নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোগীঘোপাৰ অশোক কাগজ কলত চোৰৰ উপদ্ৰৱ বৃদ্ধিঃ ৰক্ষকৰ নেতৃত্বতে চোৰে নিশা মূল্যৱান সামগ্ৰী চুৰি কৰাৰ অভিযোগ

নিয়মীয়া বাৰ্তা, ১২ এপ্ৰিলঃ বঙাইগাঁও জিলাৰ যোগীঘোপাৰ দীৰ্ঘদিনৰ পৰা বন্ধ হৈ থকা ঐতিহাসিক অশোক কাগজ কলত চোৰৰ উপদ্ৰৱ বৃদ্ধি পোৱাৰ অভিযোগ উত্থাপিত হৈছে ।কাগজ কলটোৰ চোৱা-চিতা কৰাৰ দায়িত্বত থকা ৰক্ষকে এতিয়া ভোক্ষকৰ ৰূপত অৱতীৰ্ণ হোৱাত নিশা চোৰে এফালৰ পৰা কলটোৰ মূল্যৱান সামগ্ৰী চুৰি কৰি লৈ তহিলং কৰিছে । প্ৰাপ্ত অভিযোগ মতে, যোৱা নিশা চোৰৰ এটা দলে অশোক কাগজ কলৰ ভিতৰৰ পৰা মূল্যৱান সামগ্ৰী চুৰি কৰে ।চোৰৰ দলটোৱে কলটোৰ মূল্যৱান সামগ্ৰী চুৰি কৰি এখন টাটা মোৱাইল গাড়ীৰে অন্য স্থানলৈ চুৰি সামগ্ৰী সমুহ সৰবৰাহ কৰাতে কৰেয়া পাহাৰ গাঁৱত স্থানীয় একাংশ লোকে গাড়ীসহ চোৰক আটক কৰে । চোৰক আটক কৰি মাৰধৰ কৰাত স্থানীয় লোকে যোগীঘোপা আৰক্ষীক খবৰ দিয়ে । ঘটনাস্থলীত যোগীঘোপা আৰক্ষী উপস্থিত হোৱাৰ পূৰ্বেই স্থানীয় দালাল তথা চোৰৰ সদ্দাৰ তিনিজন উক্ত স্থানত উপস্থিত হৈ অতি কৌশলৰে চোৰৰ লগতে চোৰাং সামগ্ৰীভৰ্তি গাড়ীখন পলায়ন কৰাত সহায় কৰে । অভিযোগ মতে, কাগজ কলটোৰ চোৰাং সামগ্ৰীসমূহ নিশাই চোৰে এফ চি আই বজাৰত থকা ভঙাছিঙা গুদামত লৈ তাতেই মজুত কৰি ৰাখে ।উল্লেখ্য যে, যোৱা ২৬ মাৰ্চৰ পুৱা অশোক কাগজ কলৰ সমীপতে গড়কাপ্টানী  পথৰ কাষতে কলটোৰ চুৰি সামগ্ৰী উদ্ধাৰ হৈছিল ।উক্ত নিশা চোৰে কলটোৰ ভিতৰৰ পৰা মূল্যৱান সামগ্ৰী চুৰি কৰি নিবলৈ ধৰতে উক্ত পথৰে মানুহ অহাৰ উমান পাই চোৰে চুৰি সামগ্ৰী সমুহ পথৰ কাষতে পেলাই থৈ পলায়ন কৰে ।এনেদৰে কলটোত দীৰ্ঘদিনৰ পৰা এফালৰ পৰা মূল্যৱান সামগ্ৰী সমুহ লুটপাত চলাই আহিছে ।অভিযোগ মতে, কলটোৰ চোৱা-চিতাৰ দায়িত্বত থকা কৰ্মী ৰফিক উদ্দিন আহমেদৰ লগতে নিৰাপত্তাৰক্ষীৰ সহযোগতে চোৰে কলটোত দীৰ্ঘদিনৰ পৰা চুৰিকাণ্ড সংঘটিত কৰি আহিছে ।নিশা হ’লেই চোৰে কলটোৰ ভিতৰত সোমাই বিনা দ্বিধাই এফালৰ পৰা মূল্যৱান সামগ্ৰী সমুহ লুটপাত চলাই গাড়ীৰে অঞ্চলটোৰ একাংশ ভঙাছিঙা লোহাৰ গুদামত লৈ বিক্ৰী কৰি আহিছে ।স্থানীয় ৰাইজে জনোৱা মতে, অনুৰূপ ভাবে যোৱা নিশাও চোৰে কলটোত চুৰিকাণ্ড সংঘটিত কৰি চুৰি সামগ্ৰী সমুহ ভঙাছিঙা গুদামত বিক্ৰী কৰিছে । নিশা চোৰ ধৰিব’লৈ অহা আৰক্ষীৰ দলটোৱে এফ চি আই বজাৰত থকা হাবেল উদ্দিনৰ ভঙাছিঙা লোহাৰ গুদামত অভিযান চলালেই চুৰি সামগ্ৰী উদ্ধাৰ কৰিব পাৰিলে হয় বুলি স্থানীয় ৰাইজে অৱগত কৰায় । যোগীঘোপা অঞ্চলত কাঠফুলাৰ দৰে কেইবাটাও ভাংচুৰ লোহাৰ গুদাম গঢ় লৈ উঠিছে । অশোক কাগজ কলৰ পৰা চোৰে চুৰি কৰি নিয়া চোৰাং সামগ্ৰী সমূহ উক্ত গুদাম বিক্ৰী কৰি আহিছে বুলি অভিযোগ উঠিছে । এই চোৰাং বেপাৰীৰ সৈতে দুই এজন আৰক্ষীৰ লোকৰ সৈতেও গোপন বুজা বুজি আছে বুলি অভিযোগ উঠিছে । ফলত চোৰে অতি সহজে অশোক কাগজ কলত চাফাই চলাই গৈছে । আনহাতে কলটোত দীৰ্ঘদিনৰ পৰা চুৰি কাণ্ড সংঘটিত হৈ আহিছে যদিও এই ক্ষেত্ৰত যোগীঘোপা আৰক্ষীৰ লগতে অশোক কাগজ কল কতৃপক্ষই নিস্ক্ৰিয় ভূমিকা গ্ৰহণ কৰি থকাৰ অভিযোগ উত্থাপিত হৈছে ।যোৱা নিশা চোৰ আটক কৰি এৰি দিয়া দালাল কেইজনৰ লগতে চোৰক আৰক্ষীয়ে আটক কৰিব’লৈ দাবী জনাইছে স্থানীয় ৰাইজে ।

প্ৰেৰক টিংকু চন্দ্ৰ দাস

You might also like