শ্ৰী শ্ৰী শংকৰদেৱ কীৰ্তনঘৰৰ মহাৰজত জয়ন্তী: ২ আৰু ৩ এপ্ৰিলত বৰ্ণাঢ্য কাৰ্য্যসূচীৰে আৰম্ভণি অনুষ্ঠান
নিয়মীয়া বাৰ্তা, ১ এপ্ৰিলঃ মৰিয়নিৰ ‘বুঢ়া নামঘৰ’ নামেৰে জনাজাত শ্ৰী শ্ৰী শংকৰদেৱ কীৰ্তনঘৰৰ প্ৰতিষ্ঠাৰ ৭৫ বছৰত ভৰি দিয়া উপলক্ষ্যে আয়োজন কৰা মহাৰজত জয়ন্তী উৎসৱৰ ব্যাপক প্ৰস্তুতি চলিছে । অহা ২ আৰু ৩ এপ্ৰিলত বৰ্ণাঢ্য কাৰ্য্যসূচীৰে বৰ্ষজোৰা কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰা হ’ব । এই উপলক্ষ্যে আজি শ্ৰী শ্ৰী শংকৰদেৱ কীৰ্তনঘৰৰ অতিথি গৃহত অনুষ্ঠিত এক সংবাদ মেলত এই সম্পৰ্কে অৱগত কৰে শ্ৰী শ্ৰী শংকৰদেৱ কীৰ্তনঘৰ পৰিচালনা সমিতিৰ সভাপতি পৰেশ বৰুৱা আৰু সম্পাদক অধ্যাপক বসন্ত বৰাই । ভাৰতৰ স্বাধীনতাৰ এটা বছৰৰ পিছতেই অৰ্থাৎ ১৯৪৮ চনত স্থাপন কৰা তেতিয়াৰ শংকৰ মন্দিৰ আজিৰ শ্ৰী শ্ৰী শংকৰদেৱ কীৰ্তনঘৰ নামেৰে জনাজাত হ’ল । এই শ্ৰী শ্ৰী শংকৰদেৱ কীৰ্তনঘৰ সমগ্ৰ অঞ্চলটোৰে অন্যতম পুৰণি ধৰ্মীয়নুষ্ঠান । অহা ২ এপ্ৰিলৰ মহাৰজত জয়ন্তীৰ বৰ্ষজোৰা কাৰ্য্যসূচীৰ শুভাৰম্ভনি অনুষ্ঠানত পতাকা উত্তোলন, স্মৃতি তৰ্পন, নিমন্ত্ৰিত শিল্পীৰ দিহানাম পৰিবেশনৰ লগতে সম্প্ৰীতিৰ শোভাযাত্ৰা শীৰ্ষক এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰ আয়োজন কৰা হৈছে ।
ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচাই উদ্বোধন কৰিবলগীয়া এই শোভাযাত্ৰাত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে বিভিন্ন লোকে অংশগ্ৰহণ কৰিব । আনহাতে, দ্বিতীয় দিনা যোৰহাট ৰংদৈৰ পটিয়ৰী সত্ৰৰ বিষ্ণু দেৱ গোস্বামীৰ দ্বাৰা পৰিবেশিত নাম প্ৰসংগৰে কাৰ্য্যসূচী আৰম্ভ হ’ব । ৰাতিলৈ যোৰহাটৰ পাঞ্চজন্য নাট্যগোষ্ঠীৰ দ্বাৰা ভাওনা ‘নৃসিংহ অৱতাৰ’ প্ৰদৰ্শন কৰা হ’ব । উল্লেখযোগ্য যে, যোৰহাটৰ বৃন্দাবন নাট্যগোষ্ঠীৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া সদৌ অসম ভাওনা প্ৰতিযোগিতাৰ এক অংশ হিচাপে এই ভাওনা প্ৰদৰ্শিত হ’ব ।
ইয়াৰোপৰি মহাৰজত জয়ন্তী উপলক্ষ্যে একাধিক স্থায়ী নিৰ্মাণকাৰ্যও উদ্যোক্তাসকলে হাতত লৈছে বুলি সংবাদ মেলত তেওঁলোকে জানিবলৈ দিয়ে । আনহাতেদি সংবাদ মেলৰ যোগেদি বৰ্ষজোৰা কাৰ্য্যসূচীকো অৱগত কৰে উদ্যোক্তাসকলে । সমগ্ৰ বৰ্ষটোত ধৰ্মীয় আলোচনা চক্ৰ, বক্তৃতানুষ্ঠান, বিভিন্ন বিষয়ৰ সাংস্কৃতিক কৰ্মশালা, শিশু সমাৰোহ, যুৱ সমাৰোহ, আই মাতৃ সমাৰোহ, বিভিন্ন প্ৰতিযোগিতা, বিভিন্ন ধৰ্মীয় অনুষ্ঠানৰ অনুষ্ঠান পৰিবেশন, ভাওনা প্ৰদৰ্শন আদি বহু কাৰ্য্যসূচী হাতত লোৱা বুলিও তেওঁলোকে জানিবলৈ দিয়ে । অহা বৰ্ষৰ এপ্ৰিল মাহত তিনিদিনীয়া কাৰ্য্যসূচীৰে সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰাৰো তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছে । ইফালে, সামৰনি অনুষ্ঠানত এখনি স্মৃতিগ্ৰন্থ প্ৰকাশৰ যাৱতীয় প্ৰস্তুতিও আৰম্ভ কৰিছে উদ্যোক্তাসকলে । সংবাদ মেলত মহাৰজত জয়ন্তী উদযাপন সমিতিৰ সম্পাদক পল্লৱ দত্ত ( বুবু ), জ্যেষ্ঠ সেৱকী গোলাপ চেতিয়া, উপেন বৰা, উমা হাজৰিকা, দীপক দত্ত ( জোন ), মুকুত বুঢ়াগোঁহাই, পংকজ বৰা আদি উপস্থিত থাকে । আটাইকেইদিনৰ কাৰ্য্যসূচীত ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি আৰু অংশগ্ৰহণ উদ্যোক্তাসকলে কামনা কৰিছে ।