নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাৰিত ভয়ংকৰ পথ দুৰ্ঘটনাঃ কয়লা ভৰ্তি ডাম্পাৰৰ চেপাত মহিলাৰ মৃত্যু; দুজন আহত

নিয়মীয়া বাৰ্তা, ২৪ মাৰ্চঃ সোণাৰি নগৰৰ সমীপৱৰ্তী তথা চফ্ৰাই আৰক্ষী চকীৰ অন্তৰ্গত চফ্ৰাই চাহ বাগিছা অঞ্চলত ধোদৰ আলিত শিৱ মন্দিৰ তিনিআলিৰ সমীপত  বৃহস্পতিবাৰে দিনৰভাগত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।প্ৰাপ্ত তথ্য অনুসৰি বৃহস্পতিবাৰে বিয়লি ২-৩০ মান বজাত নগালেণ্ডৰ চিংফাঙৰ পৰা নিমনাগড় হৈ ভজোলৈ কয়লা কঢ়িয়াই নিয়া এ এছ ০৪ বি চি ৩২৭৭ নম্বৰৰ ডাম্পাৰ এখনে এগৰাকী মহিলাক মহটিয়াই পথৰ ওপৰতে নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে।দুৰ্ঘটনাটোত অতি গুৰুতৰ ভাৱে আহত হোৱা মহিলাগৰাকীক লগে লগে স্থানীয় ৰাইজে উদ্ধাৰ কৰি চফ্ৰাই চাহ বাগিছা চিকিৎসালয়ত ভৰ্তি কৰোৱায় যদিও মহিলা গৰাকীৰ মৃত্যু হয়।মূৰত আঘাত পোৱা আৰু এখন হাত সম্পূৰ্ণ ছিঙি যোৱা মহিলা গৰাকীৰ পৰিচয় বাতৰি লিখা পৰলৈকে উদ্ধাৰ হোৱা নাই।
জানিব পৰা মতে সোনাৰি নগৰত ভাড়াঘৰত থাকি খুজি মাগি খোৱা মহিলা গৰাকীৰ বয়স প্ৰায় ৫০ বছৰৰ উৰ্ধৰ হব। ইফালে দূৰ্ঘটনাটোত পবিত্ৰ গগৈ নামৰ লোকজনৰ মালিকাধীন ডাম্পাৰ খনৰ চালক সুমিত ৰয়(২৮) গুৰুতৰ আঘাতৰ পৰা ৰক্ষা পৰে যদিও সহায়কাৰী নিজাম বসুমতাৰী(২১) গুৰুতৰ ভাৱে আহত হয়।দুয়োৰে ঘৰ চৰাইদেউ জিলাৰ বেঙনাবাৰী অঞ্চলত বুলি জানিব পৰা গৈছে।
You might also like