ৰোগাক্ৰান্তক ৰামটাঙোনঃ দাম বাঢ়িব ৮০০ জীৱনদায়িনী ঔষধৰ
নিয়মীয়া বাৰ্তা, ২৭ মার্চঃ পেট্র’ল–ডিজেল–ৰন্ধন গেছৰ পৰা নিত্য ব্যৱহার্য খাদ্য–সামগ্রীৰ ঊর্ধ্বমুখী দামে সর্বসাধাৰণক কোঙা কৰাৰ সময়তে আন এক জনবিৰোধী পদক্ষেপৰ দিশে আগবাঢ়িছে জীৱনদায়িনী ঔষধৰ দৰৰ নিয়ামক সংস্থা ‘নেচনেল ফার্মাচিউটিকেল প্রাইচিং অথৰিটী’ (এন পি পি এ)য়ে৷ বার্ষিক পাইকাৰী মূল্য সূচক অর্থাৎ ডব্লিউ পি আই বৃদ্ধিৰ অচিলাৰে এইবাৰ ৰোগাক্রান্তক ৰামটাঙোন শোধাই ৰাষ্ট্রীয় তালিকাভুক্ত ৮০০ বিধতকৈও অধিক অনুসূচীভুক্ত অত্যাৱশ্যকীয় জীৱনদায়িনী ঔষধৰ দাম ১০.৭ শতাংশ বৃদ্ধি কৰিব বিচৰা হৈছে৷ দেশত প্রথমবাৰৰ বাবে এবাৰতেই সর্বাধিক এই দাম বৃদ্ধিৰ নিৰিখ অহা ১ এপ্রিলৰ পৰা কার্যকৰী হ’ব৷ ইতিমধ্যে কেন্দ্রীয় ৰসায়ন আৰু সাৰ মন্ত্রালয়ৰ ফার্মাচিউটিকেল্ছ বিভাগৰ অন্তর্গত এন পি পি এৰ যুটীয়া সঞ্চালক (প্রাইচিং) ৰশ্মি টাহিলিয়ানী স্বাক্ষৰিত ১৯ (১১৯)/২০২২/ডি পি/এন পি পি এ/ডিভিজন–২ (ভলিউম–২) নম্বৰৰ এক কার্যালয় স্মাৰক কালি প্রকাশ পাইছে৷ য’ত কোৱা হৈছে– ‘বাণিজ্য আৰু উদ্যোগ মন্ত্রালয়ৰ অর্থনৈতিক উপদেষ্টা কার্যালয়ে দিয়া তথ্য অনুসৰি ২০২০ চনৰ তুলনাত ২০২১ বর্ষত পাইকাৰী মূল্যৰ সূচক বৃদ্ধি হৈছে ১০.৭৬৬০৭ শতাংশ৷ ড্রাগ্ (প্রাইচ কণ্ড্র’ল) অর্ডাৰ , ২০১৩ৰ ব্যৱস্থাৱলী অনুযায়ী পৰৱর্তী পদক্ষেপ গ্রহণৰ বাবে এই বিষয়টো সংশ্লিষ্টসকলৰ দৃষ্টিগোচৰ কৰা হ’ল৷’ ৰাষ্ট্রীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি এই কার্যালয় স্মাৰকখন প্রকাশ কৰাৰ অর্থ হ’ল ৰাষ্ট্রীয় সূচীৰ অধীনত অনুসূচীভুক্ত ৮০০ বিধতকৈও অধিক দৰবৰ দাম ১০.৭ শতাংশ বৃদ্ধিৰ পদক্ষেপ৷ লক্ষণীয়ভাৱে অনুসূচীভুক্ত এই ৮০০ বিধতকৈও অধিক ঔষধ সাধাৰণৰ পৰা কেতবোৰ জটিল ৰোগৰ চিকিৎসাত ব্যৱহূত হয়৷ সেয়েহে ১০.৭ শতাংশ হাৰত এই অত্যাৱশ্যকীয় জীৱনদায়িনী দৰবৰ দাম বৃদ্ধি কার্যকৰী হোৱাৰ লগে লগে মহামাৰী ক’ভিড–১৯ত বিপর্যস্ত দেশৰ জনতাই আন এক দুর্ভোগৰ সন্মুখীন হোৱাটো নিশ্চিত৷ মূলতঃ পেৰাচিটামল, ফেন’বার্বিটন, ফেনাইট’ইন ছডিয়াম, এজিথ্র’মাইচিন, চিপ্র’ফ্ল’ক্সাচিন হাইড্র’ক্লৰাইড আৰু মেট্র’নিডাজল আদিৰ দৰে সততে ব্যৱহাৰ হোৱা অত্যাৱশ্যকীয় ঔষধসমূহ দাম বৃদ্ধিৰ তালিকাত অন্তর্ভুক্ত হৈছে৷ অর্থাৎ অহা এক এপ্রিলৰ পৰা ১০.৭ শতাংশ দৰৰ অতিৰিক্ত নিৰিখ কার্যকৰী হোৱাৰ লগে লগে হূদৰোগ, ৰক্তহীনতা, চর্মৰোগ, উচ্চ ৰক্তচাপ, সংক্রমণ আৰু জ্বৰত আক্রান্ত ৰোগীসকল সংকটৰ সন্মুখীন হ’ব লাগিব৷ তদুপৰি মধ্যমীয়া আৰু গুৰুতৰভাৱে দুর্বল ক’ভিড–১৯ আক্রান্ত ৰোগীৰ চিকিৎসাত ব্যৱহূত জীৱনদায়িনী ঔষধৰো দাম বৃদ্ধি কৰিব বিচৰা হৈছে৷ মুঠৰ ওপৰত এইবাৰ অত্যাৱশ্যকীয় জীৱনদায়িনী ঔষধৰ আকাশলংঘী হাৰত দাম বৃদ্ধিৰ সিদ্ধান্ত কার্যকৰী হোৱাৰ লগে লগে দেশৰ সর্বসাধাৰণ জনতাই আন এক দুর্যোগৰ সন্মুখীন হ’ব৷ উল্লেখ্য যে ৰাষ্ট্রীয় সূচীৰ অনুসূচীভুক্ত ঔষধসমূহৰ দাম প্রতিবছৰে বৃদ্ধিৰ ক্ষেত্রত নিয়ামক সংস্থা এন পি পি এই অনুমতি প্রদান কৰে৷ কিন্তু ইতিপূর্বে কোনোকালে ১০.৭ শতাংশ হাৰত ঔষধৰ মূল্যবৃদ্ধি ঘটা নাছিল৷ বিগত ২০১৯ চনত প্রায় ২ শতাংশ আৰু ২০২০ চনত ০.৫ শতাংশ হাৰতহে ঔষধৰ নাম বৃদ্ধিৰ বাবে কোম্পানীসমূহক অনুমতি প্রদান কৰা হৈছিল এন পি পি এৰ দ্বাৰা৷ কিন্তু এইবাৰ এবাৰতে সর্বাধিক হাৰত ঔষধৰ দাম বৃদ্ধি ঘটোৱাৰ পদক্ষেপ গ্রহণ কৰাটো বিবেচিত হৈছে জনবিৰোধী কার্য হিচাপে৷ মন কৰিবলগীয়া যে কোম্পানীসমূহে ঔষধ প্রস্তুতৰ উপাদান আৰু পৰিবহণ তথা পেকেজিঙকে ধৰি অন্যান্য সা–সামগ্রীৰ দাম বৃদ্ধিৰ কথা উল্লেখ কৰি ঔষধৰ দাম বঢ়োৱাৰ দাবী উত্থাপন কৰি আহিছে৷ আনকি বিগত নৱেম্বৰ মাহত এহাজাৰতকৈও অধিক ভাৰতীয় ঔষধ প্রস্তুতকাৰী কোম্পানীয়ে ৰাষ্ট্রীয় সূচীৰ অনুসূচীভুক্ত ঔষধৰ দাম ১০ শতাংশ আৰু অনুসূচীৰ অন্তর্ভুক্ত নোহোৱা ঔষধৰ দাম ২০ শতাংশ বৃদ্ধিৰ দাবী উত্থাপন কৰিছিল৷ মন কৰিবলগীয়া যে অনুসূচীৰ অন্তর্ভুক্ত নোহোৱা ঔষধসমূহৰ দামহে বছৰি ১০ শতাংশ বৃদ্ধি কৰাৰ অনুমতি লাভ কৰে কোম্পানীসমূহে৷ কিন্তু এইবাৰ অনুসূচীভুক্ত অত্যাৱশ্যকীয় জীৱনদায়িনী ঔষধৰ ক্ষেত্রতো দাম ১০ শতাংশতকৈ অধিক বঢ়োৱাৰ পদক্ষেপে স্বাভাৱিকতে উদ্বিগ্ণ কৰি তুলিছে দেশবাসীক৷