বিশেষ বাৰ্তা লখিমপুৰ ৩১ মাৰ্চঃ মূল্যবৃদ্ধিৰ বিৰুদ্ধে আজি লখিমপুৰত প্ৰতিবাদ সাব্যস্ত কৰে অসমীয়া মঞ্চই। প্ৰতিবাদকাৰীসকলে যোগান মন্ত্রীৰ পুত্তলিকা দাহ কৰে। পেট্ৰপণ্যৰ আকাশলংঘী মুল্যবৃদ্ধিৰ বিৰুদ্ধে আজি লখিমপুৰ নগৰৰ মাজমজিয়াত অসমীয়া যুৱ মঞ্চই যোগান মন্ত্রীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷ বিজেপি চৰকাৰখনক তেজপিয়া চৰকাৰ বুলি অভিহিত কৰি চৰকাৰখনে জনসাধাৰণৰ টেটু চেপি ধৰিছে বুলি ক্ষোভ প্ৰকাশেৰে উত্তাল পৰিবেশৰ সৃষ্টি কৰে প্ৰতিবাদকাৰীসকলে।