নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পদূলিত হেঁপাহৰ ৰঙালী, তাঁতশালত ব্যস্ত ঢকুৱাখনাৰ শিপিনী

পুলকজ্যোতি বৰা, ঢকুৱাখনা, ২৪ মাৰ্চঃ যিমানেই অসমীয়াৰ বাপতি সাহোন হেঁপাহৰ ৰঙালী বিহুটি ওচৰ চাপি আহিছে সিমানেই যেন ব্যস্ততা বাঢ়িছে শিপিনীসকলৰ। ঢকুৱাখনাৰ শিপিনিসকলৰো এতিয়া মুৰ তুলিবলৈ আহৰি নাই। যিমানেই ওচৰ চাপি আহিছে বিহুৰ দিন সিমানেই তাঁতৰ শালত ব্যস্ত হৈ পৰিছে শিপিনীসকল।

তাঁতৰ খট-খট শব্দই ৰজনজনাইছে ঢকুৱাখনাৰ বিভিন্ন অঞ্চল। গৰকাত দুভৰিৰ গিৰিপনি, তাঁতৰশালত মাঁকোৰ খিতখিতনি। মৰমৰ দীঘেৰে চেনেহৰ বানীৰে চেনাইলৈ বৈছে বিহুৱান। বহিঃৰাজ্যৰ গামোচাক প্ৰত্যাহ্বান জনাই প্ৰতিগৰাকী শিপিনী ব্যস্ত হৈ পৰিছে এতিয়া থলুৱা গামোচা বোৱাত।

You might also like