সোণাৰিত শিৱসাধকৰ দু:সাহসিক ক্ৰীড়া কৌশল প্ৰদৰ্শন ঐতিহাসিক চড়ক পূজা সম্পন্ন
নিয়মীয়া বাৰ্তা, ১৪ এপ্ৰিল:-বিগত বর্ষবোৰৰ দৰে এইবাৰো চৰাইদেউ জিলাৰ সদৰ সোণাৰি নগৰৰ ভগৱতী প্ৰসাদ বৰুৱা সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত যোৱা ১৩ আৰু ১৪ এপ্ৰিলত দুদিনীয়াকৈ অনুষ্ঠিত কৰা হয় ঐতিহাসিক চড়ক পূজা ও মেলা । উল্লেখযোগ্য যে প্ৰতিকূল বতৰৰ বাবে এইবাৰ আয়োজক সমিতিয়ে সীমিত সংখ্যক কাৰ্য্যসূচীৰে পালন কৰে । সম্পূৰ্ণ এমাহ কঠোৰ সাধনা তথা ব্ৰতত থাকি শিৱভক্তসকলে পালন কৰে এই চড়ক পূজা। এই এমাহ সাধনাৰ ফলত তেওঁলোকে লাভ কৰে এক ঐশ্বৰিক শক্তি। যি শক্তিৰ বলত ব্ৰত তথা সাধনা কৰা লোকসকলে জ্বলন্ত জুইৰ ওপৰেৰে শুদা ভৰিৰে খোজ কঢ়া, জলন্ত লোৰ জোঙা অস্ত্ৰৰে শৰীৰৰ বিভিন্ন অংশ ফুটা কৰি ইপাৰ সিপাৰ কৰা, ধাৰাল দাৰ ওপৰত জঁপিয়াই জঁপিয়াই নৃত্য কৰা, জোঙা গজালেৰে নিৰ্মিত শেতেলীত শয়ন কৰা আদি শিহৰনকাৰী অদ্ভুত ক্ৰীড়া কৌশল দেখুৱাবলৈ সক্ষম হয়। তদুপৰি অসম্ভৱকো সম্ভৱ কৰি উপস্থিত হাজাৰ হাজাৰ ৰাইজক বিশ্বাস আৰু অবিশ্বাসৰ আলি দোমোজাত ৰাখি প্ৰায় ত্ৰিছ ফুট উচ্চতাত এক ঘুৰি থকা চড়কত (চকৰী) বৰশীৰ সহায়ত পিঠিৰ চাল ফুটোৱাই ওলমি থকা অত্যন্ত দু:সাহসিক ক্ৰীড়া কৌশল প্ৰদৰ্শন কৰি উপস্থিত হাজাৰ হাজাৰ ৰাইজক হতভম্ব কৰা পৰিলক্ষিত হয়। এক বিংশ শতিকাৰ এই বিজ্ঞান প্ৰযুক্তিৰ যুগতো কঠোৰ সাধনাৰ বলত ৰাইজক হতচকিত কৰিবলৈ সক্ষম হোৱা ৰঙা বস্ত্ৰ পৰিধান কৰা এইসকল শিৱসাধকৰ আশীষ লবলৈ গৰু বিহুৰ দিনা সোণাৰিত অনুষ্ঠিত হোৱা এই চড়কপূজালৈ বহু দুৰ দূৰণিৰ ভক্তসকল অহাও পৰিলক্ষিত হৈছে বিগত সময়ৰপৰাই । উল্লেখ্য যে ১৯৬৭ চনৰেপৰা সোণাৰিত অনুষ্ঠিত হৈ অহা এই চড়ক পূজা সম্প্ৰতি চড়ক মেলালৈ পৰিণত হোৱাত অসমৰ বিভিন্ন স্থানৰপৰা অহা ভ্ৰাম্যমাণ ক্ষুদ্ৰ ব্যৱসায়ী সকলেও ভীৰ কৰেহি সোণাৰি নগৰ।