নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীৰ খুদিমাৰী শংকৰদেৱ শিশু নিকেতনত বিশ্ব পৰিৱেশ দিৱস পালন

সমগ্ৰ দেশৰ লগতে ধুবুৰী জিলাতো আজি বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয়। এই উপলক্ষে ধুবুৰী জিলাৰ গৌৰীপুৰৰ ঐতিহ্যবাহী খুদিমাৰী শংকৰদেৱ শিশু নিকেতনত ড° পান্নালাল ওছোৱাল মেম’ৰিয়েল কমিটীৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি আজি এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়।

অনুষ্ঠানৰ আৰম্ভণিতে প্ৰয়াত ড° পান্নালাল ওছোৱালৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰা হয়। বিদ্যালয়ৰ উপ-সভাপতি ৰাহুল দাসে ডঃ ওছোৱালৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰাৰ পিছত মেম’ৰিয়েল কমিটীৰ হৈ সুৰেন্দ্ৰ ওছোৱালে বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানটোৰ শুভাৰম্ভ কৰে।

কাৰ্যসূচী অনুসৰি আজি বিশ্ব পৰিৱেশ দিৱসৰ তাৎপৰ্যৰ সৈতে সংগতি ৰাখি শিক্ষানুষ্ঠানখনৰ চৌহদত বিভিন্ন প্ৰজাতিৰ গছপুলি ৰোপণ কৰি পৰিৱেশ সংৰক্ষণৰ বাৰ্তা প্ৰেৰণ কৰা হয়। বৃক্ষৰোপণ কাৰ্যসূচীৰ অন্তত অনুষ্ঠিত আলোচনা সভাত বিদ্যালয়খনৰ আচাৰ্য প্ৰফুল্ল চন্দ্ৰ অধিকাৰীয়ে পৰিৱেশ সংৰক্ষণৰ প্ৰয়োজনীয়তা, জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ আৰু সেউজীয়া পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্ৰত নতুন প্ৰজন্মৰ ভূমিকা সম্পৰ্কে আগবঢ়োৱা এক মনোজ্ঞ বক্তব্যই উপস্থিত ছাত্ৰ-ছাত্ৰী, অভিভাৱকবৃন্দ আৰু ৰাইজৰ মন মুহিবলৈ সক্ষম হয়।

উল্লেখ্য যে আজিৰ এই কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি ড° পান্নালাল ওছোৱাল মেমৰিয়েল কমিটীৰ তৰফৰ পৰা বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভিন্ন খেল-ধেমালিৰ সামগ্ৰী আৰু পুৰস্কাৰ বিতৰণ কৰা হয়।

নিয়মীয়া বাৰ্তা, ধুবুৰী, ৫ জুন :

You might also like