নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীৰ অ’লিভ গার্ডেনত ‘ৰং আইডিয়া আড্ডা’

নিয়মীয়া বাৰ্তা, ২০ মার্চঃ প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্টছ প্রাইভেট লিমিটেডৰ উদ্যোগত গুৱাহাটীৰ অ’লিভ গার্ডেনত আজি অনুষ্ঠিত হয় এক অগতানুগতিক ভাব বিনিময়ৰ অনুষ্ঠান ‘ৰং আইডিয়া আড্ডা’৷ প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্টছ প্রাইভেট লিমিটেডে প্রথমবাৰৰ বাবে আয়োজন কৰা এই ৰং আইডিয়া আড্ডাত ডেৰ কুৰি সাহিত্যিক, কাহিনীকাৰ, চিত্রনাট্যকাৰে অংশগ্রহণ কৰি মত বিনিময় কৰে৷ আজিৰ প্রেক্ষাপটত ৰং চেনেলত দর্শকসকলৰ বাবে কেনে ধৰণৰ কাহিনী তথা চিত্রনাট্যৰ প্রয়োজন আছে, ৰঙৰ পর্দাত কেনেকুৱা কাহিনী বা চৰিত্রৰ সম্প্রচাৰে চেনেলটোক আৰু বেছিকৈ দর্শকৰ আপোন কৰি তুলিব, আধুনিক প্রজন্মই এখন ধাৰাবাহিক কেনে ধৰণৰ হোৱাটো বিচাৰে– আজিৰ আড্ডাত মূলতঃ এই কথাখিনিৰেই উপস্থাপন হয়৷ অতি অন্তৰংগভাৱে কাহিনীকাৰ তথা চিত্রনাট্যকাৰসকলে তেওঁলোকৰ ভাব আৰু চিন্তাৰ বিনিময় কৰি যথেষ্ট আপ্লুত হৈ পৰে৷ আজিৰ এই ৰং আইডিয়া আড্ডাত সাহিত্য অকাডেমি পুৰস্কাৰপ্রাপ্ত সাহিত্যিক তথা কাহিনীকাৰ ড০ জয়ন্ত মাধৱ বৰাৰ লগতে জ্যেষ্ঠ নাট্যকাৰ প্রভাত গোস্বামী, অভিজিৎ ভট্টাচার্য, ড০ সুব্রতজ্যোতি নেওগ, কবিতা দত্ত গোস্বামী, গল্পকাৰ মণিকা দেৱী, শৈলেন মেধি, নৱনীতা গগৈ বৈৰাগী, নয়ন সাউদ আদি উপস্থিত থাকি প্রাইড ইষ্টৰ এনে গঠনমূলক প্রচেষ্টাৰ শলাগ লয়৷ তেওঁলোকে প্রকাশ কৰে যে এনে ধৰণৰ প্রচেষ্টাই লেখকসকলক চেনেলটোৰ প্রতি একাত্ম কৰি ৰখাত সহায় কৰিব৷ সকলোৱেই প্রাইড ইষ্টৰ কাৰণে যৎপৰোনাস্তি অৱদান আগবঢ়োৱাৰ প্রতিশ্রুতি প্রদান কৰে৷

You might also like