বিশেষ বাৰ্তা, ২৯ মাৰ্চঃ মুক্ত মনক সঁজাত কেতিয়াও বন্দী কৰি ৰাখিব নোৱাৰি। এই কথা লিখিলে জুবিন গাৰ্গে। দেৱাল অংকনৰ বাবে অৰুণাচল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা চিত্ৰ শিল্পী নীলিম মহন্তৰ মুক্তিৰ দাবী তুলিলে জুবিনে। ফেচবুকত তেওঁ লিখিছে- “Free souls cannot be stopped in cages. Release Neelim” এই কথা লিখাৰ লগতে নীলিমৰ দেৱাল অংকনৰ ফটো এখনো কণ্ঠশিল্পীগৰাকীয়ে শ্বেয়াৰ কৰিছে।
no more dams বুলি লিখিয়ে জগৰ লগালে প্ৰতিশ্ৰুতিসম্পন্ন যুৱ শিল্পীগৰাকীয়ে। যাৰ বাবে লখিমপুৰৰ ঘৰ পৰা উঠাই নিয়া হ’ল ইটানগৰলৈ। ইতিমধ্যে নীলিমৰ গ্ৰেপ্তাৰত বিভিন্ন দল-সংগঠন, ব্যক্তিয়ে বিভিন্ন মাধ্যমেৰে প্ৰতিবাদ সাব্যস্ত কৰিছে। ছ’চিয়েল মিডিয়াতো যথেষ্ট কাৰ্যসূচী লোৱা হৈছে।