জলসম্পদ বিভাগৰ কাৰ্যালয়ৰ পৰা জিঅ’ বেগ চুৰিঃ তাৎক্ষণিক তদন্ত বিচাৰি জলসম্পদ মন্ত্ৰীলৈ স্মাৰক পত্ৰ জিলা ছাত্ৰ সন্থাৰ
নিয়মীয়া বাৰ্তা, ২৪ মাৰ্চঃ বান-গৰাখহনীয়াৰ দৰে বহু সমস্যাৰে জৰ্জৰিত জিলা মাজুলী৷ জিলা খনৰ এটা গুৰুত্বপূৰ্ণ বিভাগ জলসম্পদ বিভাগৰ কাৰ্যালয়ৰ চৌহদৰ ভিতৰৰ পৰা খহনীয়া প্ৰতিৰোধৰ বাবে ক্ৰয় কৰা প্ৰায় ৬ লাখ টকাৰ ৬০০ জিঅ’ বেগ কোনোবা চোৰে চুৰি কৰি লৈ যায়৷ কাৰ দায়িত্বহীনতাৰ বাবে এই চুৰি কাৰ্য সংঘটিত হ’ল তাৰ এটি উচ্চপৰ্যায়ৰ তদন্ত কৰি দোষীক কঠোৰ শাস্তি বিহাৰ ব্যৱস্থা কৰিবৰ বাবে আজি জলসম্পদ মন্ত্ৰী গৰাকীৰ প্ৰত্যক্ষ হস্তক্ষেপ বিচাৰি আজি সদৌ মাজুলী জিলা ছাত্ৰ সন্থাৰ সভাপতি অজিত হাজৰিকা আৰু সাধাৰণ সম্পাদক বিতোপন শৰ্মাৰ স্বাক্ষৰ সম্বলিত এখন স্মাৰক পত্ৰ জিলা উপায়ুক্ত পুলক মহন্তৰ যোগেদি প্ৰেৰণ কৰিছে৷
স্মাৰক পত্ৰ প্ৰদান কৰি আছুৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক পবিত্ৰ গোস্বামীয়ে কয় যে- কাৰ্যালয়ৰ ভিতৰত হোৱা চুৰি কাৰ্যই বিভাগটোৰ দুৰ্বলতা পুনৰ উদঙাই দিলে৷ যিহেতু ৬০০ জিঅ’ বেগ কোনো চোৰে হাতত লৈ পলাই যাব নোৱাৰে গতিকে এই চুৰিকাৰ্যত কিছু ৰহস্য থকা যেন অনুমান হয়৷ সেয়ে বিভাগৰ বিষয়া-কৰ্মচাৰী আৰু ঠিকাদাৰ কাৰ ভুলৰ বাবে এই ঘটনা সংঘটিত হ’ল তাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাই দোষীৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাই৷ লগতে বৰ্তমান জলসম্পদ বিভাগে খহনীয়া প্ৰতিৰোধৰ বাবে যি সমূহ আঁচনি ৰূপায়ণ কৰি কাম কৰি আছে সেই ক্ষেত্ৰত আছু আস্বস্ত নহয় বুলিও উল্লেখ কৰে৷ বৰ্তমান সময়লৈকে ব্ৰহ্মপুত্ৰ ব’ৰ্ড আৰু জলসম্পদ বিভাগ খহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত সফল হ’ব পৰা নাই৷ বছৰি বহু পৰিয়ালে ঘৰ-ভেটি হেৰুৱাই স্থানান্তৰিত হোৱাৰ লগতে বহু শ শ বিঘা কৃষি ভূমি নদীত জাহ গৈছে৷ গতিকে এই বিষয়টি সন্দৰ্ভত মন্ত্ৰী গৰাকীৰ প্ৰত্যক্ষ হস্তক্ষেপ বিচৰাৰ লগতে নতুনকৈ বিজ্ঞান সন্মত পদ্ধতিৰে যাতে খহনীয়া ৰোধৰ কাম কৰি মাজুলীৰ এই বহু দিনীয়া সমস্যাটো সমাধানৰ ক্ষেত্ৰত বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰে তাৰ বাবে দাবী জনাইছে৷