আজিৰে পৰা টিএমপিকেৰ উদ্যোগত ৰামধন দিখাৰীত ন দিনীয়া শৈক্ষিক সজাগতা সভা
নিয়মীয়া বাৰ্তা, ২০ মাৰ্চঃ আজিৰে পৰা টিএমপিকেৰ ৰামধন দিখাৰী আঞ্চলিক সমিতিৰ উদ্যোগত ৰামধন দিখাৰী অঞ্চলত ন দিনীয়াকৈ অনুষ্ঠিত কৰা শৈক্ষিক সজাগতা অভিযান আৰম্ভ কৰা হৈছে। আজি বৰদণ্ডী মিচিং প্ৰাথমিক বিদ্যালয়ত অভিভাৱক আৰু ছাত্র, ছাত্ৰী সকলৰ উপস্থিতিত অনুষ্ঠিত কৰা শৈক্ষিক সজাগতা সভাত টিএমপিকেৰ ৰামধন দিখাৰী আঞ্চলিক সমিতিৰ সভাপতি শিৱশক্তি দলে,শিক্ষা সম্পাদক পূৰ্ণানন্দ পেগু,সাহিত্য সম্পাদক পুৰুষোত্তম পাদুনে অংশগ্ৰহণ কৰি গুণগত শিক্ষাৰ ওপৰত বক্তব্য ৰাখি অভিভাৱক সকলক নিজ নিজ পুত্ৰ, কন্যাক সমাজৰ সু-নাগৰিক হিচাপে গঢ় দিবলৈ আহ্বান জনায়। শৈক্ষিক সজাগতা অভিযানৰ কাইলৈ অৰ্থাৎ ২২ মাৰ্চত মুক্তিয়াৰ কৰৈবাৰী প্ৰাথমিক বিদ্যালয়,২৩ মাৰ্চত ৰামধন চৰকাৰী প্ৰাথমিক বিদ্যালয়,২৪ মাৰ্চত দিখাৰী চৰকাৰী প্ৰাথমিক বিদ্যালয়,২৬ মাৰ্চত ৰামধন জোনবৰ প্ৰাথমিক বিদ্যালয়,২৭ মাৰ্চত মৰা দিখাৰী প্ৰাথমিক বিদ্যালয়,২৯ মাৰ্চত কয়লাআলি প্ৰাথমিক বিদ্যালয়,১ এপ্ৰিলত ৰামধন মধ্য ইংৰাজী বিদ্যালয় আৰু ২ এপ্ৰিল তাৰিখে ৰামধন দিখাৰী হাইস্কুলত শৈক্ষিক সজাগতা সভা অনুষ্ঠিত কৰা হব বুলি টিএমপিকেৰ ৰামধন দিখাৰী আঞ্চলিক সমিতিৰ সভাপতি শিৱশক্তি দলে আৰু সম্পাদক অনুপ দলেই সদৰী কৰিছে।
শৈক্ষিক সজাগতা সভা সমূহত অভিভাৱক সকলৰ উপস্থিতি আৰু পূৰ্ণ সহযোগিতা কামনা কৰিছে উদ্যোক্তা নেতৃত্বই। আনহাতে টিএমপিকেৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশনা অনুসৰি টিএমপিকেৰ ৰামধন দিখাৰী আঞ্চলিক সমিতিৰ উদ্যোগত মিছন বসুন্ধৰা আঁচনিৰ আধাৰত খিলঞ্জীয়া ৰাইজক ভূমি অধিকাৰ প্ৰদানৰ লক্ষ্য আগত ৰাখি ৰামধন দিখাৰী অঞ্চলৰ ৰাইজৰ গাওঁ সমূহৰ মাজত কাইলৈৰ পৰা সজাগতা সভা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। টিএমপিকে আৰু এমএমকেৰ জোনাই জিলা সমিতিৰ বিষয়ববীয়া উপস্থিত থাকিব লগা ভূমি সংক্ৰান্তীয় সজাগতা সভা কাইলৈৰ পৰা ৰোয়িং দিখাৰী গাঁৱত অনুষ্ঠিত কৰিব আৰু ৰামধন দিখাৰী অঞ্চলৰ প্ৰতিখন গাৱঁত ক্ৰমান্বয়ে এই সজাগতা সভা অনুষ্ঠিত হব বুলি টিএমপিকেৰ ৰামধন দিখাৰী আঞ্চলিক সমিতিৰ সভাপতি আৰু সম্পাদকে জানিবলৈ দি ৰাইজক সভা সমূহত উপস্থিত থাকিবলৈ আহ্বান জনাইছে।