নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৪ এপ্ৰিলৰ পৰা ১ মে’লৈ বিশেষ অভিযানঃ ধুবুৰীত পিএম কিষাণ যোজনাৰ ৬৭ হাজাৰ হিতাধিকাৰীক কে চি চি দিয়াৰ লক্ষ্য

নিয়মীয়া, ২৪ এপ্ৰিলঃ ধুবুৰী জিলাৰ প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ ৬৭ হেজাৰ হিতাধিকাৰীক কৃষান ক্ৰেডিট কাৰ্ড প্ৰদানৰ লক্ষ্যৰে ২৪ এপ্ৰিলৰ পৰা ১ মে’লৈ বিশেষ অভিযান আৰম্ভ হ’ব৷ কেন্দ্ৰীয় চৰকাৰৰ কৃষি মন্ত্ৰালয়ৰ নিৰ্দেশনাৰ ভিত্তিত সমগ্ৰ দেশৰ লগতে ধুবুৰী জিলাতো এই অভিযান চলোৱা হ’ব৷ সমান্তৰালভাৱে ২৫ এপ্ৰিলৰ পৰা ১ মে’লৈ ‘প্ৰধানমন্ত্ৰী ফচল বীমা পাঠশালা’ নামেৰে ৭ দিনীয়া আন এক অভিযানো চলোৱা হ’ব৷ এই দুয়োটা কাৰ্যসূচীৰ সফল ৰূপায়ণেৰে কৃষকক লাভান্বিত কৰিবলৈ চলোৱা প্ৰস্তুতিৰ অংশ হিচাপে আজি ধুবুৰী জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এখন বৈঠক অনুষ্ঠিত হয়৷ জিলা উন্নয়ণ আয়ুক্ত কান্তা দাসৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকখনত অভিযান দুটাৰ সফল ৰূপায়ণৰ বাবে গ্ৰহণ কৰিবলগীয়া পদক্ষেপৰ বিষয়ে পুংখানুপুংখভাৱে আলোচনা কৰা হয়৷ ‘কিষাণ ভাগিদাৰী প্ৰাথমিকতা হামাৰী’ শীৰ্ষক কাৰ্যসূচীৰ অধীনত হ’বলগীয়া প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ সকলো হিতাধীকাৰীক কিষাণ ক্ৰেডিট কাৰ্ড অৰ্থাৎ কেচিচি প্ৰদান কাৰ্যসূচী অহা ২৪ এপ্ৰিলত বিশেষ গ্ৰামসভাৰ জৰিয়তে আৰম্ভ হ’ব৷ এই গ্ৰামসভাত উপস্থিত থাকিবলগীয়া কৃষকক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাৰ্চুৱেল মাধ্যমেৰে সম্বোধন কৰিব৷ বৈঠকখনৰ পিছত জিলা উন্নয়ণ আয়ুক্তই এখন সংবাদমেল সম্বোধন কৰি দুয়োটা কাৰ্যসূচীৰ বিষয়ে সাংবাদিকক অৱগত কৰে৷

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like