প্ৰকৃতি সংৰক্ষণ-গঁড় হত্যা ৰোধ-ড্ৰাগছমুক্ত সমাজ গঢ়াৰ চেষ্টা, পদব্ৰজে ২৭খনকৈ আৰক্ষী জিলা অতিক্ৰম গৌৰীশংকৰৰ
অমিতাভ চক্ৰৱৰ্তী, ধুবুৰী, ২৪ মাৰ্চঃ প্ৰকৃতি সংৰক্ষণ, গড় হত্যা ৰোধ, ৰক্তদান আৰু ড্ৰাগচমুক্ত সমাজ গঢ়াৰ বাবে আৰু জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধিৰ প্ৰয়াসেৰে অসমৰ এজন যুৱকে লোৱা এক অভিনৱ প্ৰয়াসে এতিয়া দৃষ্টি আকৰ্ষণ কৰিছে বহুতৰে। সুদূৰ দৰং জিলাৰ পৰা অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজক সজাগতামূলক এই বাৰ্তা দিবলৈ পদব্ৰজে ধুবুৰীত উপস্থিত হৈছে গৌৰীশংকৰ কলিতা নামৰ সেই যুৱকজন। অসম আৰক্ষীৰ সহযোগত আৰু প্ৰকৃতি বন্ধু নামৰ স্বেচ্ছাসেৱী সংগঠন এটাৰ উদ্যোগত ২০২১ চনৰ ২৪ জানুৱাৰীত দৰং জিলাৰ পৰা আৰম্ভ কৰা যুৱকজনৰ এই যাত্ৰাই ২ মাহ ১৬ দিন স্পৰ্শ কৰিলে। ইতিমধ্যে খোজ কাঢ়ি ৰাজ্যৰ মুঠ ৩৫ খন আৰক্ষী জিলাৰ ২৭খনকৈ আৰক্ষী জিলাত উপস্থিত হৈছে গৌৰীশংকৰে। অহা ১৫ দিন মানৰ ভিতৰত বাকী ৮খন জিলাও পৰিভ্ৰমণ কৰিব পাৰিব বুলিয়েই আশা ব্যক্ত কৰিছে তেওঁ।