বাপন শৰ্মা, টংলা, ৯ এপ্ৰিলঃ স্বাধীনতা বিচৰাৰ লগতে শোষণ, বঞ্চনাৰ পৰা মুক্তি বিচাৰি হাতত বন্দুক -বাৰুদ লৈ সশস্ত্ৰ সংগ্ৰামত জঁপিয়াই পৰি অৱশেষত মূল সুতিলৈ ঘুৰি অহাৰ পিছত স্বদেশৰ মাটিতেই ভৱিষ্যত জীৱন গঢ়াৰ সংগ্ৰামত নামি পৰিল এগৰাকী তেজাল যুৱক। যাৰ জীৱনৰ সকলো গতিপথ সলনি হৈ এতিয়া এগৰাকী বিশিষ্ট যুৱ সমাজ কৰ্মীয়েই নহয় এগৰাকী আদৰ্শ ক্ষুদ্ৰ চাহ খেতিয়কৰ পৰা ৰাজনীতি জীৱনলৈ যাৰ বৰ্ণিল জীৱন যাত্ৰা। সেউজীয়া সপোনৰ পৰা সামাজিক জীৱনলৈ আৰু এতিয়া ৰাজনীতিলৈকে এক কৰ্মময় জীৱন। যাৰ জীৱনৰ গতি সেন্দুৰীয়া হৈ উঠাই নহয়, দহৰ-সমাজৰ বাবেও হৈ পৰিছে এগৰাকী আৰ্দশ যুৱক। যাৰ নামেই এতিয়া পৰিচয় হৈ পৰিছে মানুহৰ-সমাজৰ মাজত। বন্দুকৰ গুলীত য’ত ৰাতি পুৱাইছিল এতিয়া এই বিটিচিত শান্তিৰ কপৌ উৰিছে। বিশেষকৈ ক্ষুদ্ৰ চাহ খেতিৰ জড়িয়তে বিটিএডিত সেউজ বিপ্লৱৰ সুচনা আৰম্ভ কৰি কৃষি অৰ্থনীতিলৈ অভুতপূৰ্ৱ বৰঙণি যোগাই অহা (২০০৯ ৰ তথ্য অনুসৰি) ১৪৭৫ গৰাকী যুৱকে ক্ষুদ্ৰ চাহ বাগান গঢ়ি নিজকে স্বাৱলম্বী হ’বলৈ সক্ষম হৈছিল। ইয়াৰ ভিতৰত অন্যতম যুৱকগৰাকীয়েই হৈছে জৌৰশ্ৰাং বড়ো। ওদালগুৰি জিলাৰ পানেৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তৰ ডিমাকুছিৰ ১ নং উত্তৰ ডিমাকুছি গাঁৱৰ বাসিন্দা তথা পিতৃ জয় ৰাম বড়ো, মাতৃ আদেৱ বড়োৰ পুত্ৰ জৌৰশ্ৰাং বড়োৰ জন্ম হৈছিল ১৯৭৪ চনৰ ৩০ এপ্ৰিলত। ১৯৯৯ চনৰ পৰা সেউজীয়া সোণ চাহ খেতিৰ সৈতে জড়িত হৈ পৰা জৌৰশ্ৰাং বড়ো ইয়াৰ পূৰ্বে আছিল এগৰাকী সশস্ত্ৰ সংগ্ৰামী নেতা। ১৯৮৮ চনত বড়ো ভলন্টিয়াৰ ফ’ৰ্চৰ ডিমাকুছি আঞ্চলিকৰ সহ কামান্ডাৰ ৰূপে দায়িত্ববহন কৰি ১৯৯০ চনত মূলসুঁতিলৈ ঘুৰি আহে। ১৯৯৫ চনত নিখিল বড়ো ছাত্র সন্থা চমুকৈ এবছুৰ ডিমাকুছি আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰি সুচাৰুভাৱে কাৰ্যভাৰ সম্পন্ন কৰে। ৰাজ্যৰ গ্ৰাম্য অৰ্থনীতি সৱল কৰাত বিশেষ বৰঙণি আগবঢ়াই অহা ক্ষুদ্ৰ চাহ খেতিৰ সৈতে জড়িত হোৱাৰ পৰম হেঁপাহেৰে ১৯৯৯ চনত চাহৰ নাৰ্চাৰী খেতি আৰম্ভ কৰিবলৈ লয় এই গৰাকী সংগ্ৰামী যুৱকে। ২০০০চনত মাত্ৰ ৮ বিঘা মাটিত চাহ খেতি আৰম্ভ কৰা জৌৰশ্ৰাং বড়োৰ এতিয়া আজিৰ দিনটোলৈকে চাহ খেতিৰ মাটি হৈছে ১০৭বিঘা। সশস্ত্ৰ সংগ্ৰামৰ পথ ত্যাগ কৰি মুলসূঁতিলৈ ঘুৰি আহি স্বাভাৱিক জীৱন যাপন কৰি ৰাইজৰ লগতে সমাজৰ, দহৰ আৰু অঞ্চলৰ উন্নয়নৰ হকে কাম কৰি যোৱাৰ সপোন বুকুত বান্ধি লৈ জৌৰশ্ৰাং বড়োই নিৰলস ভাবে জড়িত হৈ পৰিল ক্ষুদ্ৰ চাহ খেতিৰ সৈতে। চাহ খেতিৰ পৰিসৰ বৃদ্ধি কৰি বড়োই আন ৫০ গৰাকী লোকক স্থায়ী ভাবে কৰ্মসংস্থাপন দিবলৈ সক্ষম হয়,। ইয়াৰ উপৰিও সময়ত ১৫০ -গৰাকীৰ পৰা ২০০ গৰাকীলৈকে অস্থায়ী ভাবে বড়োৰ চাহ খেতিত কাম কৰিবলৈ সুযোগ লাভ কৰি আহিছে একাংশ ব্যক্তিয়ে। ২০০৩ চনত বিটিচি চুক্তিৰ পাছতে এই গৰাকী যুৱকে ক্ষুদ্ৰ চাহ খেতিৰ জড়িত হোৱাৰ পিছতো ৰাজনৈতিক জীৱনলৈ ঢাপলি মেলে। ২০০৫চনত ভেৰগাও ব্লক কমিটিৰ যুৱ বিপিএফ ৰ সভাপতি,২০০৫ ৰ পৰা ২০১৫ চনলৈ তিনিটা কায্যকালৰ বাবে পশ্চিম পাটলা ভিচিডিচিৰ সভাপতিৰ দায়িত্ব পালন।