মেঘদূত এপ’ আৰু এম কিষাণ ৱেবচাইটৰ জৰিয়তে কৃষকে লাভ কৰিব বতৰৰ আগলী বতৰা
নিয়মীয়া বাৰ্তা, ২৪ মাৰ্চঃ কৃষকসকলৰ সুবিধাৰ্থে ইণ্ডিয়ান কাউন্সিল এগ্ৰিকালচাৰ ৰিচাৰ্চ, ইণ্ডিয়া মেট্ৰলজিকেল ডিপাৰ্টমেন্ট, ইণ্ডিয়ান ইনষ্টিটিউট অৱ ট্ৰপিকেল মেট্ৰলজিয়ে প্ৰস্তুত কৰি উলিওৱা ‘মেঘদূত’ নামৰ এটা এপৰ বিষয়ে কালি নগাঁৱৰ কৃষক সকলৰ ওচৰত সজাগতা সভা অনুষ্ঠিত কৰাৰ চেষ্টা কৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ অষ্টম ষান্মাসিকৰ ছাত্র-ছাত্রীৰ এটা গোটে। এই এপ্ছ টোত কৃষকসকলে সপ্তাহত দুদিনকৈ প্ৰতি মঙলবাৰ আৰু শুক্ৰবাৰে কৃষি সম্পৰ্কীয় পৰামৰ্শ ইংৰাজী আৰু স্থানীয় ভাষাত লাভ কৰিব পাৰিব।
তদুপৰি এই এপটো আৰু এম কিষাণ নামৰ এটা ৱেবচাইটৰ জৰিয়তে কৃষক সকলে বতৰৰ আগলি বতৰা লাভ কৰিব।আজি সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ ছাত্রী বৰ্ণালী ফুকনে।তেওঁ কয় যে কালি নগাঁও জিলাৰ শেনচোৱাত অসম কৃষি বিশ্ববিদ্যালয়ৰ অষ্টম ষাণ্মাষিকৰ ছাত্ৰ-ছাত্ৰীৰ এটা গোটে “গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আঁচনি”ৰ অধীনত “বিশ্ব বতৰ বিজ্ঞান দিৱস” পালন কৰে।কৃষক ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে ছাত্ৰ জ্যোতিৰ্ময় পাঠকে সহযোগী উপাসনা দত্ত, তানিয়া শ্ৰীবাস্তৱ, অমিষা ভাৰতী, আস্থাৰাণী আৰু ৰাহুল শৰ্মাৰ সহায়ত “কৃষি বতৰ পৰ্যবেক্ষণ কেন্দ্ৰ”ৰ এটি মডেল প্ৰদৰ্শন কৰে। জ্যোতিৰ্ময় বৰগোঁহায়ে আঁত ধৰা সজাগতা সভাখনত ছাত্ৰী বৰ্ণালী ফুকনে কৃষকক উদ্দেশ্যি “বিশ্ব বতৰ বিজ্ঞান দিৱস” পালনৰ উদ্দেশ্য তথা কৃষক সকলৰ সুবিধাৰ্থে প্ৰস্তুত কৰি উলিওৱা এপ্ “মেঘদূত” আৰু ৱেবছাইট “এম কিষাণ” সম্পৰ্কে এটি চমু ভাষণ আগবঢ়ায়।
সভাখনত ছাত্ৰ-ছাত্ৰীসকলে “মেঘদূত” এপ্ টো উপস্থিত থকা কৃষকসকলৰ ম’বাইলত download কৰি দিয়ে। অসম কৃষি বিশ্ববিদ্যালয়ৰ ছাত্রী বৰ্ণালী ফুকনে সংবাদ মাধ্যমক কয় যে-‘ আধুনিক তথ্য প্ৰযুক্তিৰ ব্যৱহাৰৰ দ্বাৰা বতৰৰ আগলিবতৰা লাভ কৰিলে কৃষকসকলে আগন্তুক দিনত বতৰ অনুযায়ী নিজৰ কৃষি সম্পৰ্কীয় কাৰ্যসূচী নিৰ্ধাৰণ কৰিব পাৰিব তথা প্ৰতিকুল বতৰৰ সন্মুখীন হ’ব পৰাকৈ আগতীয়াকৈ প্ৰস্তুত হ’ব পাৰিব। গতিকে ‘মেঘদূত’ নামৰ এই এপ্ টোৱে কৃষকসকলক ব্যৱসায়িক ভিত্তিত খেতি কৰাত সহায় কৰিব বুলি ছাত্ৰ-ছাত্ৰীসকল আশাবাদী।লগতে ছাত্ৰ-ছাত্ৰীসকলে ‘এম. কিষাণ’ ৱেবচাইটত কৃষকসকলে কেনেদৰে নিজৰ নাম পঞ্জীয়ন কৰিব লাগে সেই সম্পৰ্কে কৃষকসকলক অৱগত কৰা হৈছে।এই ৱেবছাইটত নাম পঞ্জীয়ন কৰা কৃষকসকলে দৈনন্দিন বতৰৰ আগজাননী এচ্ . এম . এচ্ . ৰ জৰিয়তে লাভ কৰিব ।
প্ৰেৰকঃ কনক হাজৰিকা নগাঁও