বেজেৰা প্ৰাথমিক বিদ্যালয়ত “সম্প্ৰীতি ভোজন”, ব্যতিক্ৰমী অনুষ্ঠানত প্ৰাচীৰ পত্ৰিকা উন্মোচন
নিয়মীয়া বাৰ্তা, বেজেৰা, ২৫ মাৰ্চঃ কামৰূপ জিলাৰ জালুকবাৰী সমষ্টিৰ চৰকাৰী খণ্ডৰ আগশাৰীৰ শিক্ষানুষ্ঠান ১৫ নং বেজেৰা প্ৰাথমিক বিদ্যালয়ত “সম্প্ৰীতি ভোজন” শীৰ্ষক এক ব্যতিক্ৰমী অনুষ্ঠান অনুষ্ঠিত হয়। এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত সভাপতিত্ব কৰে অৱসৰপ্ৰাপ্ত শিক্ষক তৰুণ কুমাৰ ডেকাই। অনুষ্ঠানৰ আৰম্ভণিতে উদ্দেশ্য বাখ্যা কৰে বিদ্যালয়ৰ প্ৰধান শিক্ষক দিলীপ চন্দ্ৰ বৰুৱাই। সভাত ছাত্ৰ-ছাত্ৰীসকলৰ লিখনিৰে সমৃদ্ধ এখন আটকধুনীয়া প্ৰাচীৰ পত্ৰিকা “ৰামধেনু” আনুষ্ঠানিকভাৱে উন্মোচন কৰে বেজেৰা সামূহিক স্বাস্থ্য কেন্দ্ৰৰ উপ অধীক্ষক ডাঃ সবিন দাসে।
উন্মোচন কৰি চমু ভাষণত তেওঁ কয় যে এনেধৰণৰ গঠন মূলক কাৰ্যসূচীৰ বাবে বিদ্যালয়ৰ প্ৰধান শিক্ষক সমন্বিতে শিক্ষক শিক্ষয়িত্ৰী সকলক প্ৰশংসাৰে ওপচাই পেলায়। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে গোৰেশ্বৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ডঃ খৰ্গেশ্বৰ ডেকা।যি সময়ত ছাত্ৰ ছাত্ৰীৰ অভাৱত অনেক চৰকাৰী বিদ্যালয় বন্ধ কৰি দিবলগীয়া হৈছে তেনে সময়তে বেজেৰাৰ আশে-পাশে থকা বিভিন্ন গাঁৱৰ অভিভাৱকে নিজৰ সন্তানক ১৫ নং বেজেৰা প্ৰাথমিক বিদ্যালয়ত নামভৰ্তি কৰা কাৰ্যই বিদ্যালয় খনৰ সুনামৰ কথাকে সূচায় বুলি তেওঁৰ ব্যক্তব্যত আগবঢ়ায়।
অনুষ্ঠানত ছাত্ৰ ছাত্ৰী বিদ্যালয় পৰিচালনা সমিতিৰ বিষয়ববীয়া,মাতৃগোটৰ সদস্য সকল, অভিভাৱক, বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক শিক্ষয়িত্ৰীৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থকা অনুষ্ঠানত বিশিষ্ট সমাজকৰ্মী বলোৰাম বৰুৱা, অৱসৰপ্ৰাপ্ত কাৰাগাৰৰ অধীক্ষক জোনদেৱ চৌধুৰী, আনোৱাৰা আলী, চি আৰ চি চি দুলুমণি ডেকা, দিবাকৰ অধিকাৰী, মান্দাকাটা চি আৰ চি চি জাহিদুল ৰহমান উপস্থিত থাকি ভাষণ আগবঢ়ায়। আনহাতে বিদ্যালয়খনত ছাত্ৰ ছাত্ৰী সকলৰ মাজত বিনামূলীয়া পাঠ্যপুথি বিতৰণ কৰা হয়।