নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নিৰ ডকলংগীয়া ডেকাগাঁ‌ও-ৰাজ্যিক ঘাইপথ সংযোগী পথৰ বিধ্বস্ত ৰূপঃ আজিও নহল পকী 

বিশেষ বাৰ্তা, ১২ এপ্ৰিলঃ মৰিয়নি বিধানসভা সমষ্টিৰ অন্তৰ্গত ডকলংগীয়া ডেকাগাঁ‌ৱৰ মূল পথটোৰ বিধ্বস্ত অৱস্থাই অঞ্চলটোৰ ৰাইজক যমৰ যন্ত্ৰণা ভোগাই আহিছে । যোৰহাট-মৰিয়নি ৰাজ্যিক ঘাইপথ সংযোগী ডকলংগীয়া ডেকাগাঁ‌ৱৰ এই পথটো এজাক বৰষুণতে বোকাময় আৰু ৰ’দত ধূলিময় হোৱাৰ ফলত সমস্যাৰ সন্মুখীন হৈ আহিছে জনসাধাৰণ। উল্লেখযোগ্য যে, কেইবাখনো গাঁও, চাহ বাগিচালৈ অহা যোৱা কৰা এই পথটো আজিও কোনো চৰকাৰী আঁ‌চনিৰ দ্বাৰা পকীকৰণ অথবা পুনৰ্নিৰ্মাণ কৰা নহ’ল । ৫৬নং দক্ষিণ কৰঙা গাঁও পঞ্চায়তৰ অন্তৰ্গত ডকলংগীয়া অঞ্চলৰ প্ৰধান আৰু একমাত্ৰ মূল পথটোৰ কদৰ্য্য অৱস্থাত বিষয়ে প্ৰশাসনৰ লগতে জনপ্ৰতিনিধিসকলো অৱগত যদিও পথটোৰ উন্নীতকৰণৰ বাবে কাৰোৰেই যেন ভ্ৰূক্ষেপ নাই । আনকি অজ্ঞাত কাৰণত জিলা পৰিষদ, আঞ্চলিক পঞ্চায়ত অথবা গাঁও পঞ্চায়তেও পথটো নিৰ্মাণৰ বাবে আগ্ৰহ দেখুওৱা পৰিলক্ষিত হোৱা নাই । ইফালে, স্থানীয় ৰাইজে এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে । শেহতীয়াকৈ বিগত কেইবাদিনো ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত পথটো যাতায়াতৰ বাবে একপ্ৰকাৰ অনুপযোগী হৈ পৰিছে । পূৰ্বতে ৰ’দৰ বাবে ধূলিৰে পোত খাই পৰা পথটোৰ বাবে সমগ্ৰ অঞ্চলটো ধূলিময় হৈ পৰিছিল । জনস্বাস্থ্যৰ প্ৰতিও ই ভাবুকি কঢ়িয়াই আনিছিল । স্থানীয় ৰাইজৰ মতে, এই পথটোৰে ইটাভাতা আৰু এটা ঠিকাদাৰৰ কাৰখানালৈ বহু ট্ৰাক, ডাম্পাৰ আদি সঘনাই চলাচল কৰে। যাৰ বাবেই পথটোৰ অৱস্থা অধিক শোচনীয় হৈ পৰিছে বুলিও ৰাইজে অভিযোগ উত্থাপন কৰে । এই পথটোৰে নিতৌ বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, শ্ৰমিক, গাঁওবাসী অহা যোৱা কৰে যদিও বৰ্তমানৰ কদৰ্য্য অৱস্থাই জনসাধাৰণক জীয়াতু ভোগাই আহিছে । লক্ষণীয় যে, ৰাজ্যিক ঘাইপথ সংযোগী প্ৰায়বোৰ কেঁচা আলিবাট চৰকাৰে পকীকৰণ কৰিছে । আনকি ইয়াৰ এক চৰকাৰী নিৰ্দেশনাও আছে । কিন্তু ডকলংগীয়া অঞ্চলৰ এই গুৰুত্বপূৰ্ণ পথটোৰ ক্ষেত্ৰতহে চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই । অঞ্চলটোৰ ক্ষুব্ধ ৰাইজে এই পথটোৰ প্ৰতি চৰকাৰক কৃপাদৃষ্টি দিবলৈ দাবী জনাইছে । আনহাতে, অঞ্চলটোৰ ৰাইজৰ সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি পথটো পকীকৰণ কৰি যাতায়তৰ উপযোগী কৰি তুলিবলৈ মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ প্ৰতিও ৰাইজে আহ্বান জনাইছে ।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like