নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুখ্যমন্ত্ৰীৰ সম বিকাশ-সম উন্নয়নে নাপালে ঢুকি, ৰাভা হাছঙত দান-বৰঙনিৰে গঞাৰ পথ মেৰামতি

বিশেষ বাৰ্তা , আগিয়া, ২৪  মাৰ্চ : গোৱালপাৰা জিলাৰ দ্বাৰকা গাওঁ পঞ্চায়তৰ অন্তৰ্গত তথা ৰাভা হাছঙৰ ৩৬ নং সমষ্টি এলেকাৰ ১নং বৰঝৰা অঞ্চলৰ ৰাইজে ৰাইজৰ চান্দা-বৰঙণিৰে  গাওঁ খনৰ যাতায়ত অনুপযোগী হৈ পৰা পথচোৱা মেৰামতি কৰে। দান-বৰঙনিৰে নিজাববীয়াকৈ পথ চোৱাৰ মেৰামতি কৰিবলৈ লৈ প্ৰশাসনৰ ওপৰত ক্ষোভ উজাৰে গঞাই। এই ক্ষেত্ৰত  ৰাইজৰ সভাপতি  তথা গাওঁবুঢ়া নকুল চন্দ্ৰ ৰাভা, সম্পাদক মুক্তিনাথ ৰাভা, সহ সম্পাদক প্ৰণৱ কুমাৰ ৰাভাকে ধৰি ৰাইজে একেমুখে জানিবলৈ দি কয়-  ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ ৩৬ নং সমষ্টিৰ কাৰ্যৱাহী সদস্য হৰিশ ৰাভাই উন্নয়নৰ ঢাক-ঢোল বজাই নিৰ্বাচনী ভূৱা প্ৰতিশ্ৰুতিত ভোল গৈ ১নং বৰঝৰা বাসিন্দা ৰাইজে ভোট দি দুটাকৈ কাৰ্যকালৰ বাবে নিৰ্বাচিত কৰে। কিন্তু ৰাইজ আজি অনুতপ্ত। কাৰ্যবাহী সদস্যগৰাকীক ৰাইজে গাওঁখনৰ পথচোৱাৰ উন্নয়ৰ বাবে বাৰম্ৱাৰ আবেদন-নিবেদন কৰাৰ পিছতো ৰাইজক অৱজ্ঞা কৰি উন্নয়নক পিঠি দি প্ৰতিশ্ৰুতিৰ আভুৱা ভাৰিছে। সেয়ে পৰৱৰ্তী নিৰ্বাচনত সদস্যগৰাকীক গাওঁখনত প্ৰৱেশ নিষিদ্ধ কৰি ভোটদানৰ পৰা ৰাইজে বিৰত থাকি যোগ্য প্ৰত্যুত্তৰ দিব বুলি জানিবলৈ দিয়ে। হাছং আন্দোলনৰ সময়ত বৃহত্তৰ অঞ্চলটোৰ পুৰুষ-মহিলাই পূৰ্ন সহযোগ আগবঢ়াই অহাৰ পিছতো ৰাভা হাছং স্বায়ত্ব শাসন পৰিষদৰ মুখ্য কাৰ্যবাহী টংকেশ্বৰ ৰাভা নেতৃত্বাধীন পৰিষদে বৃহত্তৰ বৰঝৰা অঞ্চলৰ উন্নয়নৰ কথা এবাৰো নাভাবিলে বুলি ক্ষোভ উজাৰে। অকল বাট -পথেই নহয় সৰ্ৱ দিশত পিছপৰা বৰঝৰা অঞ্চলৰ উন্নয়নত গুৰুত্ব প্ৰদান কৰিবলৈ শেষবাৰৰ বাবে মুখ্য কাৰ্যবাহী টংকেশ্বৰ ৰাভাক দাবী জনায় ৰাইজে। অন্যথা পৰৱৰ্তী নিৰ্বাচনত ইয়াৰ পৰিনতি ভোগ কৰিব লাগিব বুলিও সকীয়াই দিয়ে। একেদৰেই গঞাই আক্ষেপ কৰি কয়,পঞ্চায়ত-জিলা পৰিষদকে ধৰি অসম চৰকাৰৰ গ্ৰামোন্নয়ন বিভাগৰ কাৰ্যালয়ত ৰাইজে তাঁত বাতি কাঢ়িও কোনো সুফল নধৰিল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰখনে সম বিকাশ-সম উন্নয়নৰ ঢাক-ঢোল বজালেও  স্বাধীনতাৰ ৭৫ বছৰ অতিক্ৰম কৰাৰ পিছতো বৰঝৰাৰ দৰে পিছপৰা আৰু ভিতৰুৱা গ্ৰামাঞ্চলক মুখ্যমন্ত্ৰীৰ সম বিকাশ-সম উন্নয়নে আজিও ঢুকি পোৱা নাই বুলি আক্ষেপ কৰে।
You might also like