নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাঠশালাৰ কণমানি স্মিতাৰ জীৱনলৈ পোহৰৰ ৰেঙনি

চকুৰ কর্কট ৰোগৰ চিকিৎসাৰ দায়িত্ব ল’লে মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই

নিয়মীয়া বাৰ্তা, ২৩ জানুৱাৰীঃ প্রশাসনিক–ৰাজনৈতিক তথা বিভাগীয় ভীষণ ব্যস্ততাৰ মাজতো দুৰাৰোগ্য কর্কট ৰোগৰ সৈতে যুঁজি থকা এটি সাতবছৰীয়া শিশুক উন্নত চিকিৎসাৰ দায়িত্ব ল’লে ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ৷ বজালী মহকুমাৰ সদৰ পাঠশালাৰ সমীপৱর্তী ডুবি অঞ্চলৰ স্মিতা দাস নামৰ শিশুটি যোৱা দীর্ঘদিন ধৰি চকুৰ কর্কট ৰোগত আক্রান্ত হৈ আহিছে ৷ বুধবাৰে দিছপুৰৰ জনতা ভৱনত স্বাস্থ্যমন্ত্রীগৰাকীৰ কার্যালয়ত স্মিতাক সাক্ষাৎ কৰি শিশুটিৰ চিকিৎসা সম্পূর্ণ বিনামূলীয়কৈ কৰাৰ ব্যৱস্থা কৰে ৷ সেয়াই নহয়, মন্ত্রী ড০ শর্মাই স্মিতাৰ উন্নত চিকিৎসাৰ বাবে হায়দৰাবাদৰ এল ভি প্রসাদ আই ইনষ্টিটিউটলৈ প্রেৰণৰো সিদ্ধান্ত লয় ৷

মন কৰিবলগীয়া যে চাৰে চাৰিবছৰীয়া স্মিতাৰ প্রায় আঢ়ৈ বছৰ পূর্বে বাঁও চকুত ধৰা পৰিছিল কর্কট ৰোগ ৷ দুর্ভগীয়া শিশুটিয়ে এনেদৰে দুৰাৰোগ্য ৰোগত আক্রান্ত হোৱা ছমাহৰ পাছতে মাতৃও কর্কট ৰোগত আক্রান্ত হৈ মৃত্যুমুখত পৰে ৷ আনহাতে, এনে অৱস্থাত স্মিতাক এৰি থৈ যায় তেওঁৰ পিতৃয়ে ৷ ৰোগাক্রান্ত স্মিতাক পাছত ককাক–আইতাকে প্রতিপালনৰ দায়িত্ব লোৱাৰ লগতে চিকিৎসা আৰম্ভ কৰে৷ কিন্তু অতি দুখীয়া ককাক–আইতাকে শিশুটিৰ ব্যয়বহুল চিকিৎসাৰ বাবে আর্থিক সম্বল নোহোৱাত দিক–বিদিক হেৰুৱাই পেলায়৷ মূৰৰ ওপৰত সৰগ ভাগি পৰা ককাক–আইতাকে অৱশেষত শিশুটিক ভেটি–মাটি বিক্রী কৰি চিকিৎসা প্রদানৰ দিহা কৰে যদিও অতিকৈ ব্যয়বহুল চিকিৎসাৰ বাবে সেয়া এপাচি শাকত এটা জলকীয়াস্বৰূপ হৈ পৰে ৷

ইতিমধ্যে শিশুটিক নিজৰ সর্বস্ব বিক্রী কৰি ককাক–আইতাকে কুৰিটাতকৈও অধিক কেম’থেৰাপী দিয়ে যদিও বাঁও চকুৰে দেখা সম্পূর্ণ বন্ধ হৈ যায় ৷ নাতিৰ চিকিৎসাৰ বাবে নিজৰ ভেটি–মাটি বিক্রী কৰি অৱশেষত পাঠশালাৰ জলসম্পদ বিভাগৰ কার্যালয়ৰ পিছপিনে এটা তর্জাৰ সৰু জুপুৰিত বসবাস কৰিবলৈ লোৱা পৰিয়ালটোৰ বিষয়ে গম পাই বজালীৰ বদনকুছিৰ এগৰাকী হৃদয়ৱান যুৱক ভাৰতীয় জীৱন বীমা নিগমৰ পাঠশালা শাখাৰ উন্নয়ন বিষয়া বনজিৎ তালুকদাৰ আগবাঢ়ি আহে আৰু গুৱাহাটীৰ দীপশিখা ফাউণ্ডেচনৰ সৈতে যোগাযোগ কৰি চিকিৎসাৰ ব্যৱস্থা কৰি দিয়ে ৷

দীপশিখা ফাউণ্ডেচনৰ অধীনত শিশুটিৰ চিকিৎসা চলি থাকে যদিও পৰৱর্তী সময়ত আইতাকে কোনো অজ্ঞাত কাৰণত শিশুটিক পুনৰ পাঠশালালৈ ওভতাই লৈ আহে ৷ পাঠশালাৰ জলসম্পদ বিভাগৰ পিছপিনে জুপুৰিটোত এনেদৰে থকাৰ পাছত স্থানীয় এজন সদাশয় ব্যক্তি কৰুণা কুণ্ডল ভৰালীয়ে বিষয়টো স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক অৱগত কৰে ৷ অতি ব্যস্ততাপূর্ণ জীৱনৰ মাজতো বুধবাৰে স্মিতাক সাক্ষাৎ কৰি তেওঁৰ চিকিৎসাৰ দায়িত্ব গ্রহণ কৰাত শিশুটিৰ জীৱনলৈ আশাৰ সঞ্চাৰ নামি আহিছে ৷ আনহাতে, মন্ত্রীগৰাকীৰ এনে মহানুভৱতাৰ বাবে সকলোৱে কৃতজ্ঞতা জ্ঞাপন কৰিছে ৷

You might also like