আজিৰে পৰা তিনিদিনীয়াকৈ বৃহত্তৰ ঘিলামৰা ৬৩সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন
নিয়মীয়া বাৰ্তা, ১৯ এপ্ৰিলঃ গছৰ পাতে কুলিৰ মাতে কৃষিজীৱী অসমীয়াৰ অতি চেনেহৰ ৰঙালী বিহুটিক আকৌ এবাৰ অসমীয়াৰ বুকুলৈ আদৰি অনাত ক’ৰোনা মহামাৰীয়ে ম্লান কৰি পেলাব খোজা হেঁপাহৰ বিহুটিক পাই ৰাজ্যবাসীৰ লগতে বৃহত্তৰ ঘিলামৰাবাসীয়েও এইবাৰ দুগুণ উৎসাহেৰে আজিৰ পৰা পৰা তিনিদিনীয়াকৈ উদযাপন কৰিছে ৬৩সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন ৷ ঘিলামৰা কেন্দ্ৰীয় ৰঙালী বিহু বাকৰিত আজিৰে পৰাই আৰম্ভ কৰা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ কাৰ্যসূচী অনুসৰি পুৱা পৰিবেশ নিকাকৰণৰ অন্তত ঘিলামৰা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ স্বায়ী সমিতিৰ সভাপতি অকণ চন্দ্ৰ গোহাঁই আৰু উদযাপন সমিতিৰ সভাপতি দণ্ডিধৰ গোহাঁইৰ লগতে ঘিলামৰা অঞ্চলৰ ৬১ গৰাকী বয়োজ্যেষ্ঠ ব্যক্তিয়ে মুল পতাকাৰ লগতে ৬২ খন পতাকা উত্তোলন কৰাৰ অন্তত স্মৃতি তৰ্পণ কৰে স্বায়ী সমিতিৰ সম্পাদক বুবুল গগৈয়ে ৷ গছপুলি ৰোপণ প্ৰদৰ্শনী দ্বাৰ উন্মোচন আদিৰ অন্তত সদৌ অসম ভলীবল সন্থাৰ উপ সভাপতি কিৰণ চন্দ্ৰ গগৈয়ে ক্ৰীড়া প্ৰতিযোগিতা উদ্বোধন কৰাৰ পিছত চিত্ৰাংকন আৰু আত্মসহায়ক গোট সমুহৰ মাজত পিঠা – পনা প্ৰতিযোগিতাৰ অন্তত ঘিলামৰাৰ প্ৰবীণ বিহুৱা নিৰঞ্জন গগৈয়ে বিহু মঞ্চ আৰু সাংস্কৃতিক প্ৰতিযোগিতা সমুহ উদ্বোধন কৰে ৷ সন্ধিয়া প্ৰয়াত দিলীপ দিহিঙীয়াৰ আৰু মণিকৃষ্ণ সুতৰ সোৱঁৰণত বন্তি প্ৰজ্বলন আৰু সম্বৰ্ধনা অনুস্থানৰ অন্তত স্বানীয় আৰু আমন্ত্ৰিত শিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰি প্ৰথম দিনৰ কাৰ্যসূচী সামৰণি মাৰে ৷ কাইলৈ পুৱা পৰিবেশ নিকাকৰণ চুড়ান্ত ক্ৰীড়া প্ৰতিযোগিতা ঘিলামৰা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন স্বায়ী সমিতিৰ উদ্যোগত অন্তৰঙ্গ অনুস্থান আদিৰ অন্তত সাংস্কৃতিক প্ৰতিযোগিতা ( মুকলি বিহু হুঁচৰি বৰ বিহুৱা বৰ বিহুৱতী আদি ) অনুস্থিত কৰা হব বুলি জানিবলৈ দিয়ে উদযাপন সমিতিয়ে ৷
প্ৰেৰক ৰাজেশ কুমাৰ বুঢ়াগোহাঁই