মৰ্মান্তিকঃ ডবকাৰ ভেলৌগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনাত একে পৰিয়ালৰ চাৰিসহ ছজনৰ মৃত্যু
নিয়মীয়া বাৰ্তা, ১৩ এপ্ৰিলঃ সমগ্ৰ ৰাজ্যজুৰি ৰঙালি বিহুৰ উৰুকাৰআনন্দ উল্লাস চলি থকাৰ মাজতে আজি ডবকাৰ ভেলৌগুৰিৰ সংগঠিত হৈছে এক শোকাবহ পথ দুৰ্ঘটনা ৷ ডবকাৰ ভেলৌগুৰিৰ পাৱাৰ গ্ৰীডৰ সমীপত চাৰিলেন যুক্ত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত AS01 AW 4613 নম্বৰৰ ইনভা গাড়ীয়ে নিয়ন্ত্ৰন হেৰুৱাই পথৰ দাতিত থকা এখন দলংৰ ৰেলিংত খুন্দিয়াই দুৰ্ঘটনাত পতিত হয় ৷ দুৰ্ঘটনাৰ ফলত গাড়ী খনত অহা শিশু মহিলা সহ একে পৰিয়ালৰ পাছ জন আৰু গাড়ী চালক সহ মুঠ ছয় জন নিহত হয় ৷ বাকী চাৰিজন গুৰুতৰ ভাবে আহত হয় ৷ আহত সকলক ডবকা ৩০ খন বিচনাযুক্ত চিকিৎসালয়ত প্ৰাথমিক চিকিৎসাৰ অন্তত অতি সংকত জনক অৱস্থাত গুৱাহাটীলৈ প্ৰেৰন কৰা হয় ৷ নিহত সকল হল ক্ৰমে চালক হেলাল উদ্দিন , মিনহাজ উদ্দিন , নাজিম উদ্দিন ,আফৰিদ আলম(শিশু) , নিফা জান্নাত (শিশু) মৃত আন এগৰাকী মহিলাৰ নাম জানিব পৰা হোৱা নাই ৷ আহত আৰু নিহত সকলৰ ঘৰ হোজাই জিলাৰ মোৰাঝাৰ আৰক্ষী থানাৰ অন্তৰ্গত কৰৈউনি গাৱত ৷ নাজিম উদ্দিন নামৰ লোকজন দীৰ্ঘদিন ধৰি কৰ্মসূত্ৰে কুৱেটত আছিল ৷ আজি তেওঁ কুৱেটৰ পৰা নিজ গৃহ অভিমুখে আহি আছিল ৷ তেওঁৰ নিজ গৃহলৈ আগবঢ়াই আনিবলৈ পত্নী,ভাতৃ,মাতৃ,পুত্ৰ ,কন্যা সহ আঠজন লোক গুৱাহাটী লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰলৈ গৈছিল ৷ পাছত নাজিম উদ্দিনক লগত লৈ উভতি অহাৰ সময়তে ডবকাৰ ভেলৌগুৰিত গাড়ী খন দুৰ্ঘটনাত পতিত হয় ৷
প্ৰেৰক ছইফ লস্কৰ