মৰিগাঁৱত খুচুৰা বিক্ৰেতাই বন্ধ কৰিলে ইউৰিয়া সাৰ বিক্ৰী; সাৰ বিচাৰি কৃষকৰ হাহাকাৰ
নিয়মীয়া বাৰ্তা, ২৫ ফেব্ৰুৱাৰী: মৰিগাঁও জিলাৰ সৰ্বহাৰা কৃষকৰ ইউৰিয়া সাৰকে ধৰি আন আন কীটনাশক সামগ্ৰী বিচাৰি হাহাকাৰ । মৰিগাঁও জিলাৰ ভূৰাগাঁও , লাহৰীঘাট আৰু টেঙাগুৰিকে ধৰি সকলো সাৰ বিক্ৰেতা দোকান বন্ধ থকাত ইয়াৰ কৃষক সকল ইউৰিয়া বিচাৰি হায়ৰাণ হবলগা হৈছে । মাকৈ খেতি আৰু বৰো ধান খেতিত ইউৰিয়াকে ধৰি আন আন কীটনাশক দৰৱ প্ৰয়োগ কৰিব পৰা নাই । যাৰ ফলত কৃষক সকলৰ কষ্টৰ ফচল নষ্ট হোৱাৰ উপক্ৰম হৈছে ।যোৱা ২১ মাৰ্চৰ পৰা মৰিগাঁও জিলাৰ সকলো খুচুৰা সাৰ বিক্ৰেতাৰ দোকান বন্ধ হৈ আছে ।ইউৰিয়া সাৰ বিচাৰি সৰ্বস্বান্ত কৃষক সকলে বজাৰে বজাৰে বিচাৰি হাহাকাৰ কৰিব লগা হৈছে ।উল্লেখ্য যে মৰিগাঁও জিলা খনৰ প্ৰধান খেতি বৰোধান আৰু মাকৈ খেতি । এই দুয়োবিধ খেতিত ইউৰিয়া সাৰ প্ৰয়োগ কৰাৰ উপযুক্ত সময় । এই সময়ত সাৰ প্ৰয়োগ কৰিব নোৱাৰি কৃষক সকল হতাশাত ভূগি আছে । চৰকাৰী নিৰিখ মতে সাৰ বিক্ৰী কৰিলে খুচুৰা সাৰ বিক্ৰেতা সকল লোকচানৰ সন্মূখীন হব লগা হয় । সেইবাবেই সাৰ দোকানী সকলে সাৰ বিক্ৰীৰ ক্ষেত্ৰত নিৰিখ নিদ্ধাৰণ কৰি দিয়াৰ দাবী তুলি খুচুৰা সাৰ বিক্ৰেতা সকলে দোকান বন্ধ ৰাখিছে । যাৰ ফলত ইয়াৰ কৃষক সকল ভীষণ সমস্যাত পৰিছে ।ইয়াৰ কৃষক সকলৰ দাবী চৰকাৰে অতি শীঘ্ৰে সাৰ যোগানৰ ব্যৱস্হা কৰক ।অন্যথা আমাৰ আত্মহত্যাৰ বাহিৰে আন উপায় নাথাকিব বুলি কৃষক সকলে হুংকাৰ দিয়ে ।