বগামাটিত উপাসনাথলী বাথৌ থানচালি মুকলি
নিয়মীয়া বার্তা, ২৩ জানুৱাৰীঃ অসমৰ ছুইজাৰলেণ্ড খ্যাত বাগ্সা আৰু ওদালগুৰি জিলাৰ সীমান্তৰ বগামাটিত ৰাইজৰ বাবে মুকলি কৰা হয় বডো জনগোষ্ঠীৰ বাথৌ ধর্মৰ লোকসকলৰ উপাসনাৰ থলী বাথৌ থানচালি৷ ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে সম্পূর্ণ নিজাববীয়াকৈ পর্যটনথলী বগামাটিত নির্মাণ কৰি উলিওৱা বাথৌ ধর্মৰ উপাসনাথলীবাথৌ থানচালি ১৯ জানুৱাৰীৰ পুৱা এক মাংগলিক পৰিৱেশত মুকলি কৰা হয়৷ মুখ্যদ্বাৰ মুকলি কৰাৰ পিছত সাংসদ বিশ্বজিৎ দৈমাৰী, বিটিচিৰ কার্যবাহী সদস্য মহেশ্বৰ বসুমতাৰীৰ লগতে বাথৌ মহাসভাৰ বিষয়ববীয়া আৰু সহস্রাধিক ভক্তপ্রাণ ৰাইজৰ উপস্থিতিত এক আধ্যাত্মিক পৰিৱেশত বিশ্বৰ ভিতৰতেই প্রথম বাথৌ ধর্মৰ ধর্মগুৰু মানসিং সিং বৌৰাইৰ প্রতিমূর্তি মুকলি কৰে বিটিচিৰ প্রাক্তন কার্যবাহী সদস্য তথা শুক্লাই চেৰফাং বিটিচি পৰিষদীয় সমষ্টিৰ এমচিএলএ গণেশ কছাৰীয়ে৷ বাথৌ ধর্মৰ লোকসকলৰ উপাসনাথলীত স্থাপিত জীৱন্ত ভগৱানৰূপে পৰিচিত সিজু গছৰ ওচৰত ধর্মগুৰুসকলৰ মন্ত্রৰ মাজত বন্তি প্রজ্বলন কৰে সাংসদ বিশ্বজিৎ দৈমাৰীয়ে৷ এই কার্যত সহযোগ কৰে সাংসদগৰাকীৰ পৰিয়ালবর্গই৷ পৰিয়ালৰ লগতে সমগ্র ৰাইজ তথা বিশ্ববাসীৰ শান্তিৰ বাবেও প্রার্থনা জনায়৷ উপাসনাথলীত সমৱেত সহস্রাধিক ভক্তপ্রাণ লোকে ধর্মীয় লোকবাদ্য বজাই বাথৌ ধর্মীয় প্রার্থনা ‘আৰজ’ গাই মুখৰিত কৰি তোলে ভাৰত–ভূটান সীমান্তৰ পর্যটনথলী বগামাটিৰ আকাশ–বতাহ৷ প্রায় দুঘণ্টাজোৰা প্রার্থনাৰ অন্তত অনুষ্ঠিত হয় এখন ৰাজহুৱা সভা৷ সভাত উপস্থিত থাকে তামুলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক ইমানুৱেল মুছাহাৰী, পানেৰী বিধানসভা সমষ্টিৰ বিধায়িকা কমলী বসুমতাৰী, চাপাগুৰি বিধানসভা সমষ্টিৰ বিধায়ক থানেশ্বৰ বসুমতাৰী, বিটিচিৰ কার্যবাহী সদস্য মহেশ্বৰ বসুমতাৰী, কার্যবাহী সদস্য বিজিৎগৌৰা নার্জাৰী, বিটিচিৰ প্রাক্তন কার্যবাহী সদস্য তথা শুক্লাই চেৰফাং পৰিষদীয় সমষ্টিৰ এমচিএলএ গণেশ কছাৰী, ভাৰতীয় সেনাৰ ৰঙিয়াস্থিত ৰেডহর্ন ডিভিজনৰ জি অ’ চি দীপক মেহৰা, বাগ্সা জিলাৰ উপায়ুক্ত ৰঞ্জন শর্মা, বাগ্সা জিলা আৰক্ষী অধীক্ষক প্রতীক বিজয় কুমাৰ থুবে, তামুলপুৰ মহকুমা আৰক্ষী বিষয়া অসীমা কলিতা, এম চি এল এ ধর্মনাৰায়ণ দাস, এম চি এল এ সুৰেশ তাঁতী, বাথৌ মহাসভাৰ সভাপতি–সম্পাদক প্রমুখ্যে বিশিষ্ট ব্যক্তিসকল৷ সভাত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলক সাংসদগৰাকীৰ তৰফৰ পৰা একোখনকৈ আৰনাইৰে সম্বর্ধনা জ্ঞাপন কৰা হয় আৰু একোখনকৈ বাথৌ ধর্মীয় প্রতীক বাথৌ মমেণ্ট’ উপহাৰ দিয়া হয়৷ বাথৌ ধর্মৰ উপাসনাথলী নির্মাণ কৰি ৰাইজৰ বাবে উছর্গা কৰি সাংসদ বিশ্বজিৎ দৈমাৰীয়ে কয় যে বাথৌ ধর্মৰ উপাসনাৰ থলীবোৰ আগতে ব্যক্তিগতভাৱে নির্মাণ কৰি বাথৌ ধর্মৰ লোকসকলে জীৱন্ত ভগৱানৰূপে বিশ্বাস কৰি অহা সিজু গছ ৰোপণ কৰি উপাসনা কৰি আহিছিল৷ এতিয়া সকলো লোকে যাতে ৰাজহুৱাভাৱে বাথৌ ধর্মৰ জীৱন্ত ভগৱান সিজু গছৰ ওচৰত বহি উপাসনা কৰি নিজৰ মনত শান্তি লাভ কৰিব পাৰে, তাৰ উদ্দেশ্য আগত ৰাখি আৰু অসমৰ লগতে বিশ্বৰ বিভিন্ন ঠাইৰ পৰা অহা পর্যটকসকলে বগামাটিলৈ আহি প্রার্থনা জনাব পাৰে, তাৰ বাবেই বাথৌ ধর্মৰ উপাসনাথলী বাথৌ থানচালি নির্মাণ কৰি তেওঁ ৰাইজৰ বাবে উছর্গা কৰিলে৷ দৈমাৰীয়ে কয় যে এই উপাসনাথলী পৰিচালনা কৰাৰ বাবে এখন সমিতি গঠন কৰা হৈছে আৰু ইয়াৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব তেওঁ নিজে আৰু পৰৱর্তী সময়ত তেওঁৰ পৰিয়ালে ল’ব৷