এক আজব ব্যৱসায়, ৪১ দেশৰ ১,২০০জনক বিহ প্রদান
ডিজিটেল ডেস্ক, ১ জুন : এটা আজব ব্যৱসায়৷ মানসিকভাৱে বিপর্যস্তসকলক বিচাৰি উলিয়াই চৰম পথ লোৱাৰ উচটনি৷ তাৰ পিছত তেওঁলোকক মৃত্যুৰ মুখামুখি কৰি তেওঁলোকৰ হাতত তুলি দিয়া হয় মাৰাত্মক বিহ৷ বিশ্বজুৰি বিয়পি পৰিছে এই মাৰণ বিহৰ ব্যৱসায়৷
পৃথিৱীৰ ৪১খন দেশৰ ১,২০০জনৰ হাতত তুলি দিয়া হৈছিল এই বিহ৷ অৱশেষত এই ব্যৱসায়ৰ চক্রান্ত ফাদিল কৰিলে কানাডা আৰক্ষীয়ে৷ এই সম্পর্কীয় ১৪টা গোচৰত দোষী সাব্যস্ত কৰা হ’ল কেন্নেথ ল’ নামৰ এজন বৃদ্ধক৷
জানিব পৰা মতে, ৬০ ঊর্ধ্বৰ ব্যক্তিগৰাকীয়ে একাধিক ৱেবছাইটৰ জৰিয়তে মানসিকভাৱে বিপর্যস্ত মানুহৰ সৈতে যোগাযোগ কৰে৷ ভুৱা নামেৰে বন্ধুত্ব গঢ়ি চৰম পথ লোৱাৰ প্রৰোচনা দিয়ে৷ ২০২০ চনৰ পৰা ২০২৩ চন পর্যন্ত এনেদৰে আত্মহত্যাৰ ইচ্ছা প্রকাশ কৰা লোকসকলৰ ওচৰলৈ বৃহৎ অংকৰ ধনৰ বিনিময়ত পঠিয়াই দিয়ে মাৰণ বিহ ছ’ডিয়াম নাইট্রাইটসহ আত্মহননৰ নানা সৰঞ্জাম৷ এনেদৰে বিশ্বজুৰি নিজৰ ব্যৱসায়ৰ জাল মেলি দিয়ে কেন্নেথে৷
তদন্তকাৰীয়ে দাবী কৰা মতে, আমেৰিকা, ব্রিটেইন, কানাডা, নিউজিলেণ্ডসহ ইউৰোপ আৰু এছিয়াৰ ৪০খনৰো অধিক দেশলৈ ১,২০০ৰো অধিক আত্মহননৰ কীট পঠিওৱা হৈছিল৷ ইয়াৰ জৰিয়তে ১৫০জনৰো অধিক লোকে চৰম পথ লোৱা বুলি অনুমান তদন্তকাৰীসকলৰ৷