নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অনলাইন ফেকাল্টি ডেভেলপমেন্ট প্ৰগ্ৰামঃ উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ৰ উদ্যোগ

নিয়মীয়া বাৰ্তা, ১৮ এপ্ৰিলঃ মাজুলী জিলাৰ অন্যতম উচ্চ শিক্ষানুষ্ঠান উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয় আৰু দিল্লী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ৰামানুজন মহাবিদ্যালয়ৰ যৌথ উদ্যোগত চলিত মাহৰ ২২ তাৰিখৰ পৰা ২৮ তাৰিখলৈ সপ্তাহযোৰা অনলাইন ফেকাল্টি ডেভেলপমেণ্ট কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে৷ উক্ত কাৰ্যসূচীত শিক্ষকসকলৰ বিভিন্ন দিশ উন্নয়ৰ বাবে অভিজ্ঞ শিক্ষকৰ দ্বাৰা অনলাইনযোগে প্ৰশিক্ষণ প্ৰদান কৰা হ’ব৷

উক্ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ বাবে অসমৰ বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ শিক্ষক আৰু গৱেষক ছাত্ৰ- ছাত্রী সকলে ২১ এপ্ৰিলৰ ভিতৰত ৯৫০ মাছুল দি অনলাইনযোগে পঞ্জীয়ন কৰিব লাগিব৷ কাৰ্যসূচীৰ বিষয়ে অধিক জানিবলৈ [email protected] ত লগ ইন অথবা ৭০১১৮৬৩৩৩৫, ৭০১১৫২৭০৮৮ নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি কাৰ্যসূচীৰ সমন্বয়ক ড° জাহ্নৱী লহকৰ বৰুৱা আৰু সাংগঠনিক সম্পাদক দুৰ্লভ বৰুৱাই জানিবলৈ দিছে৷ উল্লেখ্য যে মাজুলীৰ পূৱ প্ৰান্তৰ জনজাতি অধ্যুষিত অঞ্চলত ১৯৭৩ চনতে প্ৰতিষ্ঠা লাভ কৰা উজনি মাজুলী মহাবিদ্যালয়ৰ নৱনিযুক্ত অধ্যক্ষ ড০ জাহ্নৱী লহকৰ বৰুৱাই প্ৰথমবাৰৰ বাবে দিল্লী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ৰামানুজন মহাবিদ্যালয়ৰ সৈতে যৌথ উদ্যোগত এনে কাৰ্যসূচী ৰাপায়ন কৰাৰ পদক্ষেপক অঞ্চলবাসীয়ে শলাগ লৈছে৷

প্ৰেৰকঃ ৰূপজ্যোতি বৰা

 

You might also like