়াত নকল সামগ্ৰী বিক্ৰীৰ অভিযোগত ছজনক আটক আৰক্ষীৰ
নিয়মীয়া বাৰ্তা, ২০ মাৰ্চঃ দেওবাৰে ৰঙিয়াত ৬জনকৈ লোকক নকল সামগ্ৰী বিক্ৰী কৰাৰ অভিযোগত আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় । লখিমপুৰৰ পৰা আহি ৰঙিয়াত ভাৰাঘৰত বাহৰ পাতি থকা লোককেইজনে নকল সামগ্ৰীৰ বেহা অৱ্যাহত ৰাখিছিল ।এ ক গোপন সূত্ৰৰ পম খেদি ৰঙিয়া আৰক্ষীয়ে অভিযান চলাই লোককেইজনক হাতে-লোটে আটক কৰে । আটকাধীন লোককেইজনৰ পৰা নকল সোণৰ যিশুৰ মূৰ্তি, নাও, মোবাইল ফোন আৰু নগদ ধনসহ কেইবাখনো এটিএমো জব্দ কৰে । অধিক তথ্যৰ বাবে ধৃত লোককেইজনক জেৰা অৱ্যাহত ৰাখিছে আৰক্ষীয়ে ।
প্ৰেৰক ফাৰুক হুছেইন