নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰগাঙৰ শাক-পাচলিৰ বজাৰত জুঁইঃ ভাত কেৰেলাৰ প্ৰতিকিলোত ৩২০ টকাঃ এশ টকাৰ তলত পাবলৈ নাই একো

বিশেষ বাৰ্তা, বৰগাং, ১৮ এপ্ৰিলঃ বিহালী সমষ্টিৰ প্ৰাণকেন্দ্ৰ বৰগাং বজাৰত শাক-পাচলিৰ জুঁই-ছাই দামে সকলোকে হচকিত কৰি তুলিছে। এই মূল্যবৃদ্ধিয়ে অকল দুখীয়া বা সৰ্বসাধাৰণ শ্ৰেণীৰ ৰাইজৰ মাজতে নহয় বিত্তবান লোকৰ জীৱনতো প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছে। বিক্রেতাই অৱধাৰিত বৰষুণৰ দোহাই দিছে যদিও অভাৱনীয়ভাৱে বৃদ্ধি হোৱা দাম ক্রেতা-ৰাইজে মানি ল’বলৈ টান পাইছে। কালিৰ বৰগাং দেওবৰীয়া বজাৰত শাক-পাচলিৰ মূল্য এনেধৰণৰ আছিল- ভাত কেৰেলা ৩২০ টকা প্রতিকিলো, ছজিনা ২০০ টকা, পটল ১৪০ টকা, জিকা ১০০ টকা, ভেন্দি ১০০ টকা। মূল্য বৃদ্ধি হোৱা নাই কেৱল আলু-পিঁয়াজৰ। খাছীয়া আলু ২০ টকা, ৰংপুৰীয়া ৩০ টকা, পিঁয়াজ ৩০ টকা। সৰ্বসাধাৰণ ৰাইজক আলু-পিঁয়াজে কিছু সকাহ দিছে যদিও অন্যান্য শাক পাচলিৰ উৰ্ধমুখী মূল্যই এই দুবিধকো চুবগৈ বুলি শংকিত হৈ পৰিছে। হঠাত এনেদৰে তিনিগুণ মূল্য বৃদ্ধি ঘটিছে যদিও বিভাগীয় সংশ্লিষ্ট কৰ্তৃপক্ষই এই দিশত কোনো ধৰণৰ ব্যৱস্থা লোৱা পৰিলক্ষিত হোৱা নাই। গতিকে সৰ্বসাধাৰণ ৰাইজে কি কৰিব, কাৰ কাষলৈ গৈ আপত্তি কৰিলে কামত আহিব কোনো উৱাদিহ নোপোৱাৰ দৰে হৈছে।
You might also like