নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পহিলা বহাগত সাহিত্য সভাৰ ৩০ গৰাকী ব্যক্তিক ৰাজহুৱা সম্বৰ্ধনা

নিয়মীয়া বাৰ্তা, ১৫ এপ্ৰিলঃ পহিলা বহাগৰ দিনটিত নগাঁৱৰ ৩০গৰাকীকৈ ব্যক্তিক সম্বৰ্দ্ধনা জনাই অসম সাহিত্য সভাই৷ নগাঁও জিলা সাহিত্য সভাৰ উদ্যোগত সভাৰ পহিলা বহাগৰ “নিজৰ দিন“ৰ কাৰ্যসূচীৰ অংশ হিচাপে এই সম্বৰ্ধনা সভাখনি অনুষ্ঠিত হয়৷ সমাজ-জীৱনত বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়াই সমাজক গতিশীল কৰাৰ ক্ষেত্ৰত অনবদ্য অৰিহনা আগবঢ়োৱা ৩০ গৰাকীকৈ ব্যক্তিক সম্বৰ্ধনা জনোৱা পদক্ষেপ ব্যক্তিক্ৰম৷

সাহিত্য সভাই সকলো সম্বৰ্দ্ধিত ব্যক্তিক মানপত্ৰ , জাতীয় বস্ত্ৰ, গামোচা আদিৰে সম্বৰ্ধনা জনোৱা হয়৷ নগাঁও জিলা সাহিত্য সভাৰ সভাপতি পৰাণ কুমাৰ বৰুৱাৰ পৌৰোহিত্যত সাধাৰণ সম্পাদক ৰেবত কুমাৰ হাজৰিকাই সভাখনি আঁ‌ত ধৰে ৷ দিনৰ এঘাৰ বজাৰ পৰা আৰম্ভ হোৱা সভাখনিত যোগেন্দ্ৰ নাৰায়ন দেব মহন্ত, বুদ্ধি নাথ কলিতা, ভবেশ মেধি, বিজয় কুমাৰ মঙ্গলুনীয়া, হেমপ্ৰভা বৰদলৈ, হেমচন্দ্ৰ তামুলী, হৰিকান্ত গোস্বামী, নিৰু দেৱী, ধৰ্মেশ্বৰ বৰা, মুকুট ভূঞা, অশোক বৰঠাকুৰ, ঘনকান্ত বড়া, ডঃ নীৰদা মহন্ত, মহেন্দ্ৰ বৰা, মুহিব উদ্দিন আহমেদ, ৰঞ্জিত কুমাৰ তামুলী, প্ৰফুল্ল চন্দ্ৰ বৰা , নৰেন্দ্ৰ নাথ বৰা, ঘনদা বৰদলৈ, প্ৰফুল্ল চন্দ্ৰ নাথ, যতীন বৰা, এ কে ফজলুল হ’ক, তুলসী গোস্বামী, হৰেন্দ্ৰ নাথ বৰা, ক্ষীতিশ চন্দ্ৰ দাস, স্বপন কুমাৰ উপাধ্যায়, সোণাৰাম শইকীয়া, নৱকান্ত লিগিৰা, মোহন চন্দ্ৰ বৈশ্য, বীৰেন শইকীয়া ৷ আনহাতে, জিলাখনৰ ৬০ টাকৈ শাখাই সাহিত্য সভাৰ নিজৰ দিন উদযাপন কৰাৰ লগতে পাঁচ গৰাকীকৈ বিশিষ্ট ব্যক্তিক ৰাজহুৱা সম্বৰ্দ্ধনা জনায়৷

প্ৰেৰকঃ কনক হাজৰিকা নগাঁও

You might also like