নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুজৰাটত সত্ৰীয়া সংস্কৃতিৰ সুৱাস বিলালে মাজুলীৰ শিল্পীয়ে

নিয়মীয়া বাৰ্তা, বনগাঁও, ৩১ মাৰ্চঃ গুজৰাটত সত্ৰীয়া সংস্কৃতিৰ সুৱাস বিলালে মাজুলীৰ ঐতিহ্যমণ্ডিত উত্তৰ কমলাবাৰী সত্ৰৰ শিল্পী দলে। গুজৰাটৰ ঐতিহাসিক সোমনাথ মন্দিৰৰ প্ৰাংগনত সাগৰৰ পাৰত ১০ জনীয় শিল্পী দলে পৰিৱেশন কৰিলে গুৰুজনাৰ অমৰ সৃষ্টি গায়ন-বায়ন। ২৬ মাৰ্চৰ পৰা ৩০ মাৰ্চলৈ সংগীত নাটক একাডেমী ভাৰত চৰকাৰে আয়োজন কৰা  ‘অমৃত স্বধাৰা’ সাংস্কৃতিক মহোৎসৱত মাজুলী উত্তৰ কমলাবাৰী সত্ৰৰ বৈষ্ণৱসকলে পৰিৱেশন কৰিলে গুৰুজনাৰ অপূৰ্বসৃষ্টি গায়ন-বায়ন।  ভাৰতবৰ্ষৰ স্বাধীনতাৰ ৭৫ বছৰীয়া ‘অমৃত মহোৎসৱ’ অনুষ্ঠিত কৰিছে গুজৰাটৰ গিৰ জিলা সোমনাথত। ভাৰতবৰ্ষৰ ১২ জ্যোতিলিংগৰ প্ৰথমো জ্যোতিলিংগ অৱস্থিত ঐতিহাসিক সোমনাথ মন্দিৰত। ঐতিহাসিক মন্দিৰৰ প্ৰাংগনত সাগৰৰ পাৰত মুকলি মঞ্চত শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি পূৰ্বৰংগ গায়ন-বায়ন পৰিবেশন কৰি মুহিলে অগনন দৰ্শকক। ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ শাস্ত্ৰীয় সংগীতৰ দলে অংশ গ্ৰহণ কৰে উক্ত সংগীতৰ মহোৎসৱত। আগশাৰী শাস্ত্ৰীয় নৃত্য শিল্পী, বিভিন্ন ৰাজ্যৰ নৃত্যৰ দলে সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ন কৰে। সংগীত জগতৰ গৱেষক পণ্ডিত, সংগঠক, সাধক, শিল্পী, সাধু সন্ত উপস্থিত থাকি অনন্য মাত্ৰা প্ৰদান কৰিলে উক্ত অনুষ্ঠানত।  উত্তৰ কমলাবাৰী সত্ৰ শংকৰদেৱ কৃষ্টি সংঘৰ সম্পাদক তীৰ্থ ভূঞা বৰগায়নৰ নেতৃত্বত যোৱা শিল্পীসকল হৈছে- কৃষ্ণ কুমাৰ বৰবায়ন, নিৰঞ্জন বৰবায়ন, পবিত্ৰ গায়ন, জগন্নাথ বৰবায়ন, দেৱানন্দ গায়ন, শান্তনু গায়ন, দীননাথ বায়ন, পদ্ম কলিতা বায়ন, ভাস্কৰ বায়ন। বহিঃৰাজ্যত সত্ৰীয়া সংস্কৃতিৰ সুবাস বিলাই অসমলৈ সুনাম কঢ়িয়াই অনাৰ লগতে মাজুলীকো গৌৰৱান্বিত কৰিছে।
You might also like