অস্তিত্বহীন যোগান বিভাগঃ ৪ গুণ অধিক দামত বিক্ৰী খাৰুৱাপেটীয়াৰ পাচলি
নিয়মীয়া বাৰ্তা, ৫ এপ্ৰিলঃ ৰাজ্যৰ নিয়ন্ত্রণহীন বজাৰত দাম বৃদ্ধিৰ জুইকুৰাই ত্রাহি মধুসূদন সোঁৱৰাইছে সর্বসাধাৰণক৷ প্রধানতঃ পেট্র’ল–ডিজেলৰ ধাৰাবাহিক দৰ বৃদ্ধিৰ লগতে যোৱা ১ এপ্রিলৰ পৰা কার্যকৰী হোৱা টোল প্লাজাৰ বর্ধিত কৰে সমগ্র বজাৰ ব্যৱস্থাত বিৰূপ প্রভাৱ পেলাইছে৷ টোল প্লাজাত মাত্রাধিক ধন আদায় দিয়াৰ উপৰি ইন্ধনতো অতিৰিক্ত দাম ভৰিবলগীয়া হোৱাত স্বাভাৱিকতে পূর্বৰ নিৰিখতকৈ বাঢ়িছে পৰিবহণ ব্যয়৷
ইয়াৰ সমান্তৰালভাৱে চৰকাৰৰ যোগান বিভাগ আৰু কৃষি বিপণন ব্যৱস্থাৰ অস্তিত্বহীনতাৰ সুযোগত মধ্যভোগী চক্রৰো দৌৰাত্ম্য অব্যাহত আছে৷ যাৰ মূল্য ভৰিবলগীয়া হৈছে গ্রাহক ৰাইজে৷ এক কথাত ক’বলৈ গ’লে টোল প্লাজাৰ কৰ, পেট্র’ল–ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধি আৰু মধ্যভোগীৰ মুনাফা লুটাৰ মানসিকতাত কার্যতঃ দিশহাৰা হৈ পৰিছে জনতা৷ বজাৰ ব্যৱস্থা নিয়ন্ত্রণৰ বাবে ৰাজ্য চৰকাৰৰ অধীনত এটা বিয়াগোম খাদ্য, অসামৰিক যোগান আৰু গ্রাহক পৰিক্রমা নামৰ বিভাগ আছে যদিও ইয়াৰ অস্তিত্বক লৈ সর্বদা প্রশ্ণ উত্থাপন হৈ আহিছে৷
অত্যাৱশ্যকীয় সামগ্রীৰ দামৰ তালিকা প্রস্তুত কৰিয়েই এই বিভাগটোৱে নিজৰ দায় সৰাৰ পৰিৱর্তে কার্যক্ষেত্রত কোনোদিনে জনসাধাৰণক সকাহ দিয়াৰ হকে ব্যৱস্থা নোলোৱাৰ অভিযোগ দীর্ঘদিনীয়া৷ আনকি চৰকাৰী বেতনভোগী বিভাগটোৰ একাংশ বিষয়া–কর্মচাৰীয়ে কমিছনৰ অংকত বণিয়াৰে মিতিৰালি কৰি সর্বসাধাৰণৰ মূৰত ৰাম–টাঙোন শোধোৱাৰ পথ প্রশস্ত কৰি দিয়াৰো অভিযোগ উত্থাপন হৈ আহিছে৷ সেইদৰে মূৰৰ ঘাম মাটিত পেলাই উৎপাদিত ফচলৰ উচিত মূল্য কৃষকে লাভ কৰাৰ সমান্তৰালভাৱে গ্রাহকেও যাতে সঠিক দৰত কৃষিজাত সামগ্রী–পাচলি ক্রয় কৰিব পাৰে, সেয়া নিশ্চিত কৰিবলৈ চৰকাৰৰ অধীনত এখন কৃষি বিপণন পৰিষদ আছে৷ কিন্তু বাস্তৱ ক্ষেত্রত এই কৃষি বিপণন পৰিষদখনে কেনেধৰণৰ কার্যপন্থা গ্রহণ কৰি আহিছে, সেয়াও ৰাজ্যবাসীৰ দুর্বোধ্য৷ ইয়াৰ সমুচিত উদাহৰণ– উৎসস্থলত আজিৰ তাৰিখতো প্রতিবিধ পাচলি পানীৰ দৰত বিক্রী হোৱাৰ বিপৰীতে গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ আন আন নগৰ–চহৰৰ বজাৰত গ্রাহকে তিনি–চাৰি গুণ পর্যন্ত দামত ক্রয় কৰিবলগীয়া হৈছে৷
তথ্য অনুসৰি আজিৰ দিনটোত খাৰুপেটীয়াৰ বজাৰত প্রতি কিলোগ্রাম চজিনা ৬৫–৭৫ টকাত বিক্রী হোৱাৰ বিপৰীতে গুৱাহাটীত ইয়াৰ দাম হ’ল ১২০–১৫০ টকা৷ খাৰুপেটীয়াৰ বজাৰত ২৫–৪০ টকীয়া প্রতি কিলোগ্রাম জলকীয়াৰ মূল্য গুৱাহাটীত হৈছে ৭৫–৯০ টকা৷ সেইদৰে প্রতি কিলোগ্রাম ৯ টকীয়া তিযঁহৰ গুৱাহাটী আহি পোৱাৰ লগে লগে দাম হৈছে ৩৫–৪০ টকা৷ গাজৰ–ৰঙালাউ–পানীল্ কেৰেলাৰ ক্ষেত্রতো একেই ছবি৷ খাৰুপেটীয়াত এই পাচলিকেইবিধৰ প্রতি কিলোগ্রামত মূল্য হৈছে ক্রমে ১৪–২০ টকা, ১০–১২ টকা, ১৮–২০ টকা, ৪০–৪৫ টকা আৰু ৩৫–৪০ টকা৷ কিন্তু একেইকেইবিধ পাচলি গুৱাহাটীৰ গ্রাহকে ক্রয় কৰিছে ক্রমে ২৫–৩০ টকা, ২০–২৫ টকা, ৩০–৩৫ টকা, ৬৫–৮০ টকা আৰু ৫০–৫৫ টকাত৷ অনুৰূপ ধৰণে খাৰুপেটীয়াৰ বজাৰৰ ১৪–১৮ টকীয়া স্কোৱাছ ৩০ টকা, ১০ টকীয়া মটৰ ৫০ টকা, ১৫ টকীয়া বিলাহী ৩০–৩৫ টকা, ২০ টকীয়া কোমোৰা ৩৫–৪০ টকাত, ২৫ টকীয়া বিন ৪০–৪৫ টকা, ৫ টকীয়া উৰহী ২৫–৩০ টকা, ১২ টকীয়া ওলকবি ২৫–৩০ টকা, ৫–৮ টকীয়া বন্ধাকবি ২০–২৫ টকা, ১০ টকীয়া ফুলকবি ২৫–৩০ টকা আৰু ৬০ টকীয়া আদা–নহৰু ৮৫–৯৫ টকাত বিক্রী হৈছে গুৱাহাটীত৷ আজিৰ তাৰিখত বজাৰত আটাইতকৈ চর্চা হৈছে নেমুক লৈ৷ প্রতিযোৰা নেমু খাৰুপেটীয়াত ১০ টকাত বিক্রী হোৱাৰ বিপৰীতে গুৱাহাটীত ইয়াৰ দাম হ’ল ২০ টকা৷ দাম বৃদ্ধিয়ে জনসাধাৰণক কিদৰে চকুৰে সৰিয়হৰ ফুলি দেখুৱাইছে, সেয়া দামৰ এনে বৃহৎ তফাতেই প্রতিপন্ন কৰে৷