নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনা মহাবিদ্যালয়ত ছফট স্কিল বিষয়ক কৰ্মশালা সম্পন্ন

নিয়মীয়া বাৰ্তা, ১১ এপ্ৰিল : ঢকুৱাখনা মহাবিদ্যালয়ৰ কেৰিয়াৰ কাউন্সেলিং চেলৰ সৌজন্যত আৰু ছাত্ৰ একতা সভাৰ সহযোগত আজি Soft Skills and communication skills বিষয়ক এখন এদিনীয়া কৰ্মশালা অনুষ্ঠিত হয়। কৰ্মশালাখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ Soft Skill Development Cellৰ সমন্বয়ক তথা শিক্ষক হেমচন্দ্ৰ দত্ত। সাম্প্ৰতিক সময়ত Soft Skill আৰু Communication Skillৰ প্ৰাসংগিকতা আৰু গুৰুত্বৰ প্ৰসংগ তথ্যসহকাৰে বিশ্লেষণ কৰি দত্তই কয় যে Soft Skill বোৰ হ’ল গ্ৰীজসদৃশ ( grease) বস্তু। গ্ৰীজে এটা যন্ত্ৰৰ নাট-বাল্টুবোৰৰ মাজত ঘৰ্ষণ ( Friction) হ্ৰাস কৰি যন্ত্ৰটোক সুচাৰুভাৱে কাম কৰাত সহায় কৰে। এজন ব্যক্তিৰ ব্যক্তিগত, সামাজিক আৰু বৃত্তিগত জীৱনতো প্ৰায়ে ঘৰ্ষণৰ সৃষ্টি হয়। Soft Skill ৰ অন্তৰ্গত কিটিপবোৰে এই ঘৰ্ষণ হ্ৰাস কৰি এজন ব্যক্তিক শান্তিপূৰ্ণ আৰু অৰ্থপূৰ্ণ জীৱন যাপনত সহায় কৰে। আনুষ্ঠানিক শিক্ষাই এজন ছাত্ৰক কেৱল চাকৰি পাবৰ বাবেহে উপযুক্ত কৰি তোলে, চাকৰিৰ নিশ্চিতি নিদিয়ে। চাকৰি পাবৰ বাবে তেওঁ সাক্ষাৎকাৰৰ মুখামুখি হ’ব লাগিব। পাছে, আনুষ্ঠানিক শিক্ষাই সাক্ষাৎকাৰ পৰ্বৰ কেনেকৈ মুখামুখি হ’ব লাগে, সেই কথা নিশিকায়। তদুপৰি চাকৰিত মকৰল হোৱাৰ পিছত এজন কৰ্মচাৰীয়ে নিপুন সেৱা কেনেকৈ প্ৰদান কৰিব পাৰি, তাৰো কৌশলবোৰ জানিব লাগিব। এই সকলোবোৰ কথা Soft Skill ৰ পাঠ্যক্ৰমৰ ভিতৰত পৰে বুলি উল্লেখ কৰি বক্তাগৰাকীয়ে বিষয়টো গুৰুত্ব সহকাৰে লৈ আগবাঢ়ি যাবলৈ ছাত্ৰ সমাজৰ প্ৰতি আহ্বান জনায়। অনুষ্ঠানটো উদ্বোধন কৰে ঢকুৱাখনা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° যোগানন্দ সুতে। অনুষ্ঠানটোৰ আঁ‌তধৰে কেৰিয়াৰ কাউন্সেলিঙ চেলৰ যুটীয়া সমন্বয়ক অধ্যাপক ড° পংকজ বৰাই । এই অনুষ্ঠানত উপস্থিত সমজুৱাৰ ফালৰ পৰা বক্তব্য প্ৰদান কৰে অসমীয়া বিভাগৰ অধ্যাপক ড° বিভাৰানী দাসে।শলাগৰ শৰাই আগবঢ়াই অধ্যাপক ড° পংকজ বৰাই।

প্ৰেৰক পুলকজ্য়োতি বৰা

You might also like