নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিনামুলীয়া পাঠ্যপুথি বিতৰণ অনুষ্ঠানৰ শুভাৰম্ভ দলগাঁও ব্লকত

নিয়মীয়া বাৰ্তা , ২৫ মাৰ্চ:: দৰঙৰ দলগাঁও-শিয়ালমাৰী প্ৰাথমিক শিক্ষা খণ্ড এলেকাত ২০২২ – ২৩ বৰ্ষৰ বাবে আজি বিনামুলীয়া পাঠ্যপুথি বিতৰণৰ শুভাৰম্ভ কৰা হয় ৷ এই উপলক্ষে আজি দিনৰ ১১ বজাত দলগাঁও সংলগ্ন প্ৰাথমিক বিদ্যালয় প্ৰাংগনত এখনি বিতৰণী সভা অনুষ্ঠিত কৰা হয় ৷ দলগাঁও খণ্ড প্ৰাথমিক শিক্ষা বিষয়া সিতেশ্বৰ নাথৰ সভাপতিত্বত অনুষ্ঠিত সভাত উপ পৰিদৰ্শক হেমন্ত বৰুৱা, ডি পি অ সৌৰৱ জ্যোতি শৰ্মা, ডায়েটৰ অধ্যাপক প্ৰদ্যুত কুমাৰ মেধি, মহকুমা শিক্ষক সন্মিলনীৰ সভাপতি পৱন কুমাৰ ঝা, ব্লক সন্মিলনীৰ সভাপতি নজৰুল ইচলাম, বি আৰ পি, চি আৰ চি চি ৰ লগতে কে’বাখনো বিদ্যালয়ৰ প্ৰধান শিক্ষক উপস্থিত থাকে ৷ সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে উপ পৰিদৰ্শক হেমন্ত বৰুৱাই ৷ সভাত ভাষণ দি ডি পি অ শৰ্মাই কয় যে প্ৰতিখন বিদ্যালয়ত একোটাকৈ বুক বেংক থাকিব লাগে ৷ এই বুক বেংক সমুহত ছাত্ৰ ছাত্ৰীৰ পৰা পুৰণা কিতাপ সংগ্ৰহ কৰি বনাব লাগে ৷ কেতিয়াবা পাঠ্যপুথিৰ নাটনি হ’লে এই বুক বেংকৰ পৰা পাঠ্যপুথি শিক্ষাৰ্থী সকলৰ মাজত বিতৰণ কৰিব পাৰি ৷ সভাত ভষণ দি অধ্যাপক মেধিয়ে কয় যে চৰকাৰে ছাত্ৰ ছাত্ৰী সকলক পাঠ্যপুথি সমুহ বিনামুলীয়াকৈ যোগান ধৰা বাবে বহুতেই পাঠাপুথি খিনিৰ ওপৰত গুৰুত্ব দিব নিবিচাৰে ৷ পাঠ্যপুথি খিনি বিনামুলীয়া হ’লেও ইয়াৰ গুৰুত্ব যে অইন সমুহৰ দৰেই তাৰ প্ৰতি সজাগতা সৃষ্টি কৰিবলৈ তেখেতে আহ্বান জনায় ৷ সভাপতিৰ বক্তব্যত  নাথে বিদ্যালয়ত কৰ্ম সংস্কৃতি বৃদ্ধি কৰিবলৈ শিক্ষক সকলৰ প্ৰতি আহ্বান জনায় ৷ কৰ্ম সংস্কৃতি বৃদ্ধি পালে বিদ্যালয়ৰ ফলাফলো ভাল হব বুলি তেখেতে কয় ৷ কভিড ১৯ ৰ প্ৰকোপৰ হেতু বিগত সময়ত শিক্ষাৰ্থী সকলৰ যি লোকচান হ’ল তাক কেনেকৈ পুৰণ কৰিব পাৰি তাৰ বাবে পৰিকল্পনা কৰিবলৈও শিক্ষক সকলক আহ্বান জনায় ৷

You might also like