মৰিগাঁৱত দ্বিতীয় পৰ্যায়ৰ পশু ছিটাকৰণ কাৰ্যসূচীৰ শুভাৰম্ভ
জিলা পশুপালন চৌহদৰ গাহৰি ফাৰ্ম, ঘাঁহৰ ফাৰ্ম পৰিদৰ্শন মৰিগাঁও জিলা উপায়ুক্তৰ
নিয়মীয়া বাৰ্তা, ১৯ এপ্ৰিলঃ সমগ্ৰ অসমৰ লগতে মৰিগাঁও জিলাতো ৰাষ্ট্ৰীয় পশুৰোগ নিয়ন্ত্ৰণ কাৰ্যসূচীৰ অধীনত দ্বিতীয় পৰ্যায়ৰ পশু ছিটাকৰন কাৰ্যসূচীৰ শুভাৰম্ভ হয়। মৰিগাঁও জিলা পশু পালন আৰু পশু চিকিৎসা বিভাগৰ কাৰ্যালয় চৌহদত কালি এই পশু ছিটাকৰন কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে মৰিগাঁও জিলা উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়াই। মৰিগাঁও জিলা পশুপালন আৰু পশু চিকিৎসা বিষয়া ডাঃ নিলোৎপল কাকতিয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি মৰিগাঁও জিলাত সৰ্বমুঠ ৩,৪২,০০০ টা গোধন আছে আৰু দ্বিতীয় পৰ্যায়ত ১,৫০,০০০ গোধনক ছিটাকৰনৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে আৰু ইতিমধ্যে দুই সহস্ৰাধিক গোধনক ছিটাকৰন কৰা বুলি জানিবলৈ দিছে।
মৰিগাঁও সদৰস্থিত মূল পশু চিকিৎসালয়ৰ লগতে জিলাখনৰ ১৪ খন পশু চিকিৎসালয়ত এই ছিটাকৰন কাৰ্যসূচী চলিব। এইক্ষেত্ৰত ১৩ গৰাকী পশু চিকিৎসক, ৩৩ গৰাকী ক্ষেত্ৰসহায়ক,২৬ গৰাকী গোপাল মিত্ৰ,২১ গৰাকী মৈত্ৰী আৰু ২৭ গৰাকী পশুসখী এই দ্বিতীয় পৰ্যায়ৰ ছিটাকৰন কাৰ্যসূচীত নিয়োজিত হৈ আছে বুলি জানিবলৈ দিছে। আনহাতে মৰিগাঁও জিলা উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়াই মৰিগাঁও জিলা পশুপালন আৰু চিকিৎসা বিষয়া কাৰ্যালয়ৰ চৌহদত থকা গাহৰি পাম আৰু ঘাঁহনি পাম পৰিদৰ্শন কৰি পশু ছিটাকৰনৰ পিছত পশুসমূহৰ পঞ্জীয়ন কৰি উপলব্ধ হোৱা চৰকাৰী আঁচনিৰ সা-সুবিধা গ্ৰহণ কৰিবলৈ মৰিগাঁও জিলাৰ সকলো পশুধন গৰাকীলৈ আহ্বান জনায়।