তিতাবৰত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ পৰা চৰকাৰী বিদ্যালয়লৈ অভিভাৱক ছাত্ৰ-ছাত্ৰীৰ উভটনি যাত্ৰা
নতুন শিক্ষা বৰ্ষত নামভৰ্তিৰ কাৰণে অভিভাৱকৰ লানি নিছিগা সোঁত
নিয়মীয়া বাৰ্তা, ৬ এপ্ৰিলঃ চৰকাৰী বিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীৰ অনুপাতে শিক্ষকৰ অভাৱ, আন্তঃগাঁঠনি জুৰুলা হৈ থকা এক বৃহৎ সমস্যা। নতুন শিক্ষানীতিৰ প্ৰযোজ্যকৰণৰে চৰকাৰী শিক্ষা খণ্ডক উন্নীতকৰণৰ প্ৰচেষ্টা ৰাজ্য চৰকাৰে অব্যাহত ৰখাৰ সময়তে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ পৰা চৰকাৰী শিক্ষা খণ্ডলৈ অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীৰ উভোটনি যাত্ৰা আৰম্ভ হব ধৰিছে। নতুন শৈক্ষিক বৰ্ষ আৰম্ভণিৰ লগে লগে তিতাবৰ শিক্ষাখণ্ডৰ ভালেমান বিদ্যালয়ে ন উদ্যমেৰে শিক্ষণ শিকণ প্ৰণালী আৰম্ভ কৰিবলৈ তৎপৰ হোৱা পৰিলক্ষিত হৈছে। এই ক্ষেত্ৰত তিতাবৰৰ এখন চৰকাৰী খণ্ডৰ বিদ্যালয় বৰ এলেঙী বগীআই সত্ৰত অৱস্থিত শংকৰদেৱ মধ্য ইংৰাজী বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ বাবে অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীৰ অভাৱনীয় ভিৰ দেখিবলৈ পোৱা গৈছে। বিগত দুটাকৈ গুণোৎসৱত এ প্লাছ গ্ৰেড লাভ কৰা বিদ্যালয়খনিত নতুন শিক্ষাবৰ্ষৰ আৰম্ভণিৰ দিনটোত নামভৰ্তি আৰু পাঠ্যপুথি সংগ্ৰহৰ বাবে ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকৰ লানি নিছিগা ভিৰ দেখিবলৈ পোৱা গৈছে।
উল্লেখ যে প্ৰায় ২৫০জন ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰি থকা বিদ্যালয়খনিলৈ বিভিন্ন অঞ্চলৰ লগতে কাষৰীয়া গোলাঘাট জিলাৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ পৰাও বহু ছাত্ৰ ছাত্ৰীৰ আগমণ ঘটিছে। ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ জয়যাত্ৰাৰ সময়ত এই ওভটনি সোঁতে নিশ্চিত ভাৱে শংকৰদেৱ মধ্য ইংৰাজী বিদ্যালয়ৰ দৰে চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ প্ৰতি জনসাধাৰণৰ বৃদ্ধি পোৱা বিশ্বাস আৰু আস্থাক প্ৰমাণ কৰিছে। ইতিমধ্যে বিভাগীয় বিষয়া কৰ্মচাৰী আৰু অন্যান্য বহুতো বিষয়ববীয়াই বিদ্যালয় ভ্ৰমণৰ সময়চোৱাত বিদ্যালয়খনিৰ আশ্ৰম সদৃশ পৰিৱেশ আৰু বিদ্যায়তনিক দিশসমূহৰ ভূয়সী প্ৰশংসা আগবঢ়োৱা দেখিবলৈ পোৱা গৈছে। প্ৰতিষ্ঠাপক প্ৰধান শিক্ষকগৰাকীৰ লগতে বৰ্তমানৰ প্ৰধান শিক্ষয়িত্ৰী আৰু সমূহ শিক্ষক শিক্ষয়িত্ৰীৰ তেওঁলোকৰ বিদ্যালয়খনিৰ প্ৰতি আগবঢ়োৱা ঐকান্তিক প্ৰচেষ্ঠাৰ ফলত আজি শংকৰদেৱ মধ্য ইংৰাজী বিদ্যালয়ে কেৱল তিতাবৰতে নহয় সমগ্ৰ জিলাখনতে বিশেষ ভাৱে জিলিকি উঠিবলৈ সক্ষম হৈছে। বিদ্যালয়খনিৰ আৰু এটা উল্লেখনীয় দিশ হ’ল সমাজ জড়িতকৰণ। যিসময়ত বহুবোৰ বিদ্যালয়ত অনুষ্ঠিত হোৱা অভিভাৱকৰ সভা সমূহত আঙুলিৰ মূৰত লিখিব পৰা ধৰণৰ উপস্থিতি পৰিলক্ষিত হয়, সেই সময়ত শংকৰদেৱ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰায় প্ৰতিখন অভিভাৱকৰ সভাতেই শতাধিক অভিভাৱক আৰু স্থানীয় ৰাইজৰ উপস্থিতি থাকে। উৎকৃষ্ট মধ্যাহ্ন ভোজনৰ ক্ষেত্ৰতো বিদ্যালয়খনিত যথেষ্ট গুৰুত্ব আৰোপ কৰা হয় আৰু প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীয়েই যাতে স্বাদযুক্ত পুষ্টিকৰ ভোজন লাভ কৰিব পাৰে তাক নিশ্চিত কৰিবলৈ প্ৰায় প্ৰত্যেক দিনাই বাহিৰৰ দুই এজন অতিথিক বিদ্যালয়লৈ নিমন্ত্ৰণ জনাই মধ্যাহ্ন ভোজনৰ স্বাদ ল’বলৈ দিয়া হয়। বিদ্যায়তনিক দিশটোৰ লগতে সহঃ বিদ্যায়তনিক ক্ৰিয়া কলাপৰ ক্ষেত্ৰতো শংকৰদেৱ মধ্য ইংৰাজী বিদ্যালয়ে যথেষ্ট গুৰুত্ব আৰোপ কৰি সুনিৰ্দিষ্ট সময়সূচী এই ক্ষেত্ৰত প্ৰস্তুত কৰা দেখা গৈছে। ছাত্ৰ- ছাত্ৰীসকলৰ শৈক্ষিক যাত্ৰাৰ পথত শংকৰদেৱ বিদ্যালয়ে লোৱা ভূমিকা সকলো বিদ্যালয়ৰ বাবে অনুকৰণীয় বুলি ৰাইজৰ মাজত চৰ্চা হ’ব ধৰিছে।
প্ৰেৰকঃ প্ৰণৱজ্যোতি কলিতা,তিতাবৰ