কাইলৈৰ পৰা পর্যটকৰ বাবে বন্ধ থাকিব কাজিৰঙা
নিয়মীয়া বাৰ্তা, ২৫ মাৰ্চঃ কাইলৈৰ পৰা কাজিৰঙাত অনুষ্ঠিত হ’ব অসম গৌৰৱ এশিঙীয়া গঁড়ৰ গণনা৷ সুদীর্ঘ সময়ৰ পাছত কাজিৰঙা ৰাষ্ট্রীয় ডদ্যানত হ’ব এই গণনা৷ কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ ডি এফ অ’ ৰমেশ গগৈয়ে জনোৱা মতে, অহা ২৬ মার্চৰ পৰা ২৮ মার্চলৈকে কাজিৰঙাত হ’ব লগা ১৪সংখ্যক গঁড় গণনা কার্যসূচীৰ বাবে কাজিৰঙা ৰাষ্ট্রীয় উদ্যানত তিনি দিন হাতী ছাফাৰী সম্পূর্ণৰূপে বন্ধ থকাৰ বিপৰীতে পৃথকে পৃথকে পর্যটকৰ বাবে ৰাষ্ট্রীয় উদ্যানখনত জীপ ছাফাৰী বন্ধ থাকিব৷ অহা ২৬ মার্চত পর্যটকৰ বাবে কঁহৰা, বাগৰি, বুঢ়াপাহাৰ বনাঞ্চল বন্ধ থাকিব যদিও অগৰাতলী বনাঞ্চলত পর্যটকে কৰিব পাৰিব জীপ ছাফাৰী৷ ২৭ মার্চত পর্যটকৰ বাবে জীপ ছাফাৰী খোলা থাকিব কঁহৰা, বাগৰি, অগৰাতলী বনাঞ্চলত৷ ২৮ মার্চৰ দিনা পর্যটকৰ বাবে কঁহৰা, বাগৰি, অগৰাতলী বনাঞ্চল বন্ধ থকাৰ বিপৰীতে বুঢ়াপাহাৰ বনাঞ্চলত পর্যটকে কৰিব পাৰিব জীপ ছাফাৰী৷ বন্ধক লৈ বুধবাৰে এক জাননী জাৰি কৰে ৰাষ্ট্রীয় উদ্যান কর্তৃপক্ষই৷
ডি এফ অ’গৰাকীৰ মতে, বনকর্মী, বিশেষজ্ঞ আৰু স্বেচ্ছাসেৱকৰ সহায়ত সম্পন্ন হ’ব গণনা৷ কাজিৰঙাত প্রণালীবদ্ধভাৱে গঁড় গণনাৰ কাম ১৯৬৫ চনত প্রথমবাৰ আৰম্ভ হৈছিল আৰু সেই গণনাত ৰাষ্ট্রীয় উদ্যানখনত মুঠ ৩৬৬টা গঁড পোৱা গৈছিল৷ শেহতীয়াকৈ ২০১৮ বর্ষত চলা গণনাত কাজিৰঙা ৰাষ্ট্রীয় উদ্যানত ২,৪১৩টা গঁড় পোৱা গৈছিল৷ এইবাৰ গণনাত গঁড়ৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে বুলি জনায় কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ ডি এফ অ’ ৰমেশ গগৈয়ে৷ এই গঁড়ৰ বাবে কাজিৰঙা উদ্যানক ৭২টা এপার্টমেণ্টত বিভক্ত কৰা হৈছে আৰু ৬৩গৰাকী বিশেষজ্ঞক সন্মান জনোৱা হৈছে৷