আজিৰ দিনটোৰ ৰাশিফল
মেষ: পৰিৱেশ অনুকূলত থাকিব৷ ঘৰত কোনো প্রিয়জনৰ আগমন ঘটিব পাৰে৷ বিশেষ কিবা পৰিৱর্তনৰ আশা নকৰাই ভাল হ’ব৷ আর্থিক উন্নতিৰ বাবে দিনটো শুভ ফলদায়ক হ’ব৷ প্রেমত অশুভ ফল৷
বৃষ: সাংসাৰিক দিশত মানসিক আঘাত পাব পাৰে৷ ক্রোধ নিয়ন্ত্রণত ৰখাৰ চেষ্টা কৰক৷ বাধাৰ মাজেৰে কর্মত সাফল্যৰ যোগ৷ ব্যৱসায়–বাণিজ্যত মধ্যম ফলদায়ক৷ প্রেম–প্রীতিত অশুভ ফল৷
মিথুন: শুভ বুধৰ প্রভাৱত আয় উন্নতিৰ বাবে দিনটো শুভ ফলদায়ক হ’ব৷ কর্মক্ষেত্রত অশান্তি৷ ব্যৱসায়–বাণিজ্যত উন্নতি অব্যাহত থাকিব৷ দিনটোত নতুন কোনো পৰিকল্পনা গ্রহণ কৰিব পাৰে৷ দাম্পত্য আৰু প্রেমত শুভ৷
কর্কট: মনৰ অৱস্থা বিশেষ ভালেৰে নাযাব৷ একাধিক সুযোগ–সুবিধা বেয়া হ’ব পাৰে৷ পাৰিবাৰিক দিশত কিবা বিষয়লৈ কোনোবাৰ লগত মতান্তৰ দেখা দিব পাৰে৷ ভ্রমণৰ যোগ৷ প্রেমত শুভ৷
সিংহ: পাৰিবাৰিক দিশত অশুভ৷ পত্নীৰ কাৰণে চিন্তা৷ অশুভ ৰাহুৰ কাৰণে আয় উন্নতিৰ ক্ষেত্রত বাধা থাকিব৷ প্রেম, দাম্পত্য বা পাৰিবাৰিক বিষয়লৈ কাজিয়া–পেছালৰ সম্ভাৱনা দেখা যায়৷ বিদ্যার্থীৰ মধ্যম ফল৷
কন্যা: পৰিশ্রম অনুপাতে দিনটোত আয় উন্নতি কম হ’ব৷ শত্রুপক্ষৰ বিৰোধিতাৰ সন্মুখীন হ’ব পাৰে৷ শাৰীৰিক দিশত অৱশ্যে শান্তি বজাই থাকিব৷ ব্যৱসায়–বাণিজ্যৰ বাবে দিনটো মধ্যম ফলদায়ক হ’ব৷ প্রেম আৰু দাম্পত্যত শুভ৷
তুলা: বিশেষ কোনো গুণৰ বাবে সন্মানপ্রাপ্তিৰ যোগ ব্যৱসায়ীসকলৰ বাবে দিনটো শুভ ফলদায়ক হ’ব৷ আর্থিক ক্ষেত্রত দিনটো শুভ ফলদায়ক হ’ব যদিও মানসিক অশান্তি থাকিব৷ বিদ্যার্থীৰ শুভ৷
বৃশ্চিক: শনি অশুভ হোৱা বাবে খং–ৰাগ অত্যধিক বৃদ্ধি পাব৷ অনাৱশ্যক কাৰণত ব্যয় বৃদ্ধিৰ যোগ৷ কিবা কাৰণত টকা–পইচা ঋণ কৰিব লগা হ’ব পাৰে৷ অৱশ্যে দিনটোত মনৰ আশা পূৰণৰ যোগ দেখা যায়৷ দুর্ঘটনাৰ যোগ৷ গতিকে দিনটোত সাৱধানতা অৱলম্বন কৰিব৷
ধনু: শাৰীৰিক দিশত আঘাত প্রাপ্তিৰ যোগ৷ গতিকে চলা–ফুৰাত সতর্ক থাকিব৷ কর্ম ক্ষেত্রত ব্যস্ততা বৃদ্ধি পাব যদিও সেই অনুপাতে আর্থিক উন্নতিৰ ক্ষেত্রত বাধা থাকিব৷ প্রেম আৰু দাম্পত্যত শান্তি বজাই থাকিব৷ ব্যৱসায়ত উন্নতি৷ বিদ্যার্থীৰ মধ্যম ফল৷
মকৰ: কর্মক্ষেত্রত খ্যাতি আৰু সুনাম বৃদ্ধিৰ যোগ৷ পাৰিবাৰিক ক্ষেত্রত মধ্যম ফলদায়ক হ’ব৷ আবেলিৰ ভাগত আর্থিক ক্ষেত্রত পৰিৱর্তন লক্ষ্য কৰা যায়৷
কুম্ভ: কর্মক্ষেত্রত দায়িত্ব বৃদ্ধি পাব৷ আর্থিক উন্নতিৰ বাবে কৰা চেষ্টাত সাফল্য আহিব৷ আর্থিক ক্ষেত্রত দিনটো শুভ ফলদায়ক হ’ব যদিও দৈনন্দিন খৰচৰ পৰিমাণ বৃদ্ধি পাব৷ শত্রুৰ পৰা সতর্ক থাকিব৷
মীন: মীন ৰাশিৰ বাবে দিনটো শুভ বুলি ক’ব পাৰি৷ আবেলিৰ ভাগত কিছু ঝামেলা দেখা দিব পাৰে৷ বৃহস্পতিৰ শুভ প্রভাৱত নিবনুৱাৰ কর্মপ্রাপ্তিৰ যোগ৷ ব্যৱসায়–বাণিজ্যত শুভ ফলদায়ক হ’ব৷ কিবা কাৰণত পাৰিবাৰিক শান্তি বিঘ্ণিত হোৱাৰ সম্ভাৱনা৷