নিয়মীয়া বাৰ্তা, ধনশ্ৰীঘাট, ৯ এপ্ৰিলঃ সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ উদ্যোগত গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া ষ্টেডিয়ামত ৪ এপ্ৰিলৰ পৰা অনুষ্ঠিত সীমান্ত ক্ৰীড়া মহোৎসৱৰ কালি সামৰণি পৰে। মহোৎসৱখনিত অসমৰ আন্তৰাষ্ট্ৰীয় সীমান্তৱৰ্তী নখন জিলা ক্ৰমে ওদালগুৰি, তামুলপুৰ, বাক্সা, চিৰাং, কোকৰাঝাৰ, ধুবুৰী, কৰিমগঞ্জ, কাছাৰ আৰু মানকাচৰৰ খেলুৱৈসকলে অংশগ্ৰহণ কৰে। মহোৎসৱখনিৰ অন্তত ঘোষণা কৰা বিভিন্ন প্ৰতিযোগিতাৰ ফলাফল অনুসৰি ১১ পদক লাভ কৰি দ্বিতীয় স্থান লাভ কৰে ওদালগুৰি জিলাই। ইয়াৰে ভিতৰত চাৰিটা সোণ, দুটা ৰূপ আৰু পাঁচটা ব্ৰঞ্জৰ পদক লাভ কৰে ওদালগুৰিৰ খেলুৱৈসকলে। সেই অনুসৰি এশ আৰু দুশ মিটাৰ দৌৰত দুটাকৈ সোণৰ পদক লাভ কৰে বুদিৰাম চৰেণে, ডিচকাছ থ্ৰ’তছোৱালীৰ শাখাত সোণৰ পদক লাভ কৰে ছোনিয়া ৰাভাই, লংজাম্পত ল’ৰাৰ শাখাত সোণৰ পদক লাভ কৰে বলোৰাম নাৰ্জাৰীয়ে। ছোৱালীৰ হাইজাম্পত ৰূপৰ পদক লাভ কৰে কাঞ্চন চেত্ৰীয়ে আৰু ল’ৰাৰ দুশ মিটাৰ দৌৰত ৰূপৰ পদক লাভ কৰে বাৰ্ণাহিন চাংমাই। শ্বটফুটত ব্ৰঞ্জৰ পদক লাভ কৰে সুমন নায়ক, ছোনিয়া ৰাভাই। ভেভলিন থ্ৰ’ত ইন্দ্ৰবাহাদুৰ তিৱাৰী, হাইজাম্পত তীৰ্থজ্যোতি পাঠক, চাৰিশ মিটাৰ দৌৰত জেডিদা চাংমা, সুশিলা বড়ো, ৰিতু ৰায় আৰু সংগীতা বড়োৱে ব্ৰঞ্জৰ পদক লাভ কৰে। উল্লেখ্য যে উক্ত ক্ৰীড়া মহোৎসৱখনিত ৯ খন জিলাৰ ৪০০ খেলুৱৈয়ে অংশগ্ৰহণ কৰে।