নাওবৈচা উন্নয়ন খণ্ডত এমজিএনৰেগা আঁচনিৰ ৰূপায়ণত ব্যাপক দুৰ্নীতি; স্থানীয় ৰাইজৰ প্ৰতিবাদী সভা
নিয়মীয়া বাৰ্তা, ১৯ এপ্ৰিলঃ মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনিৰ ৰূপায়ণৰ নামত লখিমপুৰ গ্ৰামোন্নয়ন অভিকৰণৰ অধীনস্থ নাওবৈচা উন্নয়ন খণ্ডৰ ৰঙানদী গাঁও পঞ্চায়ত এলেকাত লক্ষ লক্ষ টকাৰ লুটপাত চলাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। উন্নয়ন খণ্ডটোৰ অধীনস্থ সোৱনশিৰী আৰু ৰঙানদীপৰীয়া ৰঙানদী পঞ্চায়ত এলেকাত ৰূপায়িত অধিকাংশ আঁচনিতে ভাৰতীয় জনতা পাৰ্টীৰ একাংশ পালিনেতা, পঞ্চায়ত প্ৰতিনিধিয়ে বিভাগীয় বিষয়া কৰ্মচাৰীৰ সহযোগিতাত গ্ৰামোন্নয়ন আঁচনিত হৰিলুট চলোৱাৰ প্ৰতিযোগিতাত অৱতীৰ্ণ হোৱাৰ ধাৰাবাহিক অভিযোগ উত্থাপন হৈ থকাৰ পাছতো বিভাগীয় উৰ্ধতন কৰ্তৃপক্ষই চকু মুদা কুলিৰ ভাৱত অৱতীৰ্ণ হোৱাত গ্ৰাম্য সৰ্বসাধাৰণ ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
শেহতীয়াকৈ ৰঙানদী পঞ্চায়ত এলেকাত ২০২০-২১ বিত্তীয় বৰ্ষত ৩২ লাখ টকা আবন্টন মৰ্মে এমজিএনৰেগা আঁচনিৰ অধীনত ৰূপায়ণ হৈ থকা গৰম বজাৰ তিনিআলিৰ পৰা পোতাবিল সংযোগী ৰঙানদীৰ চেকবান্ধ নিৰ্মাণ আঁচনিত ভয়ংকৰ লুটপাত চলাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় সচেতন ৰাইজে। নাওবৈচা জিলা পৰিষদৰ অধীনত ৰূপায়িত আঁচনিৰ কামৰ নামত পূৰ্বৰ বান্ধটোৰ ওপৰতে সামান্য পৰিমাণৰ মাটি পেলাই বৃহৎ পৰিমাণৰ পুঁজি জবকাৰ্ডৰ জৰিয়তে উলিয়াই নিয়া হৈছে। শাসনাধিষ্ঠ ভাৰতীয় জনতা পাৰ্টীৰ একাধিক কৰ্মকৰ্তাই আঁচনিৰ কামত জড়িত হৈ স্থানীয় বানবিধ্বস্ত জনতাক অন্ধকাৰত ৰাখি সৰ্বাধিক দুশ ট্ৰেক্টৰমান মাটি ৰঙানদীৰ বক্ষৰ পৰাই সংগ্ৰহ কৰি বান্ধটোত ব্যৱহাৰ কৰে। পূৰ্বৰ বান্ধটোৰ শেষৰফালে জৰাজীৰ্ণ হৈ থকাৰ পৰিপ্ৰেক্ষিতত ৰঙানদীৰ বাঢ়নী পানী সোমাই নদীপৰীয়া কেইবাশ পৰিয়ালৰ ঘৰ বাৰী প্লাৱিত সৰ্বস্বান্ত কৰি থকাৰ সময়তে দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীল নীতি গ্ৰহণ কৰা ৰাজ্যৰ শাসনাধিষ্ঠিত দলটোৰ কৰ্মকৰ্তাই সামান্য কাম কৰি লক্ষ লক্ষ টকা উদৰস্থ কৰাৰ অভিযোগে সচেতন লোকসকলক স্তম্ভিত কৰি তুলিছে।
স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে, ৰঙানদীৰ বক্ষৰ পৰা সংগ্ৰহ কৰা বালি মাটি প্ৰতি ট্ৰেক্টৰত দুশ টকা ব্যয় হয় আৰু সেয়ে হ’লে দুশ ট্ৰেক্টৰ মাটিৰ বিপৰীতে চল্লিশ হাজাৰ টকা আৰু শ্ৰমিক, আনুসংগিক কাম কাজৰ নামত এক লাঠ টকা ব্যয় হোৱা বুলি ধৰিলেও বাকী থকা প্ৰায় ২৮ লাখ টকা কামটোৰ সৈতে জড়িত চক্ৰই আত্মসাৎ কৰাৰ ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এই সন্দৰ্ভত কিছুদিন পুৰ্বে স্থানীয় লোকসকলে আঁচনিৰ কামৰ নমুনা দেখি ক্ষোভত কামটোৰ সৈতে জড়িত থকা একাধিক লোকক মাতি আনি প্ৰতিবাদী সভা অনুষ্ঠিত কৰাৰ বিষয়ে জানিব পৰা গৈছে। স্থানীয় ৰাইজৰ ৰণচণ্ডী ৰূপ দেখি কামৰ সৈতে জড়িত থকা যুৱকৰ দলে পুনৰ কিছু পৰিমাণৰ মাটি বান্ধটোৰ ওপৰত পেলাই যদিও ৰাইজ সন্তুষ্ট হব পৰা নাই। এইক্ষেত্ৰত নাওবৈচা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াগৰাকীৰ ভূমিকাকো স্থানীয় ৰাইজে চোকা ভাষাৰে সমালোচনা কৰি লখিমপুৰ জিলাৰ উপায়ুক্তক আঁচনিটোৰ ৰূপায়ণ সন্দৰ্ভত ক্ষেত্ৰভিত্তিক তদন্তৰ ব্যৱস্থা কৰি কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনাইছে। বানাক্ৰান্ত লোকসকলে আঁচনিটোৰ প্ৰাককলন অনুসৰি কাম কৰাৰ ব্যৱস্থা গ্ৰহণ নকৰিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰাৰ হুংকাৰ দিছে।
প্ৰেৰক- নিতুল বৰা